লছ এঞ্জেলছত হিংসাৰ দাৱানল
আমেৰিকাৰ লছ এঞ্জেলছ চহৰত প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ । চহৰখনত সংঘটিত হৈছে হিংসাত্মক ঘটনা । প্ৰতিবাদকাৰীয়ে এপলৰ শ্ব’ৰুমত লুটপাত সংঘটিত কৰে । বহু ঠাইত অগ্নিসংযোগৰ ঘটনা সংঘটিত হোৱাৰ লগতে হিংসাত্মক প্ৰতিবাদত লিপ্ত হৈছে প্ৰতিবাদকাৰী । চহৰখনত চলি থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মেয়ৰ কেৰেন বাছে লছ এঞ্জেলছৰ বহু ঠাইত কাৰ্ফিউ জাৰি কৰিছে ।
মেয়ৰ কেৰেন বাছে কয় যে নিশা ৮ বজাৰ পৰা পুৱা ৬ বজালৈ এই সান্ধ্য আইন প্ৰযোজ্য হ’ব আৰু কেইবাদিনো প্ৰযোজ্য হৈ থাকিব পাৰে । অৱশ্যে অঞ্চলটোত বাস কৰা আৰু কৰ্মৰত লোকৰ ক্ষেত্ৰত এই সান্ধ্য আইন প্ৰযোজ্য নহ’ব বুলিও কয় তেওঁ । ইফালে খবৰ অনুসৰি নিশাৰ ভাগত এখন এপল ষ্ট’ৰত মুখা পিন্ধা দুষ্কৃতিকাৰীয়ে লুটপাত কৰে ।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ য’ত কেইবাজনো মুখা পিন্ধা লোকে এপলৰ ষ্ট’ৰত সোমাই গেজেট লুট কৰা দেখা গৈছে । আৰক্ষী আহি পোৱাৰ লগে লগে বহু লোকে ষ্ট’ৰৰ পৰা পলাই যোৱা দেখা গৈছে । চহৰখনৰ মেয়ৰ কেৰেন বেছে এটা পোষ্টত লিখি এই হিংসাক গৰিহণা দিয়ে ।
ইয়াৰ পূৰ্বে চহৰখনত প্ৰতিবাদকাৰীয়ে বহু গাড়ীত অগ্নি সংযোগ কৰে । মহানগৰীৰ পৰিস্থিতি সংকটজনক হৈয়ে আছে । ইফালে ৰাষ্ট্ৰপতি ট্ৰাম্পে লছ এঞ্জেলছত আৰু ২০০০ নেশ্যনেল গাৰ্ড আৰু ৭০০ মেৰিনক নিয়োগ কৰাৰ নিৰ্দেশ দিছে । ইতিমধ্যে ইয়াত ২০০০ নেচনেল গাৰ্ড মোতায়েন কৰা হৈছে ।
ট্ৰাম্পৰ এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউছমে । গেভিনে কয় যে ট্ৰাম্পে কেলিফৰ্ণিয়াৰ গৱৰ্ণৰৰ ক্ষমতাত হস্তক্ষেপ কৰিছে ।
লছ এঞ্জেলছত কিয় সংঘটিত হৈছে হিংসা ?
উল্লেখ্য যে বিগত তিনিদিন ধৰি লছ এঞ্জেলছ প্ৰতিবাদ আৰু হিংসাৰ কবলত পৰিছে । ট্ৰাম্প প্ৰশাসনে অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ আৰম্ভ কৰাৰ পদক্ষেপৰ বিৰুদ্ধে এই হিংসাত্মক প্ৰতিবাদ আৰম্ভ হৈছে ।
অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা আমেৰিকাৰ সংস্থা আই চি ইয়ে কয় যে তেওঁলোকে এটা স্থানত ৪০ জনতকৈ অধিক সন্দেহযুক্ত অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিছে । আই চি ইৰ তথ্যৰ উদ্ধৃতি দি কয় যে শুকুৰবাৰে আই চি ই আৰু অন্যান্য সংস্থাই গ্ৰেটাৰ এল এ অঞ্চলত আন ৭৭ জন লোকক গ্ৰেপ্তাৰ কৰে ।
লগতে পঢ়ক : লছ এঞ্জেলছত অব্যাহত আছে বিশৃংখলতা; নেশ্যনেল গাৰ্ড নিয়োগ কৰাৰ পিছতো বন্ধ হোৱা নাই হিংসা