‘অৱতাৰ ৩’ৰ ট্ৰেইলাৰ মুকলি
বিশ্বৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি ‘অৱতাৰ’ অন্যতম বৃহৎ ফ্ৰেঞ্চাইজি । পৰিচালক জেমছ কেমেৰুনৰ এই ফ্ৰেঞ্চাইজিৰ দুটা খণ্ড এতিয়ালৈকে মুক্তি পাইছে । অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে তৃতীয় খণ্ডৰ বাবে । ইফালে নিৰ্মাতাসকলে তৃতীয় খণ্ড, অৱতাৰ: ফায়াৰ এণ্ড এছৰ ট্ৰেইলাৰ মুকলি কৰিছে । যিটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
উল্লেখ্য যে অৱতাৰৰ দ্বিতীয় খণ্ড ‘দ্য ৱে অব ৱাটাৰ’ নামেৰে মুক্তি পাইছিল । এতিয়া তৃতীয় খণ্ডৰ নাম ৰখা হৈছে অৱতাৰ: ‘ফায়াৰ এণ্ড এছ’ । এই ট্ৰেইলাৰ মুকলিৰ লগে লগে এতিয়া অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে ।
উল্লেখ্য যে শেহতীয়াকৈ অৱতাৰৰ নিৰ্মাতাসকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰিছিল যে ইয়াত উনা চেপলিনক খলনায়কৰ চৰিত্ৰত দেখা যাব । তেতিয়াৰ পৰাই অনুৰাগীসকলে তেওঁক এই ভূমিকাত দেখাৰ বাবে বাট চাই আছিল ।
এই ছবিখনৰ বাজেট কিমান ?
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ‘অৱতাৰ ৩’ৰ বাবে প্ৰায় ২১০০ কোটি টকা ব্যয় কৰা হৈছে । এই বিগ বাজেটৰ ছবিখন ১৯ ডিচেম্বৰত ভাৰতত ইংৰাজী, হিন্দী, তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ভাষাত মুক্তি পাব । উল্লেখ্য যে ছবিখনৰ প্ৰথম খণ্ডত ২.৯৭ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ২৫ হাজাৰ কোটি টকা উপাৰ্জন হৈছিল । দ্বিতীয় খণ্ডটোৱেও তীব্ৰ সঁহাৰি লাভ কৰিছিল । এই ছবিখনে ২.৩ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ২০ হাজাৰ কোটি টকা সংগ্ৰহ কৰিছিল । ‘অৱতাৰ ৩’ প্ৰথম দুটা অংশক অতিক্ৰম কৰে নে নকৰে সেয়া হ’ব লক্ষ্যণীয় ।
লগতে পঢ়ক : ছলমান খানৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে; পুনৰ চৰ্চাত ২৭ বছৰীয়া কৃষ্ণ হৰিণ চিকাৰৰ ঘটনা