ভূতৰ ওপৰত দানহ পৰাদি পাকিস্তানী সেনাৰ ওপৰত পুনৰ আক্ৰমণ কৰিছে বেলুচ বিদ্ৰোহীয়ে । বিগত ২৪ ঘন্টাত পাকিস্তান সেনাবাহিনীৰ ওপৰত বেলুচৰ দ্বাৰা এয়া দ্বিতীয়টো বৃহৎ আক্ৰমণ, য’ত ৭ জন জোৱান নিহত হোৱাৰ দাবী কৰা হৈছে ।
এই আক্ৰমণ বোলানৰ মাচকুণ্ডত সংঘটিত হয় । বেলুচ লিবাৰেচন আৰ্মীৰ বিশেষ কৌশলগত অভিযান স্কোৱাডে পাকিস্তানী সেনাৰ এখন বাহনক লক্ষ্য কৰি আক্ৰমণ কৰে । ৰিম’ট ব্যৱহাৰ কৰি উৰুৱাই দিয়া হয় পাকিস্তানী সেনাৰ বাহনখন ।
পাকিস্তানী সেনাই সামৰিক অভিযানৰ বাবে সাজু হৈ থকাৰ সময়তে এই আক্ৰমণ সংঘটিত হয় । এই আক্ৰমণত ৭ জন পাকিস্তানী জোৱানৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে ।
ইয়াৰ পূৰ্বেও বি এল এয়ে পাকিস্তানী সেনাক আক্ৰমণ কৰিছিল, য’ত বহু পাকিস্তানী সৈনিক নিহত হৈছিল । এই আক্ৰমণত কেচ জিলাৰ কিলাগ অঞ্চলত পাকিস্তানী সেনাৰ এটা দলক লক্ষ্য কৰি লোৱা হয় ।
বেলুচিস্তান সন্দৰ্ভত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বাহিদ খাকান আব্বাছীয়ে কয় যে বেলুচিস্তান বনৰীয়া ঘোঁৰাৰ দৰে, যাৰ ওপৰত পাকিস্তানৰ কোনো নিয়ন্ত্ৰণ নাই আৰু ৰাতি ই আৰু অধিক বন্য হৈ পৰে ।