মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিলে জন আব্ৰাহামে
শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিল্লী-এন চি আৰৰ ৰাজপথৰ পৰা গৰাকীবিহীন তথা অঘৰী কুকুৰসমূহ আঁতৰাই আশ্ৰয় গৃহলৈ পঠিয়াবলৈ দিয়া নিৰ্দেশে সকলোতে নতুন বিতৰ্কৰ সূচনা কৰিছে । ন্যায়ালয়ৰ এই সিদ্ধান্ত এতিয়া সমগ্ৰ দেশতে বিতৰ্কৰ কাৰণ হৈ পৰিছে । বিশেষকৈ বলীউডৰ চেলিব্ৰিটিসকলে এই সিদ্ধান্তৰ প্ৰতিবাদত মুকলিকৈ ওলাই আহিছে ।
অভিনেতা জন আব্ৰাহামে মঙলবাৰে মুখ্য ন্যায়াধীশ বি আৰ গাভাইলৈ এখন পত্ৰ লিখি দিল্লী-এন চি আৰ অঞ্চলৰ পৰা কুকুৰসমূহ আঁতৰোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ দিয়া নিৰ্দেশনা পুনৰীক্ষণ আৰু সংশোধন কৰিবলৈ আহ্বান জনায় । এই পত্ৰ আদালতে কৰ্তৃপক্ষক যিমান পাৰি সোনকালে সকলো পদপথৰ কুকুৰক স্থায়ীভাৱে আঁতৰাই আশ্ৰয় শিবিৰত থোৱাৰ নিৰ্দেশ দিয়াৰ পিছতে লিখিছে জন আব্ৰাহামে । ইয়াৰ উপৰিও অভিনেতা বৰুণ ধাৱান আৰু অভিনেত্ৰী জাহ্নৱী কাপুৰেও আদালতৰ এই সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ।
‘এইবোৰ অঘৰী কুকুৰ নহয়…’- জন আব্ৰাহম
পেটা ইণ্ডিয়াৰ প্ৰথম পৰিচালক জনে কয় যে কুকুৰবোৰ অঘৰী নহয়, বৰঞ্চ সমাজৰ অংশ আৰু বহুতে ইহঁতক ভাল পায় । আশাকৰোঁ আপোনালোকেও এই কথাত একমত হ’ব যে এইবোৰ অঘৰী নহয়, সামূহিক কুকুৰহে, যিবোৰ বহুতে আৰু বিশেষকৈ দিল্লীবাসীয়ে ভাল পায় । এই নিৰ্দেশনা পশু জন্ম নিয়ন্ত্ৰণ (এ বি চি) নিয়ম, ২০২৩ আৰু এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ সিদ্ধান্তৰ বিপৰীত, যিয়ে ধাৰাবাহিকভাৱে পদ্ধতিগত বন্ধ্যাকৰণ কাৰ্যসূচী সমৰ্থন কৰি আহিছে । ৰাজহুৱা স্থানৰ পৰা অঘৰী কুকুৰ আঁতৰাই দিলে সমস্যাৰ সমাধান নহয় । এই সিদ্ধান্তৰ পুনৰীক্ষণ আৰু সংশোধনীৰ বাবে শ্ৰদ্ধাৰে অনুৰোধ জনালোঁ ।
জীৱ-জন্তুৰ বাবে মাত মাতিলে বলীউডে-
বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ আৰু অভিনেতা বৰুণ ধাৱানে ছ’চিয়েল মিডিয়াত অসন্তুষ্টি প্ৰকাশ কৰি এই নিৰ্দেশক নিষ্ঠুৰ আৰু অন্যায় বুলি অভিহিত কৰিছে । জাহ্নৱীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন আবেদন শ্বেয়াৰ কৰি লিখিছে যে ৰাজপথত বসবাস কৰা এই জীৱ-জন্তুবোৰ অঘৰী কুকুৰ নহয়, বৰঞ্চ আমাৰ সমাজৰ এটা অংশ ।
বৰুণ ধাৱানেও প্ৰকাশ কৰিলে অসন্তুষ্টি-
একে সময়তে অভিনেতা বৰুণ ধাৱানেও নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত আৱেদন শ্বেয়াৰ কৰি এই সিদ্ধান্তৰ বিৰোধিতা কৰে । বৰুণে বহু বছৰ ধৰি পোহনীয়া জন্তুৰ সৈতে বাস কৰি আহিছে আৰু ইয়াৰ পূৰ্বেও পশুৰ অধিকাৰৰ বাবে মাত মাতিছে ।
ৰবীনা টেণ্ডনেও কৰিলে বিৰোধিতা-
পূৰ্বে ৰবীনা টেণ্ডনেও এই বিষয়ত নিজৰ মতামত প্ৰকাশ কৰিছে । অভিনেত্ৰীগৰাকীয়ে কয়, ‘পদপথৰ কুকুৰৰ সংখ্যা বৃদ্ধিৰ বাবে এই কুকুৰবোৰক দোষ দিয়াটো ভুল । যদিহে স্থানীয় সংস্থাসমূহে টিকাকৰণ আৰু বন্ধ্যাকৰণ অভিযান সঠিকভাৱে চলাইছিল তেন্তে এই পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন । স্থানীয় সংস্থাই নিজৰ অঞ্চলৰ অঘৰী কুকুৰৰ দায়িত্ব ল’ব লাগিব । আজিৰ দিনত বন্ধ্যাকৰণৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন ।’
লগতে পঢ়ক : ‘উদয়পুৰ ফাইলছ’ৰ প্ৰযোজকলৈ মৃত্যুৰ ভাবুকি; সহায়ৰ বাবে আবেদন