পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা
ব্ৰিটেইনৰ চাউথেণ্ড বিমানবন্দৰত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। বিমানবন্দৰটোৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে বিচক্ৰাফ্ট বি২০০ নামৰ এখন সৰু যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হয়।
জানিব পৰা মতে বিমানখনে নেদাৰলেণ্ডৰ লেলিষ্টাডলৈ গৈ আছিল, কিন্তু উৰণৰ পিছতেই বিস্ফোৰণ ঘটি দাউ দাউ জ্বলি উঠে বিমানখন।
প্ৰত্যক্ষদৰ্শীৰ মতে, এটা প্ৰচণ্ড শব্দ কৰি অগ্নিকুণ্ডত পৰিণত হয় বিমানখন। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিসমূহত বিমানখনৰ পৰা ধোঁৱা আৰু জুইৰ শিখা দেখা গৈছে।সন্দেহ কৰা হৈছে যে কাৰিকৰী বিজুতি ঘটাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই ৰাণৱেৰ ওচৰতে বিস্ফোৰণ হয়।
দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে এচেক্স আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স চাৰ্ভিচে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।অৱশ্যে বিমানখনত কিমানজন লোক আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও প্ৰাৰম্ভিক অনুমান অনুসৰি কাৰিকৰী বিজুতি বা ইঞ্জিন বিকল হ’ব পাৰে।
লগতে পঢ়ক: মহাকাশত শুভাংশ শুক্লাৰ বিদায় অনুষ্ঠান; আনডকৰ পূৰ্বে ক’লে ‘ভাৰত সকলোতকৈ শ্ৰেষ্ঠ’