২০২৬ৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচন অনুষ্ঠিত হ’ব বাংলাদেশত
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ পিছত বাংলাদেশে প্ৰথমবাৰৰ বাবে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে । বাংলাদেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰ উদ্দিনে শনিবাৰে ঘোষণা কৰে যে দেশখনত ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব । তেওঁ স্বীকাৰ কৰে যে ভোটদান প্ৰক্ৰিয়াক মুক্ত, ন্যায্য আৰু স্বচ্ছ কৰি তোলাটো এতিয়াও নিৰ্বাচন আয়োগৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান । অৱশ্যে নিৰ্বাচনৰ সঠিক তাৰিখ আৰু সময়সূচী ঘোষণা কৰা নাই । আনুষ্ঠানিক ঘোষণাৰ দুমাহ পূৰ্বে মুকলি কৰা হ’ব বুলিও তেওঁ কয় ।
চৰকাৰী সংবাদ সংস্থা বাংলাদেশ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি উত্তৰ-পশ্চিম ৰংপুৰ জিলাত এক কাৰ্যসূচীৰ সময়ত উদ্দিনে কয় যে নিৰ্বাচনী ব্যৱস্থা, দেশৰ নিৰ্বাচন আয়োগ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰশাসনিক যন্ত্ৰৰ প্ৰতি দেশৰ জনসাধাৰণৰ বিশ্বাস সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে । এই হেৰুৱা আস্থা পুনৰ ঘূৰাই অনাৰ বাবে নিৰ্বাচন আয়োগে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।
অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ঘোষণা কৰাৰ কিছুদিন পিছতে নিৰ্বাচন আয়ুক্তৰ এই বক্তব্য প্ৰকাশ পাইছে, য’ত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বীয়ে অহা বছৰৰ ফেব্ৰুৱাৰী মাহত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা কৈছিল । মহম্মদ ইউনুছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামি লীগ চৰকাৰক ক্ষমতাৰ পৰা অপসাৰণৰ প্ৰথম বৰ্ষপূৰ্তিৰ দিনাই এই ঘোষণা কৰা হৈছে ।
লগতে পঢ়ক : ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ-আলোচনা কৰিব ট্ৰাম্পে; ১৫ আগষ্টত হ’ব বৈঠক