ব্ৰহ্মপুত্ৰত চীনে আৰম্ভ কৰিলে বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণৰ কাম
শনিবাৰে চীনে আনুষ্ঠানিকভাৱে অৰুণাচল প্ৰদেশৰ ভাৰত সীমান্তৰ সমীপৱৰ্তী তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত ১৬৭.৮ বিলিয়ন মাৰ্কিন ডলাৰৰ বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰে । চৰকাৰী তথ্য অনুসৰি চীনৰ প্ৰধানমন্ত্ৰী লি কেকিয়াঙে স্থানীয়ভাৱে ইয়াৰলুং জাংবো নামেৰে জনাজাত ব্ৰহ্মপুত্ৰ নদীৰ তলৰ অংশৰ নিয়িংচি চহৰত অনুষ্ঠিত এক অনুষ্ঠানত বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ।
চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি তিব্বত অঞ্চলৰ নিয়িংচিৰ মেইনলিং জলবিদ্যুৎ কেন্দ্ৰৰ বান্ধস্থলীত এই অনুষ্ঠান অনুষ্ঠিত হয় । বিশ্বৰ সৰ্ববৃহৎ আন্তঃগাঁথনি প্ৰকল্প বুলি গণ্য কৰা এই জলবিদ্যুৎ প্ৰকল্পই তলৰ দেশ, ভাৰত আৰু বাংলাদেশৰ বাবে চিন্তাৰ সৃষ্টি কৰিছে ।
প্ৰতিবেদনত কোৱা হৈছে যে এই প্ৰকল্পত পাঁচটা জল শক্তি কেন্দ্ৰ অন্তৰ্ভুক্ত কৰা হ’ব, য’ত মুঠ বিনিয়োগ প্ৰায় ১.২ ট্ৰিলিয়ন ইউয়ান (প্ৰায় ১৬৭.৮ বিলিয়ন মাৰ্কিন ডলাৰ) হ’ব বুলি অনুমান কৰা হৈছে ।
২০২৩ চনৰ এক প্ৰতিবেদন অনুসৰি এই জল শক্তি কেন্দ্ৰটোৱে প্ৰতি বছৰে ৩০০ বিলিয়ন কিলোৱাট ঘণ্টাৰো অধিক বিদ্যুৎ উৎপাদন কৰিব বুলি আশা কৰা হৈছে, যিটো ৩০ কোটিতকৈ অধিক লোকৰ বাৰ্ষিক প্ৰয়োজনীয়তা পূৰণৰ বাবে যথেষ্ট । ইয়াৰ জৰিয়তে মূলতঃ বাহ্যিক ব্যৱহাৰৰ বাবে বিদ্যুৎ যোগান ধৰাৰ লগতে চীনে আনুষ্ঠানিকভাৱে জিজাং বুলি কোৱা তিব্বতৰ স্থানীয় চাহিদা পূৰণ কৰিব ।
এই অনুষ্ঠানত ৰাষ্ট্ৰীয় উন্নয়ন আৰু সংস্কাৰ আয়োগ আৰু চীনৰ শক্তি নিৰ্মাণ নিগমকে ধৰি বিভিন্ন সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে । যোৱা বছৰৰ ডিচেম্বৰ মাহত এই প্ৰকল্পই অনুমোদন লাভ কৰিছিল ।
ব্ৰহ্মপুত্ৰ নদীয়ে বিশাল ইউ টাৰ্ণ লৈ অৰুণাচল প্ৰদেশ আৰু তাৰ পিছত বাংলাদেশত প্ৰৱেশ কৰা হিমালয়ৰ পৰ্বতমালাৰ বিশাল উপত্যকাটোৰ ওপৰেৰে নিৰ্মাণ হ’ব এই বান্ধ । পূৰ্বৰ খবৰ অনুসৰি এই প্ৰকল্পৰ আকাৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ বুলি বিবেচিত চীনৰ নিজা থ্ৰী গৰ্জেছ বান্ধকে ধৰি বিশ্বৰ আন আন্তঃগাঁথনি প্ৰকল্পতকৈ বহু বেছি হ’ব ।
ইতিমধ্যে চীনে ২০১৫ চনত তিব্বতৰ সৰ্ববৃহৎ ১.৫ বিলিয়ন মাৰ্কিন ডলাৰৰ জেম হাইড্ৰ’ পাৱাৰ ষ্টেচন আৰম্ভ কৰি ভাৰতত উদ্বেগ বৃদ্ধি কৰিছে ।
ভাৰতে উদ্বেগ প্ৰকাশ কৰিছে যে এই বান্ধৰ আকাৰ আৰু পৰিসৰৰ বাবে চীনক পানীৰ প্ৰবাহ নিয়ন্ত্ৰণৰ অধিকাৰ দিয়াৰ উপৰিও বেইজিঙে বৃহৎ পৰিমাণৰ পানী এৰি দিব পাৰিব, যাৰ ফলত যুদ্ধৰ সময়ত সীমান্ত অঞ্চল বানপানী হ’ব পাৰে । ভাৰতেও অৰুণাচল প্ৰদেশৰ ব্ৰহ্মপুত্ৰত বান্ধ নিৰ্মাণ কৰি আছে ।
ভাৰত আৰু চীনে ২০০৬ চনত সীমা অতিক্ৰম কৰা নদীৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ এক্সপাৰ্ট লেভেল মেকানিজম (ELM) স্থাপন কৰিছিল, যাৰ অধীনত চীনে বানপানীৰ সময়ত ব্ৰহ্মপুত্ৰ নদী আৰু ছুটলেজ নদীৰ জলবিজ্ঞানৰ তথ্য ভাৰতক প্ৰদান কৰে ।
লগতে পঢ়ক : জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ; শীঘ্ৰেই সাগৰৰ বুকুত ডুব যাব এইখন দেশ !