ভাৰতীয় প্ৰিমিয়াৰ লীগৰ ১৮ তম চিজনৰ আৰম্ভণি ২২ মাৰ্চত হ’ব, য’ত প্ৰথমখন খেল কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেঙ্গালুৰৰ টীমৰ মাজত হ’ব।
আইপিএল ২০২৫ চনৰ চিজনৰ আৰম্ভণি হোৱাৰ পূৰ্বে বি চি চি আইয়ে এক ডাঙৰ সিদ্ধান্ত লৈছে, যাৰ ফলত বলাৰ সকলৰ যথেষ্ট লাভ হ’ব।
ক’ভিড-১৯ মহামাৰীৰ বাবে বলত থু লগোৱাত যি বাধা প্ৰদান কৰা হৈছিল সেয়া প্ৰত্যাহাৰ কৰাৰ বাবে এতিয়া সিদ্ধান্ত লোৱা হৈছে।
কোভিড-১৯ মহামাৰীৰ সময়চোৱাত আইচিচিয়ে য’ত প্ৰথমে বলত থু লগোৱাত নিষেধ জাৰি কৰিছিল সেয়া আইপিএলটো প্ৰয়োগ কৰা হৈছিল।
তাৰ পিছত বছৰ ২০২২ত আইচিচিৰ তৰফৰ পৰা এই নিষেধাজ্ঞাক স্থায়ী ৰূপত জাৰি কৰা হৈছিল।এতিয়া বি চি চি আইয়ে আই পি এল ২০২৫ ৰ আৰম্ভণিৰ আগতে মুম্বাইত অধিনায়ক সকলৰ সৈতে হোৱা বৈঠকৰ পিছত বলত থু লগোৱা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে।
বিচিচিআইৰ এই প্ৰস্তাৱত অধিকাংশ অধিনায়কে সহমতি প্ৰকাশ কৰিছে। এতিয়া ইয়াৰ পৰা অহা আইপিএল চিজনত ইয়াৰ ফলত বলাৰ সকলক যথেষ্ট উপকাৰ হ’ব।
য’ত তেওঁলোকে বল পুৰণি হোৱাৰ পিছটো ৰিভাৰ্চ ছুইং কৰিব পাৰিব, যাতে বেটসমেনক তীব্ৰ গতিত ৰান কৰিলে ৰোধ কৰা যাব পাৰে।
বিশ্ব ক্রিকেটত এতিয়া, আইপিএল প্ৰথমবাৰৰ বাবে এনে এখন লীগ হৈছে, য’ত বলৰ ওপৰত থু লগোৱাৰ বাধা উঠোৱাৰ সিদ্ধান্ত লৈছে।
ভাৰতীয় টীমৰ দুৰ্দান্ত বলাৰ মহাম্মদ ছামীয়ে কিছু সময় পূৰ্বে বলত থু লগোৱাৰ নিষেধাজ্ঞা আঁতৰাবলৈ আহ্বান জনাইছিল।
য’ত তেওঁ কৈছিল যে যদি এনেধৰণে নহয় তেনেহ’লে এই খেল সম্পূৰ্ণৰূপে বলাৰসকলৰ অনুকূল হৈ পৰিব।ছামীয়ে কৈছিল যে আমি বলত থু লগোৱাৰ দাবী কৰা কাৰণ হ’ল ইয়াৰ ফলত বলটো ৰিভাৰ্ছ ছুইং কৰাত সহায় হয়।