পদপথৰ কুকুৰৰ ওপৰত সলনি হ’ব পাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিল্লী এন চি আৰৰ পৰা পদপথৰ সমূহ কুকুৰ আঁতৰাই নিয়াৰ নিৰ্দেশ দিছিল । এই কাম সম্পূৰ্ণ কৰিবলৈ প্ৰশাসনক ৮ সপ্তাহৰ সময়সীমা দিছিল আদালতে । ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত বহু লোকে প্ৰতিবাদত কৰাৰ বিপৰীতে বহু লোকে এই নিৰ্দেশক সমৰ্থন কৰিছে । ইয়াৰ পিছতেই এতিয়া মুখ্য ন্যায়াধীশে এই বিষয়টো পুনৰীক্ষণ কৰিবলৈ কৈছে ।
উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশে বিতৰ্কৰ সৃষ্টি কৰিছে । একাংশই ইয়াক শুদ্ধ বুলি কোৱাৰ বিপৰীতে আন কোনোবাই ভুল আখ্যা দিছে । উচ্চতম ন্যায়ালয়ে পশু জন্ম নিয়ন্ত্ৰণ বিধি (ABC Rules)কো সমালোচনা কৰি কয় যে সমাজে নিৰাপদ অনুভৱ কৰাৰ অধিকাৰ আছে ।
ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বহু অভিনেতা-অভিনেত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে । ইয়াৰ লগতে এই আদেশ বাতিল কৰিবলৈ দাবী জনাইছে । ইয়াৰ পিছতে এতিয়া এই বিষয়ত মুখ্য ন্যায়াধীশে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
এই সমগ্ৰ বিষয়টোৰ ওপৰত মুখ্য ন্যাধীশে বিষয়টো নিৰীক্ষণ কৰাৰ কথা উল্লেখ কৰে । চি জে আইৰ এই বক্তব্যৰ পিছত সকলো পশুপ্ৰেমীৰ মাজত আশাৰ সঞ্চাৰ হৈছে ।
মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে আন এখন বিচাৰপীঠে ইতিমধ্যে পদপথৰ কুকুৰ সন্দৰ্ভত এক নিৰ্দেশ গৃহীত কৰিছে । ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱনৰ বিচাৰপীঠে সোমবাৰে কয় যে কুকুৰে কামোৰা কাণ্ডই অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সকলো পদপথৰ কুকুৰক অতি সোনকালে স্থায়ীভাৱে স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিছিল ।
কি আছিল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ?
শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিল্লী-এন চি আৰত থকা পদপথৰ কুকুৰসমূহক আঠ সপ্তাহৰ ভিতৰত আশ্ৰয় গৃহলৈ স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিছিল । ইয়াৰ লগতে আদালতে স্পষ্টকৈ কৈছিল যে যদি কোনোবাই এই নিৰ্দেশৰ বিৰোধিতা কৰে তেন্তে তেওঁৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব । এই সমগ্ৰ কাম সম্পূৰ্ণ কৰিবলৈ প্ৰশাসনক ২ মাহৰ সময় দিয়া হৈছিল । ইয়াৰ উপৰিও এতিয়ালৈকে কিমান কুকুৰক আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা হৈছে তাৰ ৰেকৰ্ড ৰখাৰ নিৰ্দেশ দিছে আদালতে ।
লগতে পঢ়ক : মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিলে জন আব্ৰাহামে… পদপথৰ কুকুৰ সন্দৰ্ভত লোৱা সিদ্ধান্তত অসন্তুষ্ট জাহ্নৱী-বৰুণ