লছ এঞ্জেলছত আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ;  তিনিজনৰ মৃত্যু

লছ এঞ্জেলছত আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰত বিস্ফোৰণ

আমেৰিকাৰ লছ এঞ্জেলছত এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এই বিস্ফোৰণৰ ফলত কমেও তিনিজন লোক নিহত হয়।

স্থানীয় সংবাদ মাধ্যমে শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ৯ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়।লছ এঞ্জেলছৰ কাউন্টি শ্বেৰিফ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত সংঘটিত হয় এই ঘটনাটো।

জানিব পৰা মতে বোমা নিষ্কাশন দলৰ বাহনৰ সমীপতে এই বিস্ফোৰণটো সংঘটিত হৈছে। বৰ্তমান এই ঘটনাক দুৰ্ঘটনা হিচাপে তদন্ত কৰি থকা হৈছে আৰু আৰক্ষীয়ে বিস্ফোৰণৰ কাৰণ জানিবলৈ চেষ্টা চলাইছে।

আমেৰিকাৰ সময় অনুসৰি পুৱা প্ৰায় ৭:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো।এই দুৰ্ঘটনাত নিহত লোকসকলকো আৰক্ষী বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাৰ বলি হোৱা তিনিওজন আৰক্ষী জোৱান বোমা নিষ্কাশন দলৰে অংশ আছিল।

বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে প্ৰায় ২৫ গজ দূৰত ৰখাই থোৱা এটা ঘৰ ধ্বংস হৈ যায়। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বোমা নিষ্কাশন স্কোয়াডৰ জোৱানসকলে বিস্ফোৰক সামগ্ৰী কঢ়িয়াই লৈ ফুৰিছিল।

এই সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো। আৰক্ষীৰ লোকসকলে এতিয়া দুৰ্ঘটনাৰ কাৰণ জানিবলৈ চেষ্টা চলাইছে আৰু এতিয়ালৈকে বিস্ফোৰণৰ কাৰণ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই।

লগতে পঢ়ক: বাংলাদেশত শ্বেখ হাছিনা আৰু ইউনুছ সমৰ্থকৰ মাজত ৰক্তাক্ত সংঘৰ্ষ; ৪ জন নিহত

লছ এঞ্জেলছত হিংসাৰ দাৱানল; এপল ষ্ট’ৰ লুটিলে প্ৰতিবাদকাৰীয়ে, ৰাজপথত জুই আৰু হিংসা

লছ এঞ্জেলছত হিংসাৰ দাৱানল

আমেৰিকাৰ লছ এঞ্জেলছ চহৰত প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ । চহৰখনত সংঘটিত হৈছে হিংসাত্মক ঘটনা । প্ৰতিবাদকাৰীয়ে এপলৰ শ্ব’ৰুমত লুটপাত সংঘটিত কৰে । বহু ঠাইত অগ্নিসংযোগৰ ঘটনা সংঘটিত হোৱাৰ লগতে হিংসাত্মক প্ৰতিবাদত লিপ্ত হৈছে প্ৰতিবাদকাৰী । চহৰখনত চলি থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মেয়ৰ কেৰেন বাছে লছ এঞ্জেলছৰ বহু ঠাইত কাৰ্ফিউ জাৰি কৰিছে ।

মেয়ৰ কেৰেন বাছে কয় যে নিশা ৮ বজাৰ পৰা পুৱা ৬ বজালৈ এই সান্ধ্য আইন প্ৰযোজ্য হ’ব আৰু কেইবাদিনো প্ৰযোজ্য হৈ থাকিব পাৰে । অৱশ্যে অঞ্চলটোত বাস কৰা আৰু কৰ্মৰত লোকৰ ক্ষেত্ৰত এই সান্ধ্য আইন প্ৰযোজ্য নহ’ব বুলিও কয় তেওঁ । ইফালে খবৰ অনুসৰি নিশাৰ ভাগত এখন এপল ষ্ট’ৰত মুখা পিন্ধা দুষ্কৃতিকাৰীয়ে লুটপাত কৰে ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ য’ত কেইবাজনো মুখা পিন্ধা লোকে এপলৰ ষ্ট’ৰত সোমাই গেজেট লুট কৰা দেখা গৈছে । আৰক্ষী আহি পোৱাৰ লগে লগে বহু লোকে ষ্ট’ৰৰ পৰা পলাই যোৱা দেখা গৈছে । চহৰখনৰ মেয়ৰ কেৰেন বেছে এটা পোষ্টত লিখি এই হিংসাক গৰিহণা দিয়ে ।

ইয়াৰ পূৰ্বে চহৰখনত প্ৰতিবাদকাৰীয়ে বহু গাড়ীত অগ্নি সংযোগ কৰে । মহানগৰীৰ পৰিস্থিতি সংকটজনক হৈয়ে আছে । ইফালে ৰাষ্ট্ৰপতি ট্ৰাম্পে লছ এঞ্জেলছত আৰু ২০০০ নেশ্যনেল গাৰ্ড আৰু ৭০০ মেৰিনক নিয়োগ কৰাৰ নিৰ্দেশ দিছে । ইতিমধ্যে ইয়াত ২০০০ নেচনেল গাৰ্ড মোতায়েন কৰা হৈছে ।

ট্ৰাম্পৰ এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউছমে । গেভিনে কয় যে ট্ৰাম্পে কেলিফৰ্ণিয়াৰ গৱৰ্ণৰৰ ক্ষমতাত হস্তক্ষেপ কৰিছে ।

লছ এঞ্জেলছত কিয় সংঘটিত হৈছে হিংসা ?

উল্লেখ্য যে বিগত তিনিদিন ধৰি লছ এঞ্জেলছ প্ৰতিবাদ আৰু হিংসাৰ কবলত পৰিছে । ট্ৰাম্প প্ৰশাসনে অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ আৰম্ভ কৰাৰ পদক্ষেপৰ বিৰুদ্ধে এই হিংসাত্মক প্ৰতিবাদ আৰম্ভ হৈছে ।

অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা আমেৰিকাৰ সংস্থা আই চি ইয়ে কয় যে তেওঁলোকে এটা স্থানত ৪০ জনতকৈ অধিক সন্দেহযুক্ত অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিছে । আই চি ইৰ তথ্যৰ উদ্ধৃতি দি কয় যে শুকুৰবাৰে আই চি ই আৰু অন্যান্য সংস্থাই গ্ৰেটাৰ এল এ অঞ্চলত আন ৭৭ জন লোকক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক : লছ এঞ্জেলছত অব্যাহত আছে বিশৃংখলতা; নেশ্যনেল গাৰ্ড নিয়োগ কৰাৰ পিছতো বন্ধ হোৱা নাই হিংসা

লছ এঞ্জেলছত অব্যাহত আছে বিশৃংখলতা; নেশ্যনেল গাৰ্ড নিয়োগ কৰাৰ পিছতো বন্ধ হোৱা নাই হিংসা

লছ এঞ্জেলছত অব্যাহত আছে বিশৃংখলতা

আমেৰিকাৰ লছ এঞ্জেলছত অনুপ্ৰৱেশৰ বিষয়টোক লৈ চলি থকা হিংসাত্মক পৰিস্থিতি এতিয়াও বন্ধ হোৱা নাই । লছ এঞ্জেলছৰ ৰাজপথত বিশৃংখল পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে বহু ঠাইত বাহন পৰ্যন্ত জ্বলাই দিয়া দেখা গৈছে । ৰাষ্ট্ৰপতি ট্ৰাম্পে লছ এঞ্জেলছত নেচনেল গাৰ্ড মোতায়েনৰ নিৰ্দেশ দিছিল । কিন্তু নেচনেল গাৰ্ড নিয়োগ কৰাৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই ।

তৃতীয় দিনলৈ অব্যাহত আছে হিংসা-

প্ৰতিবাদকাৰীয়ে কেইবাখনো আৰক্ষীৰ বাহন জ্বলাই দিয়াৰ লগতে কেইবাটাও পথ অৱৰোধ কৰে । প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ আৰু ৰবৰৰ গুলী ব্যৱহাৰ কৰে । লছ এঞ্জেলছত হিংসা আৰম্ভ হোৱাৰ তিনিদিন পাৰ হৈ গৈছে আৰু নেশ্যনেল গাৰ্ডৰ নিয়োগে এই হিংসাক আৰু অধিক ইন্ধন যোগাইছে । দেওবাৰে বিয়লি ডাউনটাউনৰ মেট্ৰ’পলিটান ডিটেনচন চেণ্টাৰৰ বাহিৰত শ শ লোকৰ সমাগম হয় । কথিত অবৈধ অনুপ্ৰৱেশকাৰীক এই ডিটেনচন চেণ্টাৰত আবদ্ধ কৰি ৰখা হৈছে । প্ৰতিবাদকাৰীসকলে শ্লোগান দিয়ে । ইয়াৰ পিছতে আৰক্ষীয়ে বল প্ৰয়োগ কৰাত প্ৰতিবাদকাৰীসকল অধিক ক্ষুব্ধ হৈ পৰে । একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বাহনত শিলগুটি নিক্ষেপ কৰে ।

‘নেচনেল গাৰ্ড নিয়োগৰ ফলত উদ্ভৱ হয় হিংসা’

কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউছমে ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ এখন পত্ৰ লিখি নেশ্যনেল গাৰ্ডক আঁতৰোৱাৰ দাবী জনাইছে । গেভিন নিউছমে লিখিছে যে নেশ্যনেল গাৰ্ডৰ নিয়োগে চহৰখনত উত্তেজনা বৃদ্ধি কৰিছে । তেওঁ নেচনেল গাৰ্ড মোতায়েনক ৰাজ্যৰ সাৰ্বভৌমত্বৰ গুৰুতৰ উলংঘা বুলি অভিহিত কৰে । কেলিফৰ্ণিয়াৰ সাংসদ নেনেট বাৰ্গানেও ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেশ্যনেল গাৰ্ড নিয়োগ কৰাৰ সিদ্ধান্তক সমালোচনা কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে নাগৰিকৰ মাজত অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে বুলিও কয় তেওঁ । সাংসদগৰাকীয়ে কয় যে লছ এঞ্জেলছৰ আৰক্ষী বিভাগে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম । লগতে প্ৰতিবাদকাৰীসকলক আইন হাতত নল’বলৈ আৰু শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ।

দেশখনৰ বিভিন্ন স্থানত অনুসন্ধান অভিযান চলাই অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিছে বিভাগে । লছ এঞ্জেলছত যোৱা সপ্তাহতো ইমিগ্ৰেচন বিভাগে ১১৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ বাবেই অনুপ্ৰৱেশ বিভাগৰ ডিটেনচন চেণ্টাৰৰ বাহিৰত সামাজিক সংগঠন আৰু স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে । এই প্ৰতিবাদৰ সময়তে হিংসাত্মক ঘটনা সংঘটিত হয় । দেওবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ আৰু লছ এঞ্জেলছৰ মেয়ৰক অযোগ্য বুলি অভিযোগ কৰি হিংসা নিয়ন্ত্ৰণৰ বাবে নেশ্যনেল গাৰ্ড নিয়োগ কৰাৰ সিদ্ধান্ত লয় ।

লগতে পঢ়ক : ইউক্ৰেইনত পুনৰ ধ্বংসলীলা চলালে ৰাছিয়াই; ড্ৰোন আৰু মিছাইলেৰে চলালে তাণ্ডৱ

এইবাৰ লছ এঞ্জেলছৰ উত্তৰত বনজুইৰ তাণ্ডৱ, ৫০ হাজাৰ লোকক স্থানান্তৰ কৰাৰ নিৰ্দেশ

দক্ষিণ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ ভয়ংকৰ বনজুই দিনক দিনে অধিক ভয়ানক হৈ পৰিছে । “হিউজ ফায়াৰ” নামৰ এই দ্ৰুতগতিত বিয়পি পৰা জুইয়ে তাত থকা লোকসকলৰ বাবে এক বৃহৎ দুৰ্যোগ হিচাপে পৰিগণিত হৈছে । ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ যে মানুহে ঘৰ এৰি যাবলৈ বাধ্য হৈছে । ইফালে, অগ্নিকাণ্ডৰ প্ৰভাৱ ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে আৰু ৫০ হাজাৰ লোকক অঞ্চলটোৰ পৰা উলিয়াই অনাৰ নিৰ্দেশ জাৰি কৰা হৈছে ।

উল্লেখ্য যে হিউজেছ ফায়াৰ পুৱা দেৰিকৈ সংঘটিত হৈছিল আৰু কেইঘণ্টামানৰ ভিতৰতে ৩৯ বৰ্গ কিলোমিটাৰতকৈও অধিক গছ-গছনি জ্বলি গৈছিল । ইয়াৰ বাবেই কেষ্টেইক হ্ৰদৰ ওচৰত ক’লা ধোঁৱাৰ ঢৌ উঠি অহা দেখা গৈছিল । কাউন্টিৰ শ্বেৰিফ ৰবাৰ্ট লুনাই কয় যে ৩১ হাজাৰতকৈ অধিক লোকক খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু আন ২৩ হাজাৰ লোকক স্থানান্তৰ কৰিবলৈ সকীয়াই দিয়া হৈছে ।

বতৰ বিজ্ঞান বিভাগৰ তথ্য-

ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই বনজুইৰ তথ্য প্ৰদান কৰিছে । ইয়াত কোৱা হৈছে যে বিয়লি অঞ্চলটোত বতাহৰ গতিবেগ ঘণ্টাত ৬৭ কিলোমিটাৰ আছিল যদিও সন্ধিয়া আৰু বৃহস্পতিবাৰে ঘণ্টাত ৯৬ কিলোমিটাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছিল । লগতে এল এ কাউন্টিৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী এণ্টনি মেৰনে কয় যে জুই নিয়ন্ত্ৰণ কৰাটো কঠিন যদিও অগ্নিনিৰ্বাপক বাহিনীয়ে ইয়াক নিয়ন্ত্ৰণ কৰিছে ।

৫টা আন্তঃৰাজ্যিক ঘাইপথ বন্ধ-

লছ এঞ্জেলছত সংঘটিত হোৱা জুইৰ শেহতীয়া আপডেট অনুসৰি আন্তঃৰাজ্যিক ৫টা ঘাইপথৰ ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা অংশ বন্ধ কৰি দিয়া হৈছিল কাৰণ জুই পাহাৰৰ তললৈ বিয়পি পৰিছিল । প্ৰচণ্ড বতাহৰ বাবে জুইৰ বিস্তাৰৰ গতি আৰু অধিক বৃদ্ধি পাইছে । আন এটা সমস্যা হ’ল আগন্তুক কেইদিনমানৰ ভিতৰত বতাহ তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে ।

লছ এঞ্জেলছৰ মেয়ৰৰ সতৰ্কবাণী-

লছ এঞ্জেলছৰ জনসাধাৰণৰ বাবে এতিয়া জুই একমাত্ৰ ভাবুকি নহয় । এই জুইৰ বাবে বহু ঠাইৰ বতাহত ছাই আৰু ক্ষতিকাৰক পদাৰ্থ থাকে, যাৰ ফলত মানুহৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে । এই সন্দৰ্ভত লছ এঞ্জেলছৰ মেয়ৰ কেৰেন বেছে সকীয়াই দিয়ে যে অগ্নিকাণ্ডৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে হট স্পটত কাম কৰি আছে । লগতে এই জুই দক্ষিণ কেলিফৰ্ণিয়াত এক ডাঙৰ সমস্যাত পৰিণত হৈছে আৰু বহু অট্টালিকা আৰু ঘৰ জ্বলি গৈছে । এই অগ্নিকাণ্ডত ২৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ অট্টালিকা ধ্বংস হৈছে ।

জ্বলি শেষ হ’ল কোটিটকীয়া চহৰ; ধ্বংসস্তুপত পৰিণত লছ এঞ্জেলছ

হলিউডৰ বাবে, লছ এঞ্জেলছ সমগ্ৰ বিশ্বৰ বাবে পৰিচিত।৩৫ কিমি আৰু ৩২১,০০০ একৰত বিস্তৃত, চহৰখনৰ জনসংখ্যা ৩.৮ নিযুত।এই চহৰখন যাৰ উজ্জ্বলতাই গোটেই পৃথিৱীখনক চমৎকাৰ কৰি তোলে।

ডাঙৰ তাৰকা ,কোটিপতি আৰু বিলিয়নেয়াৰৰ বিলাসী আৰু ব্যয়বহুল ঘৰবোৰ এই চহৰখনত আছে। একেখন চহৰৰ দ্বিতীয় খন ছবিয়ে যোৱা এসপ্তাহ ধৰি গোটেই পৃথিৱীৱে প্ৰত্যক্ষ কৰি আছে।

ইয়াৰ চলচ্চিত্ৰৰ দ্বাৰা পৰ্দাত জুই লগোৱা হলিউড আজি জুইৰ কবলত পৰিছে। মাত্ৰ ৭ দিনত লছ এঞ্জেলছৰ ৩,২১,০০০ একৰ মাটি তৎক্ষণাৎ ৪০,০০০ একৰ মাটি ধ্বংস হোৱা দেখিবলৈ পোৱা গৈছে।

এই জুইৰ বাবে ডাঙৰ তাৰকাসকল গৃহহীন হৈ পৰিছিল।হাজাৰ হাজাৰ ঘৰ জ্বলি গৈছিল।১০ দিনৰ ভিতৰত এই অগ্নিকাণ্ডত প্ৰায় ২৫০ বিলিয়ন আমেৰিকান ডলাৰ অৰ্থাৎ ২০ লাখ কোটি টকাৰ সম্পত্তি ধ্বংস হৈছে।

এই পৰিমাণটো ৩ বছৰৰ ভাৰতীয় প্ৰতিৰক্ষা বাজেটতকৈ বহু বেছি। লছ এঞ্জেলছে যোৱা ১০ দিন ধৰি জুই জ্বলি আছে। ধবংসস্তুপত পৰিণত হৈছে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছ।

যুদ্ধ বিধবস্ত গাজাত সৃষ্টি হোৱা পৰিবেশৰ অন্তৰালত আছিল মানুহে সৃষ্টি কৰা যুদ্ধ আৰু কেলিফৰ্ণিয়াৰ পৰিবেশৰ অন্তৰালত আছে প্ৰকৃতি। ১ লাখ ৭০ হাজাৰতকৈও অধিক লোকে এৰিবলগীয়া হৈছে ঘৰ-দুৱাৰ।

এই জুইৰ ফলত ২৭ গৰাকীকৈ লোকৰ মৃত্যু হৈছে। বতাহ কমিছে যদিও বৰ্তমানেও নিৰ্বাপিত হোৱা নাই বনজুই। যুদ্ধ-বিধবস্ত কোনো এক অঞ্চলৰ দৰে পৰিবেশৰ সৃষ্টি হৈছে কেলিফৰ্ণিয়াত

বতাহৰ দিশৰ পৰিৱৰ্তনে বৃদ্ধি কৰিছে আমেৰিকাৰ চিন্তা ! লছ এঞ্জেলছত আৰু অধিক বিয়পি পৰিছে বনজুই…

কেলিফৰ্ণিয়াৰ বনজুইত এতিয়ালৈকে লছ এঞ্জেলছত ১৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১২ হাজাৰৰো অধিক অট্টালিকা জ্বলি গৈছে । অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ বাবে সংগ্ৰাম কৰি আছে । যদিও ইটন আৰু পেলিছাডছৰ জুই নিয়ন্ত্ৰণত কিছু সফলতা লাভ কৰা হৈছে, তথাপিও প্ৰচণ্ড বতাহে জুই নিয়ন্ত্ৰণ কৰাত অসুবিধাৰ সৃষ্টি কৰিছে ।

প্ৰচণ্ড বতাহৰ ফলত এই জুই ছান ফ্ৰান্সিস্কো চহৰতকৈও ডাঙৰ, ৩৯ হাজাৰ একৰতকৈও অধিক মাটিত বিয়পি পৰিছে । পেলিছাডেছ অগ্নিকাণ্ডত ২২,৬৬০ একৰ ভূমি জ্বলি যায় । আনহাতে ৫৩০০ৰো অধিক অট্টালিকা ধ্বংস বা ক্ষতিগ্ৰস্ত হৈছে । প্ৰচণ্ড বতাহৰ বাবে জুই নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছে । শুকান গছ-গছনিয়ে জুইৰ ইন্ধনৰ কাম কৰি আছে । ১ লাখ ৫৩ হাজাৰৰো অধিক লোকক খালী কৰা হৈছে । তাৎক্ষণিকভাৱে বিপদত পৰিছে ৫৭ হাজাৰ নিৰ্মাণ ।

প্ৰধান প্ৰভাৱিত অঞ্চল-

পেচিফিক পেলিছাডছত ২২ হাজাৰ একৰ মাটিত জুই জ্বলি উঠিছে । ৫ হাজাৰৰো অধিক নিৰ্মাণ ধ্বংস হোৱাৰ বিপৰীতে ৪২৬টা ঘৰ জ্বলি যায় । মাত্ৰ ১১% জুই নিয়ন্ত্ৰণ কৰা হৈছে । পেলিছাডছৰ বনজুইৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে জুইৰ ধ্বংসলীলা । ছান ফাৰ্নাণ্ডো ভেলী আৰু ব্ৰেণ্টউডৰ দৰে আড়ম্বৰপূৰ্ণ অঞ্চল এতিয়াও বিপদত আছে । ৪০৫ ফ্ৰীৱে’ৰ কাষ চাপিছে বনজুই ।

সন্ধানহীন হোৱা লোকৰ সংখ্যা-

এতিয়াও সন্ধানহীন হৈ আছে ১৩জন লোক । ডগ স্কোয়াডৰ সৈতে চাৰ্চ অপাৰেচন অব্যাহত আছে । লছ এঞ্জেলছৰ বনজুইৰ ফলত হোৱা আনুমানিক ক্ষতিৰ পৰিমাণ ১৩৫–১৫০ বিলিয়ন ডলাৰ হোৱাৰ অনুমান কৰা হৈছে । মেক্সিকোৱেও কেলিফৰ্ণিয়াত সাহায্য আৰু উদ্ধাৰ অভিযানত কানাডাৰ সৈতে যোগ দিছে । মেক্সিকোৰ পৰা অহা ১৪ হাজাৰতকৈ অধিক অগ্নিনিৰ্বাপক বাহিনী পেলিছাডছৰ অগ্নিকাণ্ডৰ বিৰুদ্ধে যুঁজিবলৈ আমেৰিকাৰ ৰাজ্যখনত আছে ।

ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰতিক্ৰিয়া-

ৰাষ্ট্ৰপতি জো বাইডেনে বনজুইত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ফেমা (ফেডাৰেল ইমাৰ্জেন্সি মেনেজমেণ্ট এজেন্সী)ৰ জৰিয়তে সহায়ৰ নিৰ্দেশ দিছে । এই বনজুইক তেওঁলোকে দুৰ্যোগ ঘোষণা কৰিছে । চৰকাৰী সাহায্যৰ সমন্বয়ৰ বাবে ৰাজ্য আৰু স্থানীয় বিষয়াসকলৰ সৈতে কথা পাতে বাইডেনে ।

ট্ৰাম্পৰ সঁহাৰি-

ট্ৰাম্পে এই অগ্নিকাণ্ডৰ বাবে লছ এঞ্জেলছৰ বিষয়াসকলক লক্ষ্য কৰি লৈছে । তেওঁ ট্ৰুথ ছ’চিয়েলত ৰাজনীতিবিদসকলক অযোগ্য বুলি অভিহিত কৰে । তেওঁ আৰু কয়, “তেওঁলোকে জুই নুমুৱাব নোৱাৰে । তেওঁলোকৰ কি হৈছে ?”

লছ এঞ্জেলছৰ বনজুইৰ ১০টা ডাঙৰ আপডেট-

১. পেলিছাডছৰ অগ্নিকাণ্ডৰ ফলত ২২ হাজাৰ একৰতকৈও অধিক ভূমি ক্ষতিগ্ৰস্ত হৈছে ।

২. জুইৰ ধুমুহাই আশংকা আৰু উদ্বেগ বৃদ্ধি কৰিছে ।

৩. ১৩ জন লোক এতিয়াও নিৰুদ্দেশ, অব্যাহত আছে অনুসন্ধান অভিযান ।

৪. অৰ্থনৈতিক লোকচান ১৩৫–১৫০ বিলিয়ন ডলাৰ হ’ব বুলি অনুমান কৰা হৈছে ।

৫. ফেমাৰ জৰিয়তে দুৰ্যোগ সাহায্য ঘোষণা ৰাষ্ট্ৰপতি বাইডেনৰ ।

৬. প্ৰচণ্ড বতাহৰ বাবে জুই নিয়ন্ত্ৰণ কৰাটো প্ৰত্যাহ্বানজনক ।

৭. ব্ৰেণ্টউড আৰু ৪০৫ ফ্ৰীৱেৰ দৰে মূল অঞ্চলৰ প্ৰতি ভাবুকি ।

৮. ৩৯,০০০ একৰতকৈ অধিক অঞ্চল ক্ষতিগ্ৰস্ত হৈছে ।

৯. আন্তঃৰাষ্ট্ৰীয় সাহায্য, অগ্নিনিৰ্বাপক আৰু সঁজুলিৰ সহায় ।

১০. যোৱা ৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা অগ্নিকাণ্ড এসপ্তাহৰ পাছতো নিয়ন্ত্ৰণ কৰিব পৰা নাই ।

লংকাৰ দৰে জ্বলি আছে লছ এঞ্জেলছ ; মৃত্যুৰ সংখ্যা ১৬ লৈ বৃদ্ধি

লছ এঞ্জেলছৰ জুইয়ে সমগ্ৰ আমেৰিকাক জোকাৰি গৈছে। প্ৰায় ৫ দিন ধৰি জ্বলি থকা জুই বাঢ়ি গৈ আছে। এই জুয়ে এতিয়া দক্ষিণ কেলিফৰ্ণিয়াকো আগুৰি ধৰিছে। পালিচাডেচ অৰণ্যৰ পৰা জুই পূবলৈ দ্ৰুতগতিত আগবাঢ়িছে।

গোটেই চহৰখন লংকাৰ দৰে অসহায়ভাৱে জ্বলি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা জুই নুমুৱাবলৈ কৰা প্ৰতিটো প্ৰচেষ্টা এতিয়ালৈকে অপৰ্যাপ্ত বুলি প্ৰমাণিত হৈছে। এই ভয়ংকৰ অগ্নিকাণ্ডত নিহতৰ সংখ্যা এতিয়া ১৬ লৈ বৃদ্ধি পাইছে।

আমেৰিকাই বনজুই নিৰ্বাপিত কৰিবৰ বাবে বিমানৰ জৰিয়তে পানী ছটিওৱা হৈছে। এই জুই কঢ়িয়াই অনাত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছে লছ এঞ্জেলছত প্ৰতি ঘণ্টাত প্ৰায় ১১০ কিলোমিটাৰ বেগত বলা বতাহে। তীব্ৰ বতাহৰ বাবে পৰিস্থিতি অধিক বেয়া হোৱাৰ আশংকা বৃদ্ধি কৰিছে।

যোৱা ২৪ ঘণ্টাত, পালিচাডেছৰ জুইত প্ৰায় ১,০০০ একৰ মাটি জ্বলি জ্বলি শেষ হৈছে। হাজাৰ হাজাৰ ঘৰ জ্বলি গৈছিল।

লছ এঞ্জেলছ কাউণ্টি চিকিৎসা পৰীক্ষকৰ কাৰ্যালয়ে জনোৱা অনুসৰি মঙলবাৰৰ পৰা লছ এঞ্জেলছ কাউণ্টি চুবুৰীয়া অঞ্চলত কমেও ১৬ জন লোকৰ মৃত্যু হৈছিল।

অগ্নি নিৰ্বাপক বিষয়াসকলে কৈছিল যে জুইৰ ফলত ১২,০০০ অট্টালিকা ক্ষতিগ্ৰস্ত বা ধ্বংস হৈছিল।কমেও ১৩ জন লোক সন্ধানহীন বুলি ধাৰণা কৰা হৈছে।  মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

কেল ফায়াৰৰ বিষয়া টড হপকিন্সে এখন সংবাদ সন্মিলনত কৈছিল যে পালিচাডেছৰ দাবানলৰ ১১% এতিয়া নিয়ন্ত্ৰণ কৰা হৈছে, কিন্তু ২২,০০০ একৰতকৈও অধিক জ্বলি শেষ গৈছে।

হপকিন্সে ৰাইজক সতৰ্ক কৰি দিছিল যে জুই যি বিপদজনক গতিত আগবাঢ়ি ছে, এনে লাগে যে পালিচাডেছৰ জুই মেণ্ডেভিল কেনিয়ন চুবুৰীয়াঅঞ্চললৈ বিয়পিব পাৰে আৰু এতিয়া ব্ৰেণ্টউড আৰু ফাৰ্নাণ্ডো উপত্যকাত উপস্থিত হ’ব পাৰে, য’ত চেলিব্ৰেটী আৰু তেওঁলোকৰ খেলপথাৰ আছে।

আমেৰিকাত বনজুইয়ে লৈছে বিধ্বংসী ৰূপ; ১ লাখতকৈ অধিক লোকক স্থানান্তৰ আনহাতে ১০জন লোকৰ মৃত্যু!

শেহতীয়া তথ্য অনুসৰি প্ৰশান্ত মহাসাগৰীয় উপকূলৰ পৰা পাছাডেনালৈকে জনগোষ্ঠীসমূহক বিধ্বস্ত কৰা বনজুইত কমেও ৭জন লোকে প্ৰাণ হেৰুৱাইছে। ৭ জানুৱাৰীত সংঘটিত হোৱা ধ্বংসাত্মক বনজুইৰ পিছতো লছ এঞ্জেলছ অঞ্চলটো এতিয়াও সীমাবদ্ধ হৈ আছে, যি প্ৰচণ্ড বতাহৰ বাবে ব্যাপকভাৱে সম্প্ৰসাৰিত হৈছিল। বৃহস্পতিবাৰলৈকে জুই তীব্ৰভাৱে জ্বলি থকাৰ ফলত অঞ্চলটো উদ্বিগ্ন হৈ পৰিছে আৰু অধিক ধ্বংসৰ বাবে সাজু হৈছে।

ধ্বংসলীলাৰ ছবিত দেখা গৈছিল বিলাসী ঘৰ যিবোৰ জ্বলি থকা জুইকুৰাৰ ঘূৰ্ণীবতাহত ভাঙি পৰিছিল। চুইমিং পুল কুঁৱলীৰে ক’লা হৈ পৰিছিল আৰু স্প’ৰ্টছ গাড়ীবোৰ গলি যোৱা টায়াৰৰ ওপৰত পৰিছিল। পেৰিছ হিল্টন, মেণ্ডী মূৰ আৰু কেৰী এলৱেছকে ধৰি হলিউডৰ তাৰকাসকলে ঘৰ হেৰুৱাইছে।এই ভয়াৱহ পৰিস্থিতিৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কেলিফৰ্ণিয়াক এই বনজুইৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিবলৈ অতিৰিক্ত ধনৰ অনুমোদন জনাই কয় যে এই জুই হৈছে “লছ এঞ্জেলছত এতিয়ালৈকে হোৱা আটাইতকৈ বেয়া বনজুই।
 

এফালৰ পৰা ছাই হৈ গৈছে লছ এঞ্জেলছ; ধ্বসস্তুপত পৰিণত আৱাসীক এলেকা, দাউ দাউ কৈ জ্বলিছে আমেৰিকা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ অৰণ্যত অগ্নিকাণ্ড নিৰন্তৰ ভাৱে বৃদ্ধি পাইছে। প্ৰথমে, প্ৰশান্ত মহাসাগৰীয় পালিচাডেছৰ লগে বনজুইয়ে নিমিষতে আৰু ছয়খন অৰণ্য ইয়াৰ কবললৈ আনে।

এই বনজুই কেৱল অৰণ্যতে সীমাবদ্ধ হোৱাৰ পৰিৱৰ্তে বৃহৎ পৰিমাণে আৱাসিক এলেকাও ধ্বংস কৰিছে।জুইৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ আনুমানিক ৫০ বিলিয়ন ডলাৰ। এই বনজুইত মৃত্যুৰ সংখ্যাও ৭ লৈ বৃদ্ধি পাইছে।

এই জুইক কেলিফৰ্ণিয়াৰ ইতিহাসৰ দ্বিতীয় সৰ্বাধিক ধ্বংসাত্মক জুই বুলি কোৱা হয়।জুই ২৯০০ একৰত বিয়পি আছে আৰু ইয়াৰ পৰিসৰ নিৰন্তৰ ভাৱে বৃদ্ধি পাইছে। এই জুইয়ে হলীউডত এক হুলস্থূলৰ সৃষ্টি কৰিছে। কমলা হেৰিছৰ পৰা পেৰিছ হিল্টন, জেমি লী কাৰ্টিছ, টম হেংকছ আৰু মেণ্ডি মূৰলৈকে, চেলিব্ৰিটিসকলৰ ঘৰবোৰ ভাবুকিৰ সন্মুখীন হৈছে।

লছ এঞ্জেলছৰ অগ্নি নিৰ্বাপক বিভাগৰ মতে, আটাইতকৈ ডাঙৰ জুই হৈছে পালিচাডেছ বনাঞ্চলত।এই অগ্নিকাণ্ডত ২০,০০০ একৰ এলেকা জ্বলি গৈছে। এই অৰণ্যৰ ছয় শতাংশ নিৰ্বাপিত বাকী বনজুই এতিয়াও নিয়ন্ত্ৰণ কৰিব পৰা নাই।অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰন্তৰ পানীৰ অভাৱৰ সৈতে যুঁজি আছে।

জুই নুমুৱাবলৈ ৬০ টাতকৈও অধিক কোম্পানীক সেৱা তৈয়াৰ কৰা হৈছে।এতিয়ালৈকে, জুইৰ ফলত প্ৰায় দুই লাখ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে।