জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ আনিবলৈ দিল্লীলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ উভতাই আনিবলৈ দিল্লীলৈ উৰা মাৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । শনিবাৰে বিয়লি দিল্লীলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰীগৰাকী । কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই কথা জনাইছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । মুখ্যমন্ত্ৰীয়ে দিল্লীত চমজি ল’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ ।
সামাজিক মাধ্যমত এই কথা জানিবলৈ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে-
“মৃত্যু এক চিৰন্তন প্ৰক্ৰিয়াৰ অংশ মাথোঁ, তথাপি ই জানো ইমান সুলভ হ’ব পাৰে ! নাই বোলোতেই নোহোৱা হৈ যোৱা কথাটি ইমান সহজতে মানিব পাৰি জানো ! নোৱাৰি ৷ মৰমৰ জুবিন নাই বোলা কথাটোও মানি ল’ব পৰা নাই, গোটেই অসমে পৰা নাই ৷ অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়েই যে জুবিনৰ ঘৰ, আপোন ঘৰ…”
মুখ্যমন্ত্ৰীয়ে আৰু লিখিছে- “মৰমৰ শিল্পীজনাক আনিবলৈ নতুন দিল্লীলৈ গৈ আছোঁ ৷ গুৱাহাটী বিমানবন্দৰলৈ আহি থকাৰ বাটত ‘মায়াবিনী’ৰ এই বিশেষ ক্লিপটো দেখি ৰৈ গৈছিলোঁ, বাৰে বাৰে চাইছিলোঁ, তেওঁ লগতে কোৱা জুবিনৰ সেই কথাকেইটাই মূক কৰি তুলিছিল ৷ আজি চৌদিশে ‘মায়াবিনী’ বাজিছে, হিয়া উজাৰি গাইছে সকলোৱে, গুণমুগ্ধ-অনুৰাগীয়ে নিজৰ অতি মৰমৰ শিল্পীগৰাকীৰ কথা ৰাখিছে ৷ এনে প্ৰাপ্তিও বিৰলতকৈ বিৰল ৷ আমাৰ হৃদয়ৰ অন্তহীন স্পন্দন জুবিন !”
ইফালে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ ছিংগাপুৰৰ পৰা ভাৰতলৈ উৰা মাৰিলে বিশেষ বিমান । নিশা ১১ বজাত দিল্লী পাবহি সকলোৰে মৰমৰ শিল্পীগৰাকী । ইয়াৰ পিছতে প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰ দেহ অসমলৈ উভতাই অনা হ’ব ।
লগতে পঢ়ক : হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ শ্ৰদ্ধা : তিনিদিনীয় ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ