জম্মু-কাশ্মীৰৰ পহলগামত নিৰীহ পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আৰম্ভ কৰিলে।
ভাৰতে প্ৰথমে সিন্ধু জল সন্ধি স্থগিত ৰাখিছিল আৰু পাকিস্তানৰ বিৰুদ্ধে আন বহু গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।
এই সিদ্ধান্তসমূহৰ পিছত পাকিস্তানত বিভ্ৰান্তি আৰু ভয়ৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু কেৱল সাধাৰণ জনতাই নহয়, আনকি সেনা প্ৰধান আৰু বিৰোধী নেতাসকলেও ভয়ৰ মাজেৰে দিন পাৰ কৰিছে।
এই পৰিস্থিতি ইমানেই তীব্ৰতৰ হৈ পৰিছে যে মানুহে দেশ এৰি যাবলৈ বাধ্য হৈছে। শেহতীয়াকৈ পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰৰ পৰিয়ালে দেশ এৰি গৈছে আৰু এতিয়া খবৰ আহিছে যে পাকিস্তান পিপলছ পাৰ্টিৰ সভাপতি বিলোৱাল ভুট্টোৰ পৰিয়ালটোও পাকিস্তান এৰি কানাডালৈ গৈছে।
দৰাচলতে ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছত পাকিস্তানী শাসকৰ মাজত আলোড়নৰ সৃষ্টি হৈছিল।তেওঁলোকে ভালদৰেই জানে যে সিন্ধু জল সন্ধি ভংগ কৰিলে পাকিস্তান নিঃস্ব হৈ পৰিব।
ইফালে ৰাজনৈতিক ষ্টাণ্ট কৰাৰ প্ৰয়াসত পিপিপিৰ অধ্যক্ষ বিলোৱাল ভুট্টোৱে ভাৰতক ভাবুকি প্ৰদান কৰি মন্তব্য দিছিল যে, পাকিস্তানৰ পানী যোগান বন্ধ হ’লে ভাৰতত তেজৰ নদী বৈ যাব।
বিলোৱালে দিয়া এই ভাবুকিৰ এদিন পিছতেই পোহৰলৈ আহিছে যে দেওবাৰে পুৱা বিলোৱাল ভুট্টোৰ পৰিয়ালৰ সদস্য বখতাৱাৰ ভুট্টো আৰু আছিফা ভুট্টোৱে পাকিস্তানৰ পৰা কানাডালৈ গৈছে।
দৰাচলতে পাকিস্তানত এই কথাক লৈ আতংক সৃষ্টি হৈছে যে বাৰতে যিকোনো মূহুৰ্ততে পাকিস্তানক আক্ৰমণ কৰিব পাৰে। যাৰ বাবে এতিয়া সকলোৱে পাকিস্তান এৰি ঢাপলি মেলিছে কানাডালৈ।