মহামাৰী
কবীৰ সিং আৰু জুৱেল থিফ ছবিত অভিনয় কৰি বিখ্যাত হোৱা অভিনেত্ৰী নিকিতা দত্ত মহামাৰী Covid-19 ভাইৰাছত আক্ৰান্ত বুলি জানিব পৰা গৈছে।
অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে অনুৰাগীসকলক অৱগত কৰি কয় যে কেৱল তেওঁ নহয়, তেওঁৰ মাতৃও ক’ভিড-১৯ত আক্ৰান্ত হৈছে।
নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা আপডেট শ্বেয়াৰ কৰি নিকিতাই লিখিছে, ‘ক’ভিডে মোৰ মা আৰু মোক হেল্ল’ ক’বলৈ আহিছে। আশাকৰোঁ এই অনিমন্ত্ৰিত অতিথিজন বেছি দিন নাথাকিব। এই সৰু কোৱাৰেণ্টাইনৰ পিছত লগ পাম। সকলোৱে নিৰাপদে থাকক।’
বৰ্তমান ঘৰতে কোৱাৰেণ্টাইনত থকা নিকিতাৰ মহামাৰী Covid সংক্ৰমণৰ মৃদু লক্ষণ, কিন্তু তেওঁৰ নমুনা পৰীক্ষা পজিটিভ ওলাইছে, সেয়েহে সুস্থ নোহোৱালৈকে তেওঁৰ সকলো প্ৰজেক্ট স্থগিত ৰাখিছে।
ইয়াৰ পূৰ্বে অভিনেত্ৰী শিল্পা শিৰোডকাৰো ক’ভিড-১৯ত আক্ৰান্ত হৈছিল। বিগ বছ ১৮ৰ প্ৰতিযোগীগৰাকীয়ে তেওঁৰ ইনষ্টা একাউণ্টত শ্বেয়াৰ কৰিছিল, ‘হেল্ল’ ফ্ৰেণ্ডছ! মোৰ Covid test পজিটিভ আহিছে। নিৰাপদে থাকক আৰু মাস্ক পিন্ধক।’
অৱশ্যে বৃহস্পতিবাৰে শিৰোডকাৰে তেওঁৰ অনুৰাগীসকলক ইতিবাচক আপডেট দি কয় যে, তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে।
মুম্বাইৰ বান্দ্ৰা-ৱৰ্লি সাগৰৰ সুন্দৰ দৃশ্যৰ সৈতে তেওঁৰ ইনষ্টাত পোষ্ট কৰিছিল, ‘অৱশেষত মই ভালেই আছো, ভাল লাগিছে, আপোনালোকৰ মৰমৰ বাবে ধন্যবাদ।’
শেহতীয়া চালে দেখা যায় যে আকৌ এবাৰ Corona ভাইৰাছ ঘূৰি আহিছে। শেহতীয়াকৈ ভাৰতত এদিনতে ২০০ৰো অধিক ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে।
লগতে পঢ়ক: ‘সপোন পূৰণ হ’ল এতিয়া জিৰণিৰ সময়’; আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ হেলী জেনচেন