ব্ৰিকছৰ নতুন সদস্য হ’ল ইণ্ডোনেছিয়া
ইণ্ডোনেছিয়া ব্ৰিকছ সংগঠনৰ নতুন সদস্য দেশ হিচাপে পৰিগণিত হৈছে । একে সময়তে দহখন দেশ বেলাৰুছ, বলিভিয়া, কাজাখাস্তান, নাইজেৰিয়া, মালয়েছিয়া, থাইলেণ্ড, কিউবা, ভিয়েটনাম, উগাণ্ডা আৰু উজবেকিস্তান অংশীদাৰ দেশ হিচাপে ব্ৰিকছত অন্তৰ্ভুক্ত হৈছে । ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হৈ থকা ১৭ সংখ্যক ব্ৰিকছ সন্মিলনৰ যৌথ বিবৃতিত কোৱা হৈছে যে ‘আমি ইণ্ডোনেছিয়া গণৰাজ্যক ব্ৰিকছৰ সদস্য হিচাপে আদৰণি জনাইছো । আমি বেলাৰুছ ৰিপাব্লিক, বলিভিয়া, কাজাখাস্তান, কিউবা ৰিপাব্লিক, নাইজেৰিয়া, মালয়েছিয়া, থাইলেণ্ড, ভিয়েটনাম, উগাণ্ডা আৰু উজবেকিস্তানকো ব্ৰিকছৰ অংশীদাৰ দেশ হিচাপে আদৰণি জনাইছো ।’
পুৰণি টাইপৰাইটাৰৰ পৰা নতুন চফটৱেৰ চলাব নোৱাৰিবঃ প্ৰধানমন্ত্ৰী মোদী
উমৈহতীয়া বিবৃতিটোত জলবায়ু বিত্ত সন্দৰ্ভত ব্ৰিকছৰ নেতাসকলৰ কাঠামো ঘোষণা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিশ্বব্যাপী শাসন সন্দৰ্ভত ব্ৰিকছৰ নেতাসকলৰ বক্তব্য সন্নিবিষ্ট কৰা হৈছে । লগতে সামাজিকভাৱে নিৰ্ধাৰিত ৰোগ নিৰ্মূলৰ বাবে ব্ৰিকছ দেশসমূহৰ অংশীদাৰিত্ব । দেওবাৰে ব্ৰিকছৰ অধিৱেশন ‘শান্তি আৰু নিৰাপত্তা আৰু বিশ্ব শাসন সংস্কাৰ’ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ব্ৰিকছৰ সম্প্ৰসাৰণ আৰু নতুন অংশীদাৰৰ অন্তৰ্ভুক্তিয়ে সময়ৰ লগে লগে ইয়াৰ বিকাশৰ ক্ষমতা প্ৰদৰ্শন কৰিছে আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, বিশ্ব বাণিজ্য সংস্থা (WTO)ৰ দৰে প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ আৰু বহুপক্ষীয় উন্নয়নৰ আহ্বান জনায় ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ব্ৰিকছৰ সম্প্ৰসাৰণ আৰু নতুন অংশীদাৰ সংযোজনে সময়ৰ লগে লগে ইয়াৰ বিকাশৰ ক্ষমতা দেখুৱাইছে । এতিয়া আমি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, বিশ্ব বাণিজ্য সংস্থা আৰু বহুপক্ষীয় উন্নয়ন বেংকৰ দৰে প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ বাবে একে দৃঢ়তা প্ৰদৰ্শন কৰিব লাগিব । প্ৰতি সপ্তাহত প্ৰযুক্তিৰ বিকাশ ঘটি থকা এ আইৰ যুগত ৮০ বছৰ ধৰি বিশ্বৰ প্ৰতিষ্ঠানসমূহ অপৰিৱৰ্তিত হৈ থকাটো গ্ৰহণযোগ্য নহয় । ২০ শতিকাৰ টাইপৰাইটাৰত একবিংশ শতিকাৰ চফট্ৱেৰ চলাব নোৱাৰিব ।’
লগতে পঢ়ক : ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি; ব্ৰিকছ শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ