ছাত্ৰ-ছাত্ৰীক কেৰিয়াৰ গাইডেন্স প্ৰদান কৰিব এ আইয়ে; শিক্ষা মন্ত্ৰালয়ৰ মাই কেৰিয়াৰ এডভাইজাৰ এপ মুকলি

ছাত্ৰ-ছাত্ৰীক কেৰিয়াৰ গাইডেন্স প্ৰদান কৰিব এ আইয়ে

শিক্ষা মন্ত্ৰালয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে এক নিৰ্দিষ্ট কেৰিয়াৰ গাইডেন্স এপ মুকলি কৰিছে, যিয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক সঠিক কেৰিয়াৰ বাছনি কৰাত পথ প্ৰদৰ্শন কৰিব । ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ ৫ বছৰীয়া জয়ন্তী উপলক্ষে জুলাই মাহত সৰ্বভাৰতীয় সন্মিলনৰ সময়ত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল “মাই কেৰিয়াৰ এডভাইজাৰ” নামৰ এপটো ।

এই এপটোৱে ছাত্ৰ-ছাত্ৰীসকলক এ আই-মেচড কেৰিয়াৰ পথ, শ্বেয়াৰযোগ্য প্ৰতিবেদন আৰু বিশদ প্ৰস্তুতিৰ পৰামৰ্শ প্ৰদান কৰিব, যাৰ ফলত তেওঁলোকে আত্মবিশ্বাস আৰু স্পষ্টতাৰে ১৫০০ৰো অধিক কেৰিয়াৰ বিকল্প অন্বেষণ কৰিব পাৰিব ।

এন চি ই আৰ টিয়ে ব্যাখ্যা কৰে যে “মাই কেৰিয়াৰ এডভাইজাৰ” হৈছে ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক আৰু পৰামৰ্শদাতাসকলৰ বাবে এক কেৰিয়াৰ গাইডেন্স আৰু সজাগতা মঞ্চ । ই কেৰিয়াৰ অন্বেষণক সহজ, ইন্টাৰেক্টিভ আৰু সকলোৰে বাবে সুলভ কৰি তোলে ।

এপৰ বৈশিষ্ট্যসমূহ-

-ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, ক্ষমতা, মূল্যবোধ আৰু অন্যান্য কাৰকৰ ওপৰত ভিত্তি কৰি এ আই-চালিত কেৰিয়াৰৰ পৰামৰ্শ ।

-কেৰিয়াৰৰ পথ, পাঠ্যক্ৰম আৰু প্ৰতিষ্ঠানৰ সৈতে জড়িত ব্যক্তিগতকৃত নিৰ্দেশনা ।

-অভিভাৱক, শিক্ষক আৰু পৰামৰ্শদাতাসকলে বিনামূলীয়াকৈ অন্তৰ্দৃষ্টি আৰু পৰামৰ্শ ভাগ-বতৰা কৰিব পাৰে ।

-শ্বেয়াৰযোগ্য প্ৰতিবেদন আৰু গাইডেন্স বৈশিষ্ট্যসমূহে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক যৌথভাৱে কেৰিয়াৰৰ পৰিকল্পনা কৰিবলৈ অনুমতি দিয়ে ।

শিক্ষা মন্ত্ৰালয়ে কয়, “এন ই পি ২০২০ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ‘মাই কেৰিয়াৰ এডভাইজাৰ’ এপে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ শৈক্ষিক আৰু পেছাদাৰী পছন্দৰ বিষয়ে জ্ঞাত সিদ্ধান্ত ল’বলৈ ক্ষমতা প্ৰদান কৰে ।”

মন্ত্ৰালয়ৰ মতে এই এপটোৱে অভিভাৱকসকলেও নিজৰ সন্তানৰ আকাংক্ষাক গঢ় দিয়াত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম কৰিব ।

লগতে পঢ়ক : ভাৰত ৰত্ন ছাৰ এম বিশ্বেশ্বৰায় আৰু অভিযন্তা দিৱসৰ কাহিনী; জানক কোন আছিল এই মহীৰূহ

শিকাটোও আপোনাৰ এক দায়িত্ব,তেতিয়াহে সফল হ’ব আপোনাৰ কেৰিয়াৰ… জানক সফলতাৰ প্ৰকৃত মন্ত্ৰ

শিকাটোও আপোনাৰ এক দায়িত্ব,তেতিয়াহে সফল হ’ব আপোনাৰ কেৰিয়াৰ

বেছিভাগ মানুহেই নিজৰ কামত বহু সময়, শক্তি আৰু কষ্ট খৰচ কৰে । ভালদৰে চালে ইয়াতেই আপুনি শিকিবলৈ আৰু আগবাঢ়িবলৈ সুযোগ পায় । কিন্তু এতিয়াও মানুহ ইয়াত ইমানেই ব্যস্ত হৈ পৰে যে কেৰিয়াৰত নিজৰ বিকাশক গুৰুত্ব দিবলৈ সক্ষম নহয়  যিটো কোনো কাৰণতে ভাল নহয় । মনত ৰাখিব, নতুন পৰিৱৰ্তনৰ লগত খাপ খুৱাবলৈ সাজু, অবিৰতভাৱে শিকিবলৈ আৰু নিজকে উন্নত কৰিবলৈ সাজুসকলেহে পৰিৱৰ্তিত পেছাদাৰী পৰিৱেশত জীয়াই থাকিব পাৰে ।

গতিকে এটা কথা নিশ্চিত যে যিজনে শিকিব জানে, পাহৰিলে পুনৰ শিকিব জানে তেওঁহে ভৱিষ্যতে আগবাঢ়ি যাব পাৰিব । এনে পৰিস্থিতিত যদি আপুনিও বিচাৰে যে সময়ৰ লগে লগে আপোনাৰ কেৰিয়াৰ উন্নত হৈ থাকক, তেন্তে আপুনি আপোনাৰ শিক্ষণ অভ্যাসক শক্তিশালী কৰিব লাগিব । ইয়াৰ বাবে কিছুমান উন্নত উপায় আছে ।

কিতাপৰ বাহিৰেও আন মানুহৰ পৰা শিকক-

আপোনাৰ চৌপাশৰ মানুহবোৰ আপোনাৰ বাবে জ্ঞানৰ এক বিশাল ভঁৰাল হ’ব পাৰে, যদিহে আপোনাৰ শিকাৰ ইচ্ছা থাকে । আপোনাৰ লগত কাম কৰা কোনোবা হওক, আন বিভাগৰ মানুহ হওক বা বেলেগ পেছাৰ কোনোবা হওক, আপুনি সকলোৰে পৰা শিকিব পাৰে । ইয়াৰ বাবে বৈচিত্ৰময় নেটৱৰ্ক আৰু শিক্ষণ সম্প্ৰদায় গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ । লগতে প্ৰতিমাহে নতুন নতুন মানুহ লগ কৰিবলৈ চেষ্টা কৰক আৰু প্ৰতিটো কথা-বতৰাৰ শেষত এই প্ৰশ্নটো সুধিবলৈ নাপাহৰিব, আৰু কোনোবা আছে নেকি যাক মই লগ পোৱাটো উপযোগী ?  ইয়াৰ দ্বাৰা আপোনাৰ চিন্তাৰ পৰিসৰ বৃদ্ধি হোৱাই নহয়, নতুন দৃষ্টিভংগী জানিবলৈও সুযোগ পোৱা যাব ।

প্ৰতিদিনে নতুন কিবা এটা চেষ্টা কৰক-

শিকাৰ আটাইতকৈ উত্তম উপায় হ’ল পৰীক্ষা-নিৰীক্ষা কৰি থকা । ইয়াৰ বাবে আপোনাৰ কামত নতুন সঁজুলি চেষ্টা কৰক, আপোনাৰ উপস্থাপনত বিভিন্ন কৌশল ব্যৱহাৰ কৰক আৰু আপুনি কথা কোৱাৰ ধৰণ সলনি কৰক । প্ৰতিটো পৰীক্ষা শিকাৰ উদ্দেশ্যেৰে কৰক আৰু তাৰ পৰা কি শিকিলে জানিবলৈ চেষ্টা কৰক । মনত ৰাখিব প্ৰতিটো পৰীক্ষাই এটা শিক্ষণৰ সুযোগ, সেয়া সফল হওক বা অসফল হওক । গতিকে, কোনো পৰীক্ষা বিফল হ’লে নিৰুৎসাহিত নহ’ব ।

প্ৰশ্নবোৰৰ মাজত সমাধান লুকাই আছে-

প্ৰেৰণাদায়ক প্ৰশ্ন সুধিবলৈ শিকক, যেনে মই এই কামটো কেনেকৈ কৰিব পাৰো ? মোৰ ভুলবোৰ কেনেকৈ শুধৰাব পাৰো ? নতুন কিবা এটা চেষ্টা কৰিলে কি হ’ব ? এই কামটো মই কেনেকৈ ভালকৈ কৰিব পাৰো ? ইত্যাদি এনে প্ৰশ্নই আপোনাৰ সৃষ্টিশীল চিন্তাধাৰা বৃদ্ধি কৰে আৰু কাম কৰাৰ নতুন পদ্ধতি বিচাৰি উলিয়াবলৈ অনুপ্ৰাণিত কৰে । লগতে প্ৰেৰণাদায়ক প্ৰশ্নক ফলপ্ৰসূ কৰিবলৈ আন কাৰোবাক প্ৰশ্ন সুধিব আৰু উত্তৰ দিব ।

সৰু সৰু সফলতাতো সুখী হওক-

যদি কোনো কামত তথা কেৰিয়াৰত আপোনাৰ অগ্ৰগতি লেহেমীয়া হয়, তেন্তে নিৰুৎসাহিত নহ’ব । দুসপ্তাহৰ বাবে প্ৰতিটো দিনৰ শেষত আপোনাৰ তিনিটা সৰু সৰু সফলতা লিখি থওক, সেয়া মতামত বিচৰাই হওক বা কাৰোবাক সহায় কৰাই হওক । দুসপ্তাহৰ পিছত আপোনাৰ হাতত ৪২টা সফলতাৰ তালিকা থাকিব, যিয়ে আপোনাক উদযাপনৰ কাৰণ দিব আৰু লগতে আগবাঢ়ি যাবলৈও উৎসাহিত কৰিব ।

লগতে পঢ়ক : NEET পৰীক্ষাত নিৰ্বাচিত হ’বলৈ পাব লাগিব কিমান নম্বৰ ?প্ৰতি বছৰে কিমান থাকে আসন?

ভূগোলত স্নাতক সম্পূৰ্ণ হোৱাৰ পিছত কেৰিয়াৰৰ বিকল্প কি ? স্নাতকোত্তৰ নে চাকৰি ?

ভূগোলত স্নাতক সম্পূৰ্ণ হোৱাৰ পিছত কেৰিয়াৰৰ বিকল্প কি ?

ভূগোল ইংৰাজীত যাক জিঅ’গ্ৰাফী বুলি কোৱা হয় কেৱল মানচিত্ৰ পঢ়া বা মানচিত্ৰ বনোৱাতে সীমাবদ্ধ নহয় । এই বিষয়টো পৃথিৱী, পৰিৱেশ, মানৱ সভ্যতা, দুৰ্যোগ ব্যৱস্থাপনা আৰু নগৰ উন্নয়নৰ পৰা আৰম্ভ কৰি বিশ্ব নীতিলৈকে বহু ক্ষেত্ৰত উপযোগী । গতিকে ভূগোলত স্নাতক সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ বিকল্পও যথেষ্ট বৈচিত্ৰময় । বৰ্তমান জি আই এছ (Geographic Information System), ৰিম’ট চেন্সিং, নগৰ পৰিকল্পনা আদি নতুন খণ্ডত ভূগোল বিষয়ত শিক্ষিত যুৱক-যুৱতীসকলৰ বিপুল চাহিদা আছে ।

চৰকাৰী চাকৰিৰ পৰা গৱেষণা আৰু শিক্ষকতালৈকে ভূগোলত স্নাতকসকলৰ গুৰুত্ব বহু পৰিমাণে বৃদ্ধি পাইছে । বহু সময়ত ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰশ্ন থাকে যে ভূগোলত বি এ বা বি এছ চি উতীৰ্ণ হোৱাৰ পিছত কি কৰিব, স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব নে পোনপটীয়াকৈ চাকৰি বিচাৰিব ? যদি আপোনাৰ ইচ্ছা গৱেষণা, বিশ্ববিদ্যালয়ৰ প্ৰবক্তা বা UPSC ঐচ্ছিক তেন্তে স্নাতকোত্তৰ ডিগ্ৰী এটা উত্তম বিকল্প । যদি আপুনি যিমান পাৰে সোনকালে চাকৰি এটা পাব বিচাৰে, তেন্তে দক্ষতা ভিত্তিক কিছুমান পাঠ্যক্ৰম কৰি আপুনি এটা ভাল ব্যক্তিগত বা চৰকাৰী চাকৰি পাব পাৰে ।

যদি আপুনি একাডেমিক বা ৰিচাৰ্চ লাইনত যাব বিচাৰে তেন্তে ভূগোলত এম এ বা এম এছ চি ডিগ্ৰী সম্পূৰ্ণ কৰিব পাৰে । স্নাতকোত্তৰ কৰাৰ পিছত UGC-NET/JRF ৰ যোগ্যতা অৰ্জন কৰি কলেজ বা বিশ্ববিদ্যালয়ত প্ৰবক্তা হ’ব পাৰে । ইয়াৰ উপৰিও স্নাতকোত্তৰ শিক্ষাই বিষয়টোৰ ওপৰত আপোনাৰ দখল শক্তিশালী কৰে, যাৰ ফলত ইউ পি এছ চি, ৰাজ্যিক পি চি এছ বা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত ভূগোলক ঐচ্ছিক বিষয় হিচাপে লোৱাটো সহজ হৈ পৰে । এই বিষয়ত স্নাতকোত্তৰ কৰাৰ পিছত পি এইচ ডি বা ৰিচাৰ্চ ফেল’শ্বিপৰ দুৱাৰো খোল খায় ।

ভূগোলত স্নাতকসকলৰ বাবে ইউ পি এছ চিৰ অসামৰিক সেৱা, ৰাজ্যিক লোকসেৱা আয়োগ, এছ এছ চি চি জি এল, ৰেলৱে, বেংকিং আদি পৰীক্ষাৰ বিকল্প আছে । ইয়াৰ বাহিৰেও বন বিভাগ, দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, টাউন প্লেনিং আদি বিভাগত চাৰ্ভেয়ৰ বা কাৰ্টোগ্ৰাফাৰৰ দৰে পদত নিযুক্তি লাভ কৰিব পাৰে । বহু ৰাজ্যত ভূগোলত স্নাতকসকলক ৰাজহ বা বসতি জৰীপৰ বাবে অগ্ৰাধিকাৰ দিয়া হয় । গতিকে যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে বি এ/বি এছ চিৰ পিছতো ভাল বিকল্প আছে ।

ব্যক্তিগত খণ্ডত সুযোগ-

ভূগোল অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে জি আই এছ বিশ্লেষক, ৰিম’ট চেন্সিং বিশেষজ্ঞ, নগৰ পৰিকল্পনাকাৰী, পৰিৱেশ পৰামৰ্শদাতা আদি চাকৰিৰ ভূমিকাত বৃহৎ সংখ্যক কাম কৰি আছে । ইয়াৰ বাবে ArcGIS, QGIS, Remote Sensing Tools আদি কাৰিকৰী দক্ষতা শিকিব লাগিব । গুগল মেপছ, হিয়েৰ মেপছৰ দৰে কোম্পানীয়েও ফিল্ড চাৰ্ভেয়ৰ আৰু জিঅ’ডাটা এনালাইষ্ট নিয়োগ কৰে । দুৰ্যোগ ব্যৱস্থাপনা বা নগৰ উন্নয়ন প্ৰকল্পৰ ক্ষেত্ৰতো এন জি অ’সমূহে ভাল চাকৰিৰ সুযোগ প্ৰদান কৰে ।

লগতে পঢ়ক : আই আই এমৰ পৰা এম বি এ কৰিব বিচাৰে নেকি ? জানক ষ্টেপ বাই ষ্টেপ নামভৰ্তি প্ৰক্ৰিয়া

এই বেয়া অভ্যাসবোৰৰ পৰা নিজকে আঁতৰাই ৰাখক… অন্যথা বাধা হৈ পৰিব পাৰে আপোনাৰ কেৰিয়াৰত

বহু সময়ত এনেকুৱা হয় যে যেতিয়া আমি কোনো কোম্পানীত কাম কৰো বা চাকৰিৰ বাবে প্ৰস্তুতি চলাওঁ, তেতিয়া কোনো কাৰণত কামত উন্নতিৰ পৰিৱৰ্তে আমি বিফলতাৰ সন্মুখীন হওঁ । ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল কিছুমান অভ্যাস, যদি এই অভ্যাসবোৰৰ পৰা তঁৰত থাকিব পাৰি তেন্তে আপুনি নিশ্চিতভাৱে আপোনাৰ কেৰিয়াৰত ভাল অগ্ৰগতি লাভ কৰিব পাৰিব ।

-আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ফ’কাচ অথবা মনোযোগ । মনোযগ অবিহনে আপুনি অধ্যয়ন কৰিব নোৱাৰে বা কেৰিয়াৰত আগবাঢ়িব নোৱাৰে । এনে পৰিস্থিতিত আপুনি এটা কথা মনত ৰাখিব লাগিব যে পঢ়া-শুনা বা কাম কৰি থাকোঁতে আপুনি সম্পূৰ্ণ নিজৰ কামত মনোনিৱেশ কৰি থাকিব লাগে আৰু মনোযোগ বিচলিত কৰা বস্তুবোৰৰ পৰা আঁতৰি থাকিব লাগে ।

-একে সময়তে ফোনৰ আসক্তি এনেকুৱা এটা বস্তু যিয়ে আপোনাক আটাইতকৈ বেছি বিচলিত কৰিব পাৰে আৰু ইয়াৰ বাবেই আপুনি নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে । এনে পৰিস্থিতিত পঢ়া-শুনা বা কামৰ সময়ত মোবাইল ব্যৱহাৰ নকৰিবলৈ চেষ্টা কৰিব লাগে । ইয়াৰ ফলত আপোনাৰ সময়ো ৰাহি হ’ব ।

-ইয়াৰ বাহিৰেও যদি আপুনি আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সঠিক দিশত কাম কৰা নাই তেন্তে ই আপোনাৰ কেৰিয়াৰ ধ্বংস কৰিব পাৰে । আগলৈ আপুনি কি কৰিব বিচাৰে সেই কথা জানিব লাগে । লগতে সেই বিষয়ৰ লগত জড়িত পাঠ্যক্ৰমহে অধ্যয়ন কৰিব লাগে । কেতিয়াবা ছাত্ৰ-ছাত্ৰীসকলে কেৱল ইজনে সিজনক চাই যিকোনো ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে অধ্যয়ন আৰম্ভ কৰে । এনে পৰিস্থিতিত আপুনি নিজৰ বাবে এটা লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব ।

-আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু বিশেষ কথাটো হ’ল কঠোৰ পৰিশ্ৰম কৰিলেহে সফলতা লাভ আহৰণ কৰিব পাৰি । পঢ়া-শুনা হওক, চাকৰি হওক বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি হওক । সকলো কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব । ইয়াৰ অবিহনে আপুনি সফলতা লাভ কৰিব নোৱাৰে ।

-লগতে আপোনাৰ সময়খিনি কেনেকৈ সঠিকভাৱে ব্যৱহাৰ কৰে সেই কথাও মনত ৰাখিব লাগিব । প্ৰায়ে দেখা যায় যে বন্ধুত্বৰ নামত মানুহে ইফালে সিফালে বেছিভাগ সময় নষ্ট কৰে । এনে পৰিস্থিতিত আপুনি নিজৰ কামত কিমান সময় খৰচ কৰি আছে আৰু কিমান সময় নষ্ট কৰি আছে চাব লাগিব ।

নাটকত কেনেকৈ গঢ়িব কেৰিয়াৰ… জানক ক’ত কৰিব লাগে নামভৰ্তি

আপুনি কেতিয়াবা ভাবিছেনে যে নাটক কেৱল সংলাপ আৰু চৰিত্ৰৰ খেল নহয় বৰঞ্চ সমাজৰ দাপোনো হ’ব পাৰে ?  ভাৰতীয় নাটক কেৱল মনোৰঞ্জনৰ মাধ্যম নহয় বৰঞ্চ আৱেগ, চিন্তা আৰু বাস্তৱক সজীৱ কৰি তোলাৰ এক শক্তিশালী মাধ্যম । ইয়াত প্ৰতিখন নাটকেই নতুন কাহিনী কয়, প্ৰতিটো চৰিত্ৰই দৰ্শকৰ হৃদয়ত নিজৰ চিন এৰি যায় ।

নাটকৰ জগতত ভৰি দিয়াটো কেৱল কেৰিয়াৰ বাছনি নহয় বৰঞ্চ আৱেগিক আৰু কলাত্মক যাত্ৰা । যদি আপুনি অভিনয়, পৰিচালনা বা নাট লিখাৰ প্ৰতি আগ্ৰহী তেন্তে এই পৃথিৱীখনে আপোনাৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে । কিন্তু থিয়েটাৰ বা নাটকৰ ক্ষেত্ৰত কেনেকৈ প্ৰৱেশ কৰিব পাৰিব জানেনে ?  কোনবোৰ প্ৰতিষ্ঠানে এই কলা শিকায় ? আৰু আমি কেনেকৈ চিনেমাগৃহৰ বাহিৰেও ছবি আৰু ৱেব ছিৰিজলৈকে আগবাঢ়িব পাৰো ?  যদি আপোনাৰ মনতো এনেধৰণৰ প্ৰশ্ন আছে আৰু নাট্য জগতখনক অধিক নিবিড়ভাৱে জানিব বিচাৰে, তেন্তে এই যাত্ৰাক অধিক গভীৰভাৱে বুজিবলৈ পঢ়ক এই প্ৰতিবেদন !

বিশ্ব থিয়েটাৰ দিৱস-

আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ প্ৰতিষ্ঠানৰ উদ্যোগত প্ৰতি বছৰে ২৭ মাৰ্চত বিশ্ব থিয়েটাৰ দিৱস পালন কৰা হয় । নাটক তথা থিয়েটাৰৰ গুৰুত্ব আৰু ইয়াৰ সাংস্কৃতিক তাৎপৰ্য দেখুৱাবলৈ এই দিৱস পালন কৰা হয় ।

জানক কেৰিয়াৰৰ সুযোগ-

থিয়েটাৰত বহুতো আকৰ্ষণীয় কেৰিয়াৰ বিকল্প আছে । অভিনয়, পৰিচালনা, নাট ৰচনা, থিয়েটাৰ ডিজাইন, আৰু বহুতো সৃষ্টিশীল ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব পাৰে । অৱশ্যে এই ক্ষেত্ৰখন প্ৰত্যাহ্বানমূলকো । এই ক্ষেত্ৰখনত সফল হ’বলৈ উৎসাহ, ধৈৰ্য্য আৰু অবিৰত প্ৰচেষ্টাৰ প্ৰয়োজন ।

নাট্যগোষ্ঠীত যোগদানৰ উপায়-

নাট্যগোষ্ঠীত যোগদান কৰাৰ বহুতো উপায় আছে । প্ৰথম পদক্ষেপটো হ’ল আপোনাৰ চহৰৰ সক্ৰিয় নাট্যগোষ্ঠীসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰা । নাটক চাই, শিল্পীক লগ কৰি আৰু আগ্ৰহ প্ৰকাশ কৰি এই ক্ষেত্ৰখনত প্ৰৱেশ কৰিব পাৰিব ।

ইয়াৰ বাবে শিক্ষানুষ্ঠান-

দেশৰ কেইবাখনো প্ৰতিষ্ঠিত প্ৰতিষ্ঠানে নাট্য শিক্ষা প্ৰদান কৰে :

নেচনেল স্কুল অৱ ড্ৰামা (দিল্লী)

ভাৰতেন্দু নাট্য একাডেমী (লক্ষ্ণৌ)

নাট বিভাগ, কালিকাট বিশ্ববিদ্যালয়

নাট্য বিদ্যালয় মুম্বাই

এইবোৰেই হৈছে কেৰিয়াৰৰ সম্ভাৱনা-

থিয়েটাৰত আয়ৰ সম্ভাৱনা ক্ৰমান্বয়ে উন্নত হৈছে । বহু অভিনেতাই থিয়েটাৰৰ পৰা আৰম্ভ কৰি তাৰ পিছত ছবি, টেলিভিছন আৰু ৱেব ছিৰিজত নিজৰ কেৰিয়াৰ গঢ়ি তোলে । এই ক্ষেত্ৰই কেৱল অৰ্থনৈতিক সুবিধা প্ৰদান কৰাই নহয়, শিল্প বিকাশৰ বাবেও এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে ।

মহানগৰসমূহৰ অৱদান-

মুম্বাই আৰু দিল্লীৰ দৰে বৃহৎ চহৰসমূহে নাট্য জগতত এক বিশেষ স্থান দখল কৰিছে । ইয়াত বহুতো নাট্যদল আৰু শিল্পীয়ে কাম কৰে, যিয়ে এই শিল্পক জীয়াই ৰাখে । নাটক কেৱল কলা নহয়, জীৱন প্ৰকাশৰ এক শক্তিশালী উপায় । ইয়াত সমাজৰ চিন্তা, অনুভূতি আৰু সত্য মঞ্চত দেখুওৱা হয় । যদি আপোনাৰ আবেগ, কঠোৰ পৰিশ্ৰম আৰু সৃষ্টিশীলতা আছে, তেন্তে নাটক আপোনাৰ বাবে এক আচৰিত যাত্ৰা হ’ব পাৰে ।

স্কুলৰ পিছত কোনটো কেৰিয়াৰ বাছনি কৰিব ? অভিভাৱকৰ বাবে চি বি এছ ইয়ে জাৰি কৰিলে বিশেষ পৰামৰ্শ!

যদি আপুনি এজন ছাত্ৰ বা আপোনাৰ ঘৰৰ কোনোৱে দশম বা দ্বাদশ শ্ৰেণীত পঢ়ি আছে তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ । স্কুলৰ পিছত সঠিক কেৰিয়াৰ বাছনি কৰাটো যিকোনো ছাত্ৰ আৰু তেওঁৰ পিতৃ-মাতৃৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান । এই কথা মনত ৰাখি চি বি এছ ই (Central Board of Secondary Education)-এ বিদ্যালয়সমূহলৈ এখন বিশেষ গাইডবুক প্ৰেৰণ কৰিছে, যিয়ে অভিভাৱকসকলক কেৰিয়াৰ গাইডেন্সত সহায় কৰিব ।

কিয় এই গাইডবুকখন মুকলি কৰিলে চি বি এছ ইয়ে ?

বৰ্তমান সময়ত কেৰিয়াৰৰ হাজাৰ হাজাৰ বিকল্প উপলব্ধ । চিকিৎসা, অভিযান্ত্ৰিক, মেনেজমেন্টৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা, ডিজাইনিং আৰু ষ্টাৰ্টআপলৈকে প্ৰতিটো ক্ষেত্ৰতে নতুন নতুন সুযোগ আছে । কিন্তু ইমানবোৰ সম্ভাৱনাৰ মাজত সঠিক সিদ্ধান্ত লোৱাটো কঠিন হৈ পৰে ।

চি বি এছ ইৰ মতে বিদ্যালয়, অভিভাৱক আৰু সমাজৰ অন্যান্য লোকৰ সহযোগিতা প্ৰয়োজনীয়, যাতে শিক্ষাৰ্থী সঠিক কেৰিয়াৰৰ বাবে সাজু হ’ব পাৰে । এই কথা মনত ৰাখি চি বি এছ ইয়ে “Parents’ Handbook on Careers after School in India” নামৰ এখন গাইডবুক মুকলি কৰিছে, যিখন কেৰিয়াৰ কাউন্সেলিং বিশেষজ্ঞ শ্ৰী মোহিত মংগলে প্ৰস্তুত কৰিছে ।

এই গাইডবুকত আপুনি কি পাব ?

চি বি এছ ইৰ এই গাইডবুকত অভিভাৱকৰ বাবে বহু গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে, যাৰ ফলত তেওঁলোকৰ সন্তানৰ কেৰিয়াৰৰ সিদ্ধান্ত সহজ হ’ব । এই গ্ৰন্থখনত :

-বিভিন্ন কেৰিয়াৰ বিকল্পৰ তথ্য
-কোন ধৰণৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কোনটো কেৰিয়াৰ উপযুক্ত ?

-কলেজ আৰু পাঠ্যক্ৰম বাছনি কৰাৰ সময়ত কি কি কথা মনত ৰাখিব লাগে ?

-ব্যক্তিগত আৰু চৰকাৰী খণ্ডত নিয়োগৰ সুযোগ

-বৃত্তি আৰু শিক্ষা ঋণৰ তথ্য

উচ্চ শিক্ষাৰ বাবে প্ৰৱেশ পৰীক্ষা আৰু অন্যান্য সম্পদ-

এই গাইডবুকৰ উপৰিও চি বি এছ ইয়ে “Entrance Exams 2025 Guide” আৰু 21 Higher Education Vertical Books প্ৰকাশ কৰিছে, যিবোৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ বাবে এক গুৰুত্বপূৰ্ণ ৰেফাৰেন্স হিচাপে প্ৰমাণিত হ’ব পাৰে । JEE, NEET, CLAT, UPSC আদি বিভিন্ন প্ৰৱেশ পৰীক্ষাৰ বিষয়ে বিতং তথ্য এই গ্ৰন্থসমূহত দিয়া হৈছে ।

অভিভাৱকৰ ভূমিকা কিয় গুৰুত্বপূৰ্ণ –

বহু সময়ত অভিভাৱকে নিজৰ সন্তানক পৰম্পৰাগত কেৰিয়াৰ (ডাক্তৰ, অভিযন্তা, চৰকাৰী চাকৰি) কৰিবলৈ বাধ্য কৰে, আনহাতে নতুন প্ৰজন্মৰ বাবে বহুতো নতুন আৰু আকৰ্ষণীয় কেৰিয়াৰ বিকল্প উপলব্ধ, যেনে :

-গ্রাফিক ডিজাইনিং

-পাব্লিক স্পীকিং আৰু ডিজিটেল মাৰ্কেটিং

-গেম ডেভেলপমেন্ট

-তথ্য বিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তা

-ফটোগ্ৰাফী আৰু কন্টেন্ট ক্ৰিয়েশ্যন

এই গাইডবুকখনৰ উদ্দেশ্য হৈছে অভিভাৱকসকলে নিজৰ সন্তানক ভালদৰে বুজিবলৈ আৰু সঠিক কেৰিয়াৰ বাছি লোৱাত সহায় কৰা ।

কি কৰিব লাগে জানি লওক-

যদি আপুনিও আপোনাৰ সন্তানৰ কেৰিয়াৰৰ বাবে চিন্তিত, তেন্তে নিশ্চিতভাৱে এই গাইডবুকখন পঢ়ক । ইয়াক চি বি এছ ইয়ে মুকলি কৰিছে, গতিকে আপুনি সঠিক আৰু নিৰ্ভৰযোগ্য তথ্য পাব । স্কুলৰ পিছত কেৰিয়াৰ বাছনি কৰাটোৱে সমগ্ৰ জীৱনটোক প্ৰভাৱিত কৰে । গতিকে শুদ্ধ তথ্য আৰু বুদ্ধিমান সিদ্ধান্তইহে শিশুটিৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি স্থাপন কৰিব পাৰে ।

বিজনেছ ডিগ্ৰী: আপোনাৰ বাবে মুকলি হ’ব পাৰে কেৰিয়াৰৰ এই ৮খন দুৱাৰ !

বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তিত পৃথিৱীখনত ব্যৱসায় তথা বিজনেছ ডিগ্ৰীয়ে বহু কেৰিয়াৰ বিকল্পৰ দুৱাৰ মুকলি কৰিব পাৰে । ই আপোনাক ব্যৱসায়িক জগতখনৰ বিষয়ে গভীৰ বুজাবুজি দিয়াই নহয়, বিভিন্ন ব্যৱসায়ত সফলতাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰে সজ্জিত কৰে ।

উদ্যোগী (Entrepreneur):

বিজনেছ ডিগ্ৰীয়ে আপোনাক নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা প্ৰদান কৰে । আপুনি কেনেকৈ ব্যৱসায়িক পৰিকল্পনা তৈয়াৰ কৰিব লাগে, ধন লাভ কৰিব লাগে আৰু আপোনাৰ ব্যৱসায় চলাব লাগে শিকিব ।

মেনেজাৰ (Manager):

ব্যৱসায়িক ডিগ্ৰীয়ে আপোনাক বিভিন্ন ক্ষেত্ৰত মেনেজমেণ্টৰ ভূমিকাৰ বাবে প্ৰস্তুত কৰে । আপুনি এইচ আৰ, মাৰ্কেটিং, ফাইনেন্স বা অপাৰেচনত মেনেজাৰ হ’ব পাৰে ।

বিত্তীয় বিশ্লেষক (Financial Analyst):

সংখ্যাৰ প্ৰতি আগ্ৰহ থাকিলে ব্যৱসায়িক ডিগ্ৰীয়ে আপোনাক বিত্তীয় বিশ্লেষক হোৱাত সহায় কৰিব পাৰে । আপুনি কোম্পানীসমূহৰ বিত্তীয় প্ৰদৰ্শন বিশ্লেষণ কৰিব আৰু বিনিয়োগৰ সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে ।

বিপণন পেছাদাৰী (Marketing Professional) :

বিজনেছ ডিগ্ৰীয়ে আপোনাক বিপণনৰ জগতখনত প্ৰৱেশ কৰিবলৈ প্ৰয়োজনীয় দক্ষতা প্ৰদান কৰে । আপুনি ব্ৰেণ্ডিং, বিজ্ঞাপন আৰু বজাৰ গৱেষণাৰ বিষয়ে জানিব পাৰিব ।

পৰামৰ্শদাতা (Consultant) :

যদি আপোনাৰ সমস্যা সমাধানৰ দক্ষতা আছে তেন্তে আপুনি পৰামৰ্শদাতা হ’ব পাৰে । আপুনি ব্যৱসায়ীসকলক তেওঁলোকৰ সমস্যা সমাধানত সহায় কৰিব আৰু তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰিব পাৰে ।

এইচ আৰ মেনেজাৰ (HR Manager) :

ব্যৱসায়িক ডিগ্ৰীয়ে কৰ্মচাৰীক কেনেকৈ নিযুক্তি, প্ৰশিক্ষণ আৰু পৰিচালনা কৰিব লাগে সেই বিষয়ে শিকাই । আপুনি এটা কোম্পানীৰ HR বিভাগৰ নেতৃত্ব দিব পাৰে ।

অপাৰেচন মেনেজাৰ (Operation Manager) :

ব্যৱসায়িক ডিগ্ৰীয়ে কোম্পানী এটাৰ অপাৰেচন পৰিচালনা কৰিবলৈ প্ৰয়োজনীয় দক্ষতা প্ৰদান কৰে । আপুনি চাপ্লাই চেইন, উৎপাদন আৰু লজিষ্টিকছৰ বিষয়ে জানিব পাৰিব ।

নন প্ৰফিট মেনেজাৰ (Non Profit Manager) :

যদি আপুনি আনক সহায় কৰাৰ প্ৰতি আগ্ৰহী তেন্তে আপুনি এজন নন প্ৰফিট মেনেজাৰ হ’ব পাৰে । আপুনি এটা অলাভজনক সংস্থাৰ কাৰ্য্যকলাপ পৰিচালনা কৰিব আৰু ধন সংগ্ৰহ কৰিব পাৰিব ।

বিজনেছ ডিগ্ৰীয়ে আপোনাক বিভিন্ন ধৰণৰ কেৰিয়াৰ বিকল্প প্ৰদান কৰে । ই আপোনাক বিভিন্ন উদ্যোগত সফলতাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰে সজ্জিত কৰে । যদি আপুনি প্ৰত্যাহ্বানমূলক আৰু ভাল কেৰিয়াৰ বিচাৰিছে, তেন্তে বিজনেছ ডিগ্ৰী আপোনাৰ বাবে সঠিক পছন্দ হ’ব পাৰে ।

এম বি এ কৰি মেনেজমেণ্টত কেৰিয়াৰ গঢ়িব বিচাৰিছে নেকি…তেন্তে জানক দেশৰ শীৰ্ষ ১০খন কলেজৰ তালিকা

বৰ্তমান সময়ত এম বি এ ডিগ্ৰী যুৱক-যুৱতীসকলৰ মাজত অতিকৈ জনপ্ৰিয় । প্ৰতি বছৰে লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে মেনেজমেণ্ট পঢ়াৰ সপোন দেখে । কিন্তু প্ৰশ্ন উত্থাপন হয় যে কোনখন কলেজৰ পৰা এম বি এ কৰিব লাগে ?  গতিকে দেশৰ শীৰ্ষ ১০ খন মেনেজমেণ্ট কলেজৰ বিষয়ে জানক ।

ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, আহমেদাবাদ (IIM-A)

ভাৰতৰ প্ৰথম আই আই এম হোৱাৰ গৌৰৱ লাভ কৰা এই প্ৰতিষ্ঠানখন হৈছে ব্যৱস্থাপনা শিক্ষাৰ মানদণ্ড । ইয়াৰ ১০০% প্লেচমেণ্ট ৰেকৰ্ড আৰু ২৫-৩০ লাখ টকাৰ গড় পেকেজ ইয়াৰ গুণগত মানৰ প্ৰমাণ । CAT ত ৯৯ পাৰ্চেন্টাইলৰ ওপৰত পোৱা ছাত্ৰ-ছাত্ৰীয়েহে এই প্ৰতিষ্ঠানত নামভৰ্তিৰ সুযোগ লাভ কৰে ।

ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট বাংগালুৰু (IIM-B)

দক্ষিণ ভাৰতৰ এই সন্মানীয় প্ৰতিষ্ঠানটো আন্তঃৰাষ্ট্ৰীয় বিনিময় কাৰ্যসূচীৰ বাবে পৰিচিত । ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে বিশ্বৰ শীৰ্ষ কোম্পানীত কাম কৰাৰ সুযোগ পায় । গৱেষণাৰ ক্ষেত্ৰতো এই প্ৰতিষ্ঠান আগশাৰীৰ ।

আই আই এম কলকতা (IIM-C)

পূব ভাৰতৰ এই শ্ৰেষ্ঠ বিজনেছ স্কুলখন বিত্তীয় বিষয়ত বিশেষজ্ঞতাৰ বাবে জনাজাত । বিশ্ব ৰেংকিঙত ইয়াৰ শক্তিশালী স্থান আৰু উদ্যোগৰ সৈতে গভীৰ সম্পৰ্ক আছে এই প্ৰতিষ্ঠানৰ ।

XLRI জামছেদপুৰ-

৭৫ বছৰীয়া অভিজ্ঞতাৰে XLRI হৈছে দেশৰ এইচ আৰ আৰু মেনেজমেণ্টৰ অগ্ৰণী প্ৰতিষ্ঠান । XAT ৰ জৰিয়তে নামভৰ্তিৰ সুবিধা প্ৰদান কৰা এই মহাবিদ্যালয়খনত নেতৃত্বৰ দক্ষতাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হয় ।

এফ এম এছ দিল্লী-

দিল্লী বিশ্ববিদ্যালয়ৰ অংশ এফ এম এছ কম মাচুলত উৎকৃষ্ট শিক্ষা প্ৰদানৰ বাবে জনাজাত । ইয়াৰ বিশেষ বৈশিষ্ট্য হ’ল ব্যৱসায়িক বিশ্লেষণ আৰু উচ্চ ROIত ইয়াৰ শক্তিশালী দখল ।

এছ পি জৈন, মুম্বাই

আন্তঃৰাষ্ট্ৰীয় প্ৰকাশ আৰু উদ্ভাৱনীমূলক পাঠদানৰ বাবে পৰিচিত এছ পি জৈনৰ বিপণনত বিশেষ বিশেষজ্ঞতা আছে । উদ্যোগকেন্দ্ৰিক পাঠ্যক্ৰম ইয়াৰ পৰিচয় ।

এম ডি আই, গুৰগাঁও

এন চি আৰৰ শীৰ্ষ বিজনেছ স্কুল এম ডি আই কৰ্পৰেট জগতৰ সৈতে শক্তিশালী সম্পৰ্কৰ বাবে পৰিচিত । পি জি পি এম কাৰ্যসূচী আৰু গৱেষণা ভিত্তিক পাঠদান ইয়াৰ বিশেষত্ব ।

আই আই টি বম্বে (SJMSOM)

প্ৰযুক্তি আৰু পৰিচালনাৰ এক নিখুঁত মিশ্ৰণ, SJMSOM এ উদ্ভাৱন আৰু ষ্টাৰ্টআপ সংস্কৃতিক প্ৰসাৰিত কৰে । আই আই টিৰ ব্ৰেণ্ড নামে ইয়াক বিশেষ কৰি তুলিছে ।

NITIE মুম্বাই-

ঔদ্যোগিক ব্যৱস্থাপনা আৰু পৰিচালনাৰ বিশেষজ্ঞ এই চৰকাৰী প্ৰতিষ্ঠানটোৱে সুলভ মূল্যত উৎকৃষ্ট শিক্ষা প্ৰদান কৰে । ইয়াত ব্যৱহাৰিক শিক্ষণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় ।

আই এছ বি, হায়দৰাবাদ-

এবছৰৰ কাৰ্যসূচী আগবঢ়োৱা আই এছ বি আন্তঃৰাষ্ট্ৰীয় অধ্যাপক আৰু উচ্চ পেকেজ প্লেচমেণ্টৰ বাবে পৰিচিত । কৰ্মৰত পেছাদাৰীসকলৰ বাবে এইটো এটা উত্তম বিকল্প ।

নামভৰ্তিৰ বাবে প্ৰস্তুতি-

সফল নামভৰ্তিৰ বাবে CAT/XAT/GMAT ৰ বাবে ভাল প্ৰস্তুতি প্ৰয়োজনীয় । লগতে পাঠ্যক্ৰমৰ বাহিৰৰ কাম-কাজ, সাক্ষাৎকাৰৰ দক্ষতা আৰু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতিও গুৰুত্ব দিব । বিশেষকৈ ব্যক্তিগত সাক্ষাৎকাৰ আৰু গ্ৰুপ ডিছকাশ্যনৰ অনুশীলনত গুৰুত্ব দিয়ক ।

ফেশ্বন উদ্যোগত কেৰিয়াৰ গঢ়িব বিচাৰিছে নেকি ? জানক ভাৰতৰ শীৰ্ষ ৫ খন ফেশ্বন ডিজাইনিং কলেজৰ বিষয়ে

ফেশ্বন উদ্যোগটো নিৰন্তৰ পৰিৱৰ্তিন হৈ আছে আৰু এই ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ বহুতো ডাঙৰ সুযোগ আছে । যদি আপুনি ফেশ্বন ডিজাইনাৰ হোৱাৰ সপোন দেখিছে, তেন্তে সঠিক কলেজ বাছি লোৱাটোৱেই আপোনাৰ কেৰিয়াৰৰ দিশত প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ । ভাৰতৰ বহু শীৰ্ষ ফেশ্বন ডিজাইনিঙৰ কলেজে আপোনাৰ সপোনক বাস্তৱত পৰিণত কৰিব পাৰে ।

দেশৰ ৫০খনতকৈও অধিক ফেশ্বন ডিজাইনিং কলেজৰ ভিতৰত ৩৬খন ব্যক্তিগত আৰু ১৫খন চৰকাৰী মহাবিদ্যালয় । কিছুমান বিশিষ্ট প্ৰকিষ্ঠান হ’ল- নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি (NIFT), পাৰ্ল একাডেমী (Pearl Academy), হুইছলিং উডছ ইণ্টাৰনেশ্যনেল (Whistling Woods International), চিম্বায়’ছিছ ইনষ্টিটিউট অৱ ডিজাইন (Symbiosis Institute of Design) আৰু আৰ্মি ইনষ্টিটিউট অৱ ফেশ্বন এণ্ড ডিজাইন (Army Institute of Fashion and Design) ।

যদি আপুনি দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈ ফেশ্বন ডিজাইনিঙৰ ক্ষেত্ৰত নামভৰ্তি কৰিব বিচাৰে তেন্তে আপুনি NIFT Entrance Exam, Pearl Academy Entrance Exam আদি প্ৰৱেশ পৰীক্ষা দিব লাগিব । ভাৰতৰ শীৰ্ষ ফেশ্বন ডিজাইনিং কলেজৰ বিষয়ে বিতংভাৱে জানক-

নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজি (NIFT)-

স্থানঃ নতুন দিল্লী

প্ৰতিষ্ঠা: ১৯৮৬ চন

মাচুলঃ ৬৪,৯০০ টকাৰ পৰা ১২.৩৪ লাখ টকা

ভাৰতৰ ফেশ্বন ডিজাইন অধ্যয়নৰ বাবে এই প্ৰতিষ্ঠানক সৰ্বোত্তম প্ৰতিষ্ঠান বুলি গণ্য কৰা হয় । এই প্ৰতিষ্ঠানটো ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত আছে । ইয়াত BDes (Bachelor of Design), BFTech (Bachelor of Fashion Technology), MDes (Master of Design) আৰু MFM (Master of Fashion Management) আদি পাঠ্যক্ৰম অধ্যয়নৰ সুবিধা আছে ।

NIFTত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব । NIFTৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ’ল ইয়াৰ সমগ্ৰ দেশতে ১৮টা কেম্পাছ আছে, যিবোৰ মুম্বাই, চেন্নাই, পাটনা, গান্ধীনগৰ, বেংগালুৰু, হায়দৰাবাদ আৰু কলকাতাৰ দৰে চহৰত অৱস্থিত ।

পাৰ্ল একাডেমী-

স্থানঃ মুম্বাই

প্ৰতিষ্ঠা: ১৯৯৩ চন

মাচুলঃ ২২.১৬ লাখৰ পৰা ২৯.৯৪ লাখ টকা

পাৰ্ল একাডেমী হৈছে ফেশ্বন ডিজাইনৰ ক্ষেত্ৰত ব্যক্তিগত প্ৰতিষ্ঠান । ইয়াত ইউ জি (স্নাতক), পি জি (স্নাতকোত্তৰ) আৰু পেছাদাৰী প্ৰমাণপত্ৰৰ পাঠ্যক্ৰম অনুষ্ঠিত হয় । ইয়াত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে পাৰ্ল একাডেমীৰ প্ৰৱেশ পৰীক্ষা দিব লাগিব, তাৰ পিছত তেওঁলোকে ব্যক্তিগত সাক্ষাৎকাৰ আৰু পৰ্টফলিঅ’ উপস্থাপনৰ ৰাউণ্ডৰ মাজেৰে যাব লাগিব ।

পাঠ্যক্ৰম-

– BDes in Fashion Design  
– MDes in Product Design  
– Fashion Styling & Image Design  
– Fashion Design for Women’s Wear

চিম্বায়’ছিছ ইনষ্টিটিউট অৱ ডিজাইন, পুনে-

স্থানঃ পুনে

প্ৰতিষ্ঠা: ২০০৪ চন

মাচুলঃ ১৯ লাখ টকা

ভাৰতৰ অন্যতম সন্মানীয় ডিজাইন স্কুল হৈছে চিম্বায়’ছিছ ইনষ্টিটিউট অৱ ডিজাইন । এই প্ৰতিষ্ঠানটো ইউ জি চিৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত । ইয়াত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে Symbiosis Entrance Exam for Design (SEED)ত বহিব লাগিব । SEED পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে Portfolio Review and Personal Interaction (PRPI)ৰ ৰাউণ্ডৰ মাজেৰে পাৰ হ’বলগীয়া হয় ।

পাঠ্যক্ৰম-

– BDes in Communication Design  
– BDes in Animation Film Design  
– BDes in Fashion Design  
– BDes in Fashion Communication 

আৰ্মি ইনষ্টিটিউট অৱ ফেশ্বন এণ্ড ডিজাইন (AIFD)-

স্থান: বাংগালুৰু

প্ৰতিষ্ঠা: ২০০৪ চন

মাচুলঃ ৬ লাখ টকা

আৰ্মী ৱেলফেয়াৰ এডুকেশ্যন ছ’চাইটিয়ে স্থাপন কৰিছিল আৰ্মি ইনষ্টিটিউট অৱ ফেশ্বন এণ্ড ডিজাইন । এই মহাবিদ্যালয়ৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক ফেশ্বন ডিজাইন আৰু এপাৰেল মেনেজমেণ্টৰ পেছাদাৰী প্ৰশিক্ষণ প্ৰদান কৰা ।

পাঠ্যক্ৰম-

-BSc in Fashion and Apparel Design
– BSc in Interior Design and Decoration

হুইচলিং উডছ ইণ্টাৰনেশ্যনেল-

স্থানঃ মুম্বাই

প্ৰতিষ্ঠা: ২০০৬ চন

মাচুলঃ ২০ লাখ টকা

হুইছলিং উডছ ইণ্টাৰনেশ্যনেল প্ৰতিষ্ঠা কৰিছিল বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা সুভাষ ঘাইয়ে । এই প্ৰতিষ্ঠানটোৱে ফেশ্বন ডিজাইনৰ ক্ষেত্ৰত চাৰি বছৰীয়া পাঠ্যক্ৰম আগবঢ়ায় ।

ইয়াত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে MECAT (Media & Entertainment Common Aptitude Test), CAT (Creative Aptitude Test), SOP (Statement of Purpose) আৰু Personal Interview ৰ ৰাউণ্ডত উত্তীৰ্ণ হ’ব লাগিব ।