বলীউডত পুনৰ কৰোনা; এইবাৰ মহামাৰী ক’ভিডত আক্ৰান্ত অভিনেত্ৰী নিকিতা দত্ত

মহামাৰী

কবীৰ সিং আৰু জুৱেল থিফ ছবিত অভিনয় কৰি বিখ্যাত হোৱা অভিনেত্ৰী নিকিতা দত্ত মহামাৰী Covid-19 ভাইৰাছত আক্ৰান্ত বুলি জানিব পৰা গৈছে।

অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে অনুৰাগীসকলক অৱগত কৰি কয় যে কেৱল তেওঁ নহয়, তেওঁৰ মাতৃও ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা আপডেট শ্বেয়াৰ কৰি নিকিতাই লিখিছে, ‘ক’ভিডে মোৰ মা আৰু মোক হেল্ল’ ক’বলৈ আহিছে। আশাকৰোঁ এই অনিমন্ত্ৰিত অতিথিজন বেছি দিন নাথাকিব। এই সৰু কোৱাৰেণ্টাইনৰ পিছত লগ পাম। সকলোৱে নিৰাপদে থাকক।’

বৰ্তমান ঘৰতে কোৱাৰেণ্টাইনত থকা নিকিতাৰ মহামাৰী Covid সংক্ৰমণৰ মৃদু লক্ষণ, কিন্তু তেওঁৰ নমুনা পৰীক্ষা পজিটিভ ওলাইছে, সেয়েহে সুস্থ নোহোৱালৈকে তেওঁৰ সকলো প্ৰজেক্ট স্থগিত ৰাখিছে।

ইয়াৰ পূৰ্বে অভিনেত্ৰী শিল্পা শিৰোডকাৰো ক’ভিড-১৯ত আক্ৰান্ত হৈছিল। বিগ বছ ১৮ৰ প্ৰতিযোগীগৰাকীয়ে তেওঁৰ ইনষ্টা একাউণ্টত শ্বেয়াৰ কৰিছিল, ‘হেল্ল’ ফ্ৰেণ্ডছ! মোৰ Covid test পজিটিভ আহিছে। নিৰাপদে থাকক আৰু মাস্ক পিন্ধক।’

অৱশ্যে বৃহস্পতিবাৰে শিৰোডকাৰে তেওঁৰ অনুৰাগীসকলক ইতিবাচক আপডেট দি কয় যে, তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে।

মুম্বাইৰ বান্দ্ৰা-ৱৰ্লি সাগৰৰ সুন্দৰ দৃশ্যৰ সৈতে তেওঁৰ ইনষ্টাত পোষ্ট কৰিছিল, ‘অৱশেষত মই ভালেই আছো, ভাল লাগিছে, আপোনালোকৰ মৰমৰ বাবে ধন্যবাদ।’

শেহতীয়া চালে দেখা যায় যে আকৌ এবাৰ Corona ভাইৰাছ ঘূৰি আহিছে। শেহতীয়াকৈ ভাৰতত এদিনতে ২০০ৰো অধিক ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে।

লগতে পঢ়ক: ‘সপোন পূৰণ হ’ল এতিয়া জিৰণিৰ সময়’; আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ হেলী জেনচেন

পুনৰ ভয়াৱহ ৰূপত আহিছে কভিড; এটা সপ্তাহৰ ভিতৰত ব্ৰিটেইনত দুগুণ বৃদ্ধি পালে  মৃত্যুৰ সংখ্যা

পুনৰ ভয়াৱহ ৰূপত আহিছে ক’ভিড মহামাৰী।হংকং, চিংগাপুৰৰ পিছত এইবাৰ ব্ৰিটেইনত ক’ভিডে সংহাৰী ৰূপ ধাৰণ কৰিছে। কৰ’না ভাইৰাছে পুনৰবাৰ বিশ্বত নিজৰ উপস্থিতিৰ প্ৰমাণ দিবলৈ আৰম্ভ কৰিছে।

বৰ্তমান পৰিস্থিতি আগৰ দৰে গুৰুতৰ নহয় যদিও কিছুমান দেশত হঠাতে কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাটোৱে নিশ্চিতভাৱে চিন্তাৰ সৃষ্টি কৰিছে।

এইবাৰ কৰ’নাৰ সৰ্বোচ্চ প্ৰভাৱ ব্ৰিটেইনত দেখা গৈছে, মাত্ৰ এসপ্তাহতে Covid-19ৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে।

ব্ৰিটেইন চৰকাৰৰ শেহতীয়া তথ্য অনুসৰি, ২ মে’ত সমাপ্ত হোৱা সপ্তাহটোত Covid-19ত আক্ৰান্ত হৈ ১০১ জন লোকৰ মৃত্যু হয়, যিবোৰ মৃত্যুৰ প্ৰমাণ পত্ৰত উল্লেখ আছে। এই সংখ্যা যোৱা সপ্তাহতকৈ ৬৫% বেছি।

ইয়াৰ পূৰ্বে জানুৱাৰী মাহত এসপ্তাহত ১১১ জন লোকৰ মৃত্যু হৈছিল।কিন্তু ২০২৩ চনৰ নৱেম্বৰ মাহত সাপ্তাহিকভাৱে মৃত্যু হোৱা ২৭৩ জনৰ তুলনাত এই সংখ্যা এতিয়াও কম, কিন্তু এই হঠাৎ বৃদ্ধিয়ে চিন্তাৰ সৃষ্টি কৰিছে।

পুনৰ আহিছে ক’ভিডৰ দৰে বিপদজনক ভাইৰাছ! কাহৰ লগতে মুখৰ পৰা ওলাই তেজ,  স্বাস্থ্য সংস্থাৰ তথ্যই কৰিছে স্তম্ভিত

ক’ভিড ১৯ৰ পিছত যিকোনো ভাইৰাছৰ নাম শুনি মানুহে ভয় খাবলৈ আৰম্ভ কৰে।এই ৰোগৰ পৰা পৃথিৱীখন এতিয়াও সুস্থ হ’ব পৰা নাই আৰু প্ৰায় দুদিনৰ মূৰে মূৰে আমি কিছুমান নতুন ৰোগৰ কথা শুনিবলৈ পাওঁ।

এতিয়া ৰাছিয়াৰ নামো এই ধাৰাবাহিকত অন্তৰ্ভুক্ত কৰা হৈছে।ছ’চিয়েল মিডিয়াত আৰু বহু সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে ৰাছিয়াত ক’ভিডৰ দৰে এক বিপজ্জনক ৰহস্যময়ী ৰোগ বিয়পি পৰিছে।ইয়াৰ প্ৰভাৱলৈ অহা প্ৰতিজন ব্যক্তিৰ কাহত তেজ যায়।  

অৱশ্যে ৰাছিয়াৰ জনস্বাস্থ্য সংস্থাই এই ৰহস্যজনক ভাইৰাছৰ খবৰ নাকচ কৰিছে। লগতে তাত নতুন ভাইৰাছৰ সংক্ৰমণৰ যিকোনো কথাক কেৱল উৰাবাতৰি বুলি অভিহিত কৰিছে।

ৰাছিয়াৰ বিজ্ঞান একাডেমীৰ গেনাডি অনিচেংকোৱে কয় যে ৰাছিয়াৰ বিজ্ঞানীসকলে এই ভাইৰাছৰ বিষয়ে এতিয়াও গম পোৱা নাই।

দৰাচলতে এই উৰাবাতৰি আৰম্ভ হৈছিল যেতিয়া ইণ্টাৰনেটত দাবী কৰা হৈছিল যে এগৰাকী ৰাছিয়ান মহিলা কেইবা সপ্তাহ ধৰি জ্বৰ আৰু কাহত ভুগি আছিল।

এই সময়ছোৱাত কাহ মাৰি থাকোঁতে তেওঁৰ মুখৰ পৰা তেজ ওলাই আহিছিল।এনে পৰিস্থিতিত যেতিয়া মহিলাগৰাকীৰ কভিড আৰু ফ্লুৰ টেষ্ট কৰা হৈছিল তেতিয়া ৰিজাল্ট নিগেটিভ আহিছিল।

দুৰ্বলতাৰ পৰা আৰম্ভ হোৱা এই সমস্যাই মহিলাগৰাকীক বিচনাৰ পৰা উঠিব নোৱাৰা কৰিছিল। কোনো এন্টিবায়টিক ঔষধেও মহিলাগৰাকীৰ ওপৰত  প্ৰভাৱ পেলাব পৰা নাছিল।

তাৰ পিছত চিকিৎসকে ইয়াক নতুন ভাইৰাছ বুলি ঘোষণা কৰিছিল।কোৱা হয় যে ৰাছিয়াত এনে বহু ঘটনা সংঘটিত হৈছে, তাৰ পিছত এই সমগ্ৰ বিষয়টো ভাইৰেল হৈ পৰে।