ভাৰতৰ অপাৰেচন সিন্দুৰক লৈ আতংকিত হৈ পৰিছে পাকিস্তান । এই অভিযানৰ অধীনত ৯ স্থানত পাকিস্তানী সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰে ভাৰতে । ইয়াৰ পিছতে এতিয়া ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছে লাহোৰ । অবিৰতভাৱে বিস্ফোৰণৰ শব্দ শুনি ঘৰৰ পৰা ওলাই আহি বাহিৰত গোট খাইছে স্থানীয় লোক । বিস্ফোৰণৰ ফলত অঞ্চলটোত আতংকময় পৰিবেশে বিৰাজ কৰিছে ।
পাকিস্তানৰ সামা টিভিৰ এক প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে পুৱা লাহোৰৰ ৱালটন ৰোডত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায় । ৱালটাৰ বিমানবন্দৰৰ সমীপৰ লাহোৰৰ গোপাল নগৰ আৰু নাছিৰাবাদ অঞ্চলত ধাৰাবাহিক বিস্ফোৰণৰ শব্দ শুনা যায় । ছাইৰেন বজোৱাৰ পিছত মানুহবোৰ ভয়তে ঘৰৰ পৰা ওলাই আহে । অঞ্চলতোৰ চৌদিশে ধোঁৱাৰ ডাৱৰ ওপৰলৈ উঠি অহা দেখা গৈছে ।
একাংশৰ মতে বিমানবন্দৰৰ সমীপত সংঘটিত হৈছে ড্ৰোন বিস্ফোৰণ । এই বিস্ফোৰণ ড্ৰ’নৰ ফলত হোৱাৰ সম্ভাৱনা আছে । জামিং চিষ্টেমৰ বাবে ড্ৰ’নখন গুলীয়াই ভূপতিত কৰা হৈছে বুলিও অনুমান কৰা হৈছে ।
স্থানীয় লোকে জনোৱা মতে, লাহোৰৰ আকছাৰী ৫ ৰোডৰ সমীপতো দুটাকৈ বিস্ফোৰণৰ শব্দ শুনা যায় । ইয়াত নৌসেনা মহাবিদ্যালয়ৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল ।
উল্লেখ্য যে সন্ত্ৰাসবাদৰ মেৰুদণ্ড ভাঙিবলৈ ভাৰতীয় সেনাই মঙলবাৰে গভীৰ নিশা অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী ঘাটিত বিমান আক্ৰমণ চলাইছিল । ভাৰতীয় সেনা, বায়ুসেনা আৰু নৌসেনাৰ যৌথ অভিযানত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত বিমান আক্ৰমণ চলোৱা ৯টা সন্ত্ৰাসবাদী ঘাটিৰ ভিতৰত বাহাৱালপুৰ, মুৰিদকে, গুলপুৰ, ভীম্বাৰ, চক আমৰু, বাগ, কোটলি, ছিয়ালকোট আৰু মুজাফ্ফৰাবাদ আদি অন্যতম । বাহাৱালপুৰৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জয়ছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় আৰু মুদিৰ্কেৰ লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লোৱা হয় ।