শিকাটোও আপোনাৰ এক দায়িত্ব,তেতিয়াহে সফল হ’ব আপোনাৰ কেৰিয়াৰ
বেছিভাগ মানুহেই নিজৰ কামত বহু সময়, শক্তি আৰু কষ্ট খৰচ কৰে । ভালদৰে চালে ইয়াতেই আপুনি শিকিবলৈ আৰু আগবাঢ়িবলৈ সুযোগ পায় । কিন্তু এতিয়াও মানুহ ইয়াত ইমানেই ব্যস্ত হৈ পৰে যে কেৰিয়াৰত নিজৰ বিকাশক গুৰুত্ব দিবলৈ সক্ষম নহয় যিটো কোনো কাৰণতে ভাল নহয় । মনত ৰাখিব, নতুন পৰিৱৰ্তনৰ লগত খাপ খুৱাবলৈ সাজু, অবিৰতভাৱে শিকিবলৈ আৰু নিজকে উন্নত কৰিবলৈ সাজুসকলেহে পৰিৱৰ্তিত পেছাদাৰী পৰিৱেশত জীয়াই থাকিব পাৰে ।
গতিকে এটা কথা নিশ্চিত যে যিজনে শিকিব জানে, পাহৰিলে পুনৰ শিকিব জানে তেওঁহে ভৱিষ্যতে আগবাঢ়ি যাব পাৰিব । এনে পৰিস্থিতিত যদি আপুনিও বিচাৰে যে সময়ৰ লগে লগে আপোনাৰ কেৰিয়াৰ উন্নত হৈ থাকক, তেন্তে আপুনি আপোনাৰ শিক্ষণ অভ্যাসক শক্তিশালী কৰিব লাগিব । ইয়াৰ বাবে কিছুমান উন্নত উপায় আছে ।
কিতাপৰ বাহিৰেও আন মানুহৰ পৰা শিকক-
আপোনাৰ চৌপাশৰ মানুহবোৰ আপোনাৰ বাবে জ্ঞানৰ এক বিশাল ভঁৰাল হ’ব পাৰে, যদিহে আপোনাৰ শিকাৰ ইচ্ছা থাকে । আপোনাৰ লগত কাম কৰা কোনোবা হওক, আন বিভাগৰ মানুহ হওক বা বেলেগ পেছাৰ কোনোবা হওক, আপুনি সকলোৰে পৰা শিকিব পাৰে । ইয়াৰ বাবে বৈচিত্ৰময় নেটৱৰ্ক আৰু শিক্ষণ সম্প্ৰদায় গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ । লগতে প্ৰতিমাহে নতুন নতুন মানুহ লগ কৰিবলৈ চেষ্টা কৰক আৰু প্ৰতিটো কথা-বতৰাৰ শেষত এই প্ৰশ্নটো সুধিবলৈ নাপাহৰিব, আৰু কোনোবা আছে নেকি যাক মই লগ পোৱাটো উপযোগী ? ইয়াৰ দ্বাৰা আপোনাৰ চিন্তাৰ পৰিসৰ বৃদ্ধি হোৱাই নহয়, নতুন দৃষ্টিভংগী জানিবলৈও সুযোগ পোৱা যাব ।
প্ৰতিদিনে নতুন কিবা এটা চেষ্টা কৰক-
শিকাৰ আটাইতকৈ উত্তম উপায় হ’ল পৰীক্ষা-নিৰীক্ষা কৰি থকা । ইয়াৰ বাবে আপোনাৰ কামত নতুন সঁজুলি চেষ্টা কৰক, আপোনাৰ উপস্থাপনত বিভিন্ন কৌশল ব্যৱহাৰ কৰক আৰু আপুনি কথা কোৱাৰ ধৰণ সলনি কৰক । প্ৰতিটো পৰীক্ষা শিকাৰ উদ্দেশ্যেৰে কৰক আৰু তাৰ পৰা কি শিকিলে জানিবলৈ চেষ্টা কৰক । মনত ৰাখিব প্ৰতিটো পৰীক্ষাই এটা শিক্ষণৰ সুযোগ, সেয়া সফল হওক বা অসফল হওক । গতিকে, কোনো পৰীক্ষা বিফল হ’লে নিৰুৎসাহিত নহ’ব ।
প্ৰশ্নবোৰৰ মাজত সমাধান লুকাই আছে-
প্ৰেৰণাদায়ক প্ৰশ্ন সুধিবলৈ শিকক, যেনে মই এই কামটো কেনেকৈ কৰিব পাৰো ? মোৰ ভুলবোৰ কেনেকৈ শুধৰাব পাৰো ? নতুন কিবা এটা চেষ্টা কৰিলে কি হ’ব ? এই কামটো মই কেনেকৈ ভালকৈ কৰিব পাৰো ? ইত্যাদি এনে প্ৰশ্নই আপোনাৰ সৃষ্টিশীল চিন্তাধাৰা বৃদ্ধি কৰে আৰু কাম কৰাৰ নতুন পদ্ধতি বিচাৰি উলিয়াবলৈ অনুপ্ৰাণিত কৰে । লগতে প্ৰেৰণাদায়ক প্ৰশ্নক ফলপ্ৰসূ কৰিবলৈ আন কাৰোবাক প্ৰশ্ন সুধিব আৰু উত্তৰ দিব ।
সৰু সৰু সফলতাতো সুখী হওক-
যদি কোনো কামত তথা কেৰিয়াৰত আপোনাৰ অগ্ৰগতি লেহেমীয়া হয়, তেন্তে নিৰুৎসাহিত নহ’ব । দুসপ্তাহৰ বাবে প্ৰতিটো দিনৰ শেষত আপোনাৰ তিনিটা সৰু সৰু সফলতা লিখি থওক, সেয়া মতামত বিচৰাই হওক বা কাৰোবাক সহায় কৰাই হওক । দুসপ্তাহৰ পিছত আপোনাৰ হাতত ৪২টা সফলতাৰ তালিকা থাকিব, যিয়ে আপোনাক উদযাপনৰ কাৰণ দিব আৰু লগতে আগবাঢ়ি যাবলৈও উৎসাহিত কৰিব ।
লগতে পঢ়ক : NEET পৰীক্ষাত নিৰ্বাচিত হ’বলৈ পাব লাগিব কিমান নম্বৰ ?প্ৰতি বছৰে কিমান থাকে আসন?