বাংলাদেশত শ্বেখ হাছিনা আৰু ইউনুছ সমৰ্থকৰ মাজত ৰক্তাক্ত সংঘৰ্ষ
বাংলাদেশৰ পৰিস্থিতি পুনৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে । বুধবাৰে গোপালগঞ্জ অঞ্চলত শ্বেখ হাছিনাৰ দল আৱামি লীগৰ ছাত্ৰ শাখা আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ সমৰ্থকৰ মাজত ৰক্তাক্ত সংঘৰ্ষৰ সূত্ৰপাত হয় । এই ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে ডজনৰো অধিক লোক আহত হয় । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা দেখি সেনাই টেংকেৰে ৰাজপথত টহল দি অঞ্চলটোৰ দায়িত্ব লয় । উল্লেখ্য যে, বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবৰ ৰহমানৰ জন্মস্থান গোপালগঞ্জ ।
তথ্য অনুসৰি নেশ্যনেল চিটিজেন পাৰ্টিয়ে গোপালগঞ্জত এক সমাৱেশৰ আয়োজন কৰিছিল, য’ত পৰিস্থিতিয়ে হিংসাত্মক ৰূপ ধাৰণ কৰে । হিংসাত্মক পৰিস্থিতিৰ পিছতে অঞ্চলটোত জাৰি কৰা হৈছে কাৰ্ফিউ । আৰক্ষীৰ উপৰিও অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হয় । ভাৰতত আশ্ৰয় লৈ থকা শ্বেখ হাছিনাৰ দল আৱামী লীগে ইউনুছ চৰকাৰে দুষ্কৃতিকাৰীৰ জৰিয়তে ৰক্তপাত কৰাৰ অভিযোগ উত্থাপন কৰিছে ।
গোপালগঞ্জৰ হিন্দু অধ্যুষিত অঞ্চলত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত মহম্মদ ইউনুছ চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । হিংসাত্মক অঞ্চলটোত সান্ধ্য আইনৰ মাজতে অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে । ইউনুছ চৰকাৰে এই ৰক্তপাতৰ বাবে আৱামী লীগক দোষাৰোপ কৰিছে । আনহাতে শ্বেখ হাছিনাৰ সমৰ্থকসকলে কয় যে ইউনুছ চৰকাৰে দলীয় কৰ্মীক আক্ৰমণ কৰিছে ।
অভিযোগ অনুসৰি শ্বেখ হাছিনা দলৰ সমৰ্থকে এন চি পিৰ সমাৱেশত আক্ৰমণ চলাইছিল । আৱামী লীগৰ ছাত্ৰ শাখা বাংলাদেশ ছাত্ৰ লীগৰ বিৰুদ্ধে হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ পিছতে সংঘৰ্ষৰ সৃষ্টি হয় । মহম্মদ ইউনুছ চৰকাৰৰ বিৰুদ্ধে শ্বেখ হাছিনাৰ সমৰ্থকে বিক্ষোভ আৰম্ভ কৰে । আৰক্ষীৰ গুলীত নিহত হৈছে ৪ জন ।
লগতে পঢ়ক : সত্যজিৎ ৰায়ৰ বাংলাদেশস্থিত পূৰ্বপুৰুষৰ ঘৰ সংৰক্ষণৰ আহ্বান ভাৰত চৰকাৰৰ…