“পাকিস্তানে সন্ত্ৰাসবাদী মাছুদ আজহাৰ নাজানে ঠিকনা, যদি ভাৰতে প্ৰমাণ দিয়ে গ্ৰেপ্তাৰ কৰিম”;বিলোৱাল ভুট্টোৰ ডাঙৰ বক্তব্য

“মাছুদ আজহাৰ ঠিকনা নাজানে পাকিস্তানে”

পাকিস্তান পিপলছ পাৰ্টিৰ নেতা তথা প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টো জৰ্দাৰীয়ে তেওঁৰ বক্তব্যৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে।

এইবাৰ তেওঁ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক লৈ এটা ডাঙৰ বক্তব্য দিছে।

বিলোৱাল ভুট্টোৱে কয়, জইছ-ই-মহম্মদৰ মুৰব্বী আজহাৰ ক’ত লুকাই আছে পাকিস্তানে নাজানে।তেওঁ কয় যে যদিহে ভাৰতে মাছুদ পাকিস্তানত আছে বুলি সুনিৰ্দিষ্ট প্ৰমাণ দিব পাৰে তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব।এটা সাক্ষাৎকাৰত এইদৰে কয় বিলোৱাল ভুট্টোৱে।

আজহাৰ আফগানিস্তানত থাকিব পাৰেঃ বিলোৱাল ভুট্টো

বিলোৱাল ভুট্টোৱে কয় যে ভাৰতে এতিয়াও আজহাৰ পাকিস্তানত থকাৰ কোনো প্ৰমাণ দিয়া নাই।যদি তেওঁলোকে ইয়াক প্ৰমাণ কৰিব পাৰে, তেতিয়া আমি আজহাৰক গ্ৰেপ্তাৰ কৰিম।

ভুট্টোৱে লগতে কয় যে আজহাৰ আফগানিস্তানত থাকিব পাৰে।অৱশ্যে ভুট্টোৱে লগতে কয় যে যদি নাটোৱে তেওঁক আফগানিস্তানত বন্দী কৰিব নোৱাৰে, তেন্তে পাকিস্তানে এই কাম কৰিব বুলি আশা কৰাটো ব্যৱহাৰিক নহয়।

কোন হয় সন্ত্ৰাসবাদী মাছুদ আজহাৰ?

আজহাৰ এজন কুখ্যাত সন্ত্ৰাসবাদী আৰু পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদ (JeM)ৰ প্ৰতিষ্ঠাপক আৰু নেতা।

তেওঁৰ সম্পূৰ্ণ নাম মৌলানা মাছুদ আজহাৰ আলভি আৰু তেওঁৰ জন্ম হৈছিল ১৯৬৮ চনৰ ১০ জুলাইত পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাহাৱালপুৰত হৈছিল।

তেওঁলোকৰ ১১ জন ভাই-ভনী আছিল আৰু পিতৃ চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল।মাছুদে কৰাচীৰ জামিয়া উলুম আল ইছলামিয়াত অধ্যয়ন কৰিছিল আৰু পিছলৈ সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হৈছিল।

ভাৰতত সংঘটিত বহু বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল মাছুদ আজহাৰ।২০১৯ চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত চি আৰ পি এফৰ ৪০ জন জোৱান শ্বহীদ হোৱাত তেওঁৰ হাত আছে বুলিও কোৱা হয়।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় বিৰোধী ভাইৰেল ভিডিঅ’ আৰু কন্টেন্ট কৰা হ’ব ব্লক!চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

আক্ৰমণৰ আশংকাত কম্পমান পাকিস্তান; দেশ এৰিলে বিলোৱাল ভুট্টোৰ পৰিয়ালে

জম্মু-কাশ্মীৰৰ পহলগামত নিৰীহ পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আৰম্ভ কৰিলে।

ভাৰতে প্ৰথমে সিন্ধু জল সন্ধি স্থগিত ৰাখিছিল আৰু  পাকিস্তানৰ বিৰুদ্ধে আন বহু গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

এই সিদ্ধান্তসমূহৰ পিছত পাকিস্তানত বিভ্ৰান্তি আৰু ভয়ৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু  কেৱল সাধাৰণ জনতাই নহয়, আনকি সেনা প্ৰধান আৰু বিৰোধী নেতাসকলেও ভয়ৰ মাজেৰে দিন পাৰ কৰিছে।

এই পৰিস্থিতি ইমানেই তীব্ৰতৰ হৈ পৰিছে যে মানুহে দেশ এৰি যাবলৈ বাধ্য হৈছে। শেহতীয়াকৈ পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰৰ পৰিয়ালে দেশ এৰি গৈছে আৰু এতিয়া খবৰ আহিছে যে পাকিস্তান পিপলছ পাৰ্টিৰ সভাপতি বিলোৱাল ভুট্টোৰ পৰিয়ালটোও পাকিস্তান এৰি কানাডালৈ গৈছে।

দৰাচলতে ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছত পাকিস্তানী শাসকৰ মাজত আলোড়নৰ সৃষ্টি হৈছিল।তেওঁলোকে ভালদৰেই জানে যে সিন্ধু জল সন্ধি ভংগ কৰিলে পাকিস্তান নিঃস্ব হৈ পৰিব।

ইফালে ৰাজনৈতিক ষ্টাণ্ট কৰাৰ প্ৰয়াসত পিপিপিৰ অধ্যক্ষ বিলোৱাল ভুট্টোৱে ভাৰতক ভাবুকি প্ৰদান কৰি মন্তব্য দিছিল যে, পাকিস্তানৰ পানী যোগান বন্ধ হ’লে ভাৰতত তেজৰ নদী বৈ যাব।

বিলোৱালে দিয়া এই ভাবুকিৰ এদিন পিছতেই পোহৰলৈ আহিছে যে দেওবাৰে পুৱা বিলোৱাল ভুট্টোৰ পৰিয়ালৰ সদস্য বখতাৱাৰ ভুট্টো আৰু আছিফা ভুট্টোৱে পাকিস্তানৰ পৰা কানাডালৈ গৈছে।

দৰাচলতে পাকিস্তানত এই কথাক লৈ আতংক সৃষ্টি হৈছে যে বাৰতে যিকোনো মূহুৰ্ততে পাকিস্তানক আক্ৰমণ কৰিব পাৰে। যাৰ বাবে এতিয়া সকলোৱে পাকিস্তান এৰি ঢাপলি মেলিছে কানাডালৈ।