আজিৰে পৰা আৰম্ভ এছিয়া কাপৰ যুঁজ
আজিৰে পৰা আৰম্ভ হ’ব ক্ৰিকেট এছিয়া কাপ প্ৰতিযোগিতা ২০২৫ । আবুধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত আজি আফগানিস্তান আৰু হংকঙৰ মাজত অনুষ্ঠিত হ’ব এছিয়া কাপৰ উদ্বোধনী খেলখন । আনহাতে ভাৰতীয় দলটোৱে ১০ ছেপ্টেম্বৰৰ পৰা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে নিজৰ অভিযান আৰম্ভ কৰিব । তাৰ পিছত ১৪ ছেপ্টেম্বৰ (দেওবাৰ)ত ডুবাই খেলপথাৰত তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে মুখামুখি হ’ব ভাৰতীয় দল ।
প্ৰথমবাৰৰ বাবে দুটা গ্ৰুপত ভাগ কৰা এছিয়া কাপত ৮টা দলে অংশগ্ৰহণ কৰিব । গ্ৰুপ এত আছে ভাৰত, পাকিস্তান, ওমান আৰু ইউ এ ই । গ্ৰুপ বিত আছে হংকং, আফগানিস্তান, শ্ৰীলংকা আৰু বাংলাদেশ । দুয়োটা গ্ৰুপৰ শীৰ্ষ দুটা দলে ছুপাৰ-৪ পৰ্যায়ত প্ৰৱেশ কৰাৰ সুযোগ পাব । ছুপাৰ-৪ ৰাউণ্ডৰ শীৰ্ষ দুটা দলে ২৮ ছেপ্টেম্বৰত খিতাপৰ মেচ খেলিব ।
কেতিয়া আৰু ক’ত চাব পাৰিব খেল ?
ছ’নী স্প’ৰ্টছ নেটৱৰ্কে এছিয়া কাপ ২০২৫ৰ সকলো খেল ভাৰতৰ টিভিত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব । এই প্ৰতিযোগিতাৰ লাইভ ষ্ট্ৰীমিং চ’নী এল আই ভি এপ আৰু ইয়াৰ ৱেবছাইটতো উপলব্ধ হ’ব । এইবাৰ এছিয়া কাপত মুঠ ১৯খন খেল অনুষ্ঠিত হ’ব । ইয়াৰে ১৮খন খেল ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব । ১৫ ছেপ্টেম্বৰত ইউ এ ই বনাম ওমানৰ মাজৰ খেলখনহে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫.৩০ বজাৰ পৰা আৰম্ভ হ’ব ।
এছিয়া কাপত কোন চেম্পিয়ন হৈছিল ?
এইবাৰ এছিয়া কাপৰ ১৭ সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছে । এইবাৰ এই প্ৰতিযোগিতা টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব । ইয়াৰ উপৰিও ২০১৬ আৰু ২০২২ চনত টি-২০ ফৰ্মেটত আয়োজন কৰা হৈছিল । বাকী ১৪টা সংস্কৰণ এদিনীয়া ফৰ্মেটত আয়োজন কৰা হৈছিল । এছিয়া কাপৰ সফল দল হিচাপে ভাৰতে এতিয়ালৈকে ৮ বাৰ খিতাপ দখল কৰিছে । ১৯৮৪ চনত (প্ৰথম সংস্কৰণ), ১৯৮৮, ১৯৯০-৯১, ১৯৯৫, ২০১০, ২০১৬, ২০১৮ আৰু ২০২৩ চনত ভাৰতীয় দল চেম্পিয়ন হৈছিল । আনহাতে শ্ৰীলংকাই ৬ বাৰ (১৯৮৬, ১৯৯৭, ২০০৪, ২০০৮, ২০১৪, ২০২২) আৰু পাকিস্তানে ২ বাৰ (২০০০, ২০১২) খিতাপ দখল কৰিছিল ।
আয়োজক কোন, ক’ত অনুষ্ঠিত হ’ব মেচ ?
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই) এছিয়া কাপৰ আনুষ্ঠানিক আয়োজক যদিও সকলো খেল ইউ এ ইত অনুষ্ঠিত হ’ব । ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক উত্তেজনাপূৰ্ণ, গতিকে ভাৰতৰ মাটিত সকলো মেচ আয়োজন কৰাটো কঠিন হৈ পৰিছিল । চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ভাৰতৰ মেচ ডুবাইত অনুষ্ঠিত হোৱাৰ দৰেই বি চি চি আইয়ে নিৰপেক্ষ স্থানত পাকিস্তানৰ সৈতে জড়িত মেচৰ আয়োজন কৰিবলগীয়া হ’লহেঁতেন । এই কাৰণতে সমগ্ৰ প্ৰতিযোগিতাখন ইউ এ ইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় । এছিয়া কাপৰ খেলসমূহ ডুবাই (ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম) আৰু আবুধাবি (শ্বেখ জায়েদ ষ্টেডিয়াম)ত অনুষ্ঠিত হ’ব ।
এছিয়া কাপত নেপালে কিয় অংশ লোৱা নাই ?
এছিয়া কাপ ২০২৫ৰ বাবে ভাৰত, শ্ৰীলংকা, পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানে পোনপটীয়াকৈ প্ৰৱেশ লাভ কৰিছে । ওমান, ইউ এ ই আৰু হংকঙে কোৱালিফাইং প্ৰতিযোগিতা (এ চি চি পুৰুষ প্ৰিমিয়াৰ কাপ ২০২৪)ৰ জৰিয়তে প্ৰৱেশ লাভ কৰে । ওমানত অনুষ্ঠিত হোৱা এ চি চি পুৰুষ প্ৰিমিয়াৰ কাপ ২০২৪ত নেপালৰ দলটোৱে চতুৰ্থ স্থান দখল কৰে, যাৰ বাবে এছিয়া কাপত অংশগ্ৰহণৰ সুযোগ নাপালে ।
এছিয়া কাপ ২০২৫ৰ সূচী (ভাৰতীয় সময় অনুসৰি)
৯ ছেপ্টেম্বৰ : আফগানিস্তান বনাম হংকং, আবুধাবি, নিশা ৮ বজাত
১০ ছেপ্টেম্বৰ : ভাৰত বনাম ইউ এ ই, ডুবাই, নিশা ৮ বজাত
১১ ছেপ্টেম্বৰ : বাংলাদেশ বনাম হংকং, আবুধাবি, নিশা ৮ বজাত
১২ ছেপ্টেম্বৰ : পাকিস্তান বনাম ওমান, ডুবাই, নিশা ৮ বজাত
১৩ ছেপ্টেম্বৰ : বাংলাদেশ বনাম শ্ৰীলংকা, আবুধাবি, নিশা ৮ বজাত
১৪ ছেপ্টেম্বৰ : ভাৰত বনাম পাকিস্তান, ডুবাই, নিশা ৮ বজাত
১৫ ছেপ্টেম্বৰ : ইউ এ ই বনাম ওমান, আবুধাবি, ৫.৩০ বজাত
১৫ ছেপ্টেম্বৰ : শ্ৰীলংকা বনাম হংকং, ডুবাই, নিশা ৮ বজাত
১৬ ছেপ্টেম্বৰ : বাংলাদেশ বনাম আফগানিস্তান, আবুধাবি, নিশা ৮ বজাত
১৭ ছেপ্টেম্বৰ : পাকিস্তান বনাম ইউ এ ই, ডুবাই, নিশা ৮ বজাত
১৮ ছেপ্টেম্বৰ : শ্ৰীলংকা বনাম আফগানিস্তান, আবুধাবি, নিশা ৮ বজাত
১৯ ছেপ্টেম্বৰ : ভাৰত বনাম ওমান, আবুধাবি, নিশা ৮ বজাত
২০ ছেপ্টেম্বৰ : বি ১ বনাম বি ২, ডুবাই, নিশা ৮ বজাত
২১ ছেপ্টেম্বৰ : এ১ বনাম এ২, ডুবাই, নিশা ৮ বজাত
২৩ ছেপ্টেম্বৰ : এ২ বনাম বি১, আবুধাবি, নিশা ৮ বজাত
২৪ ছেপ্টেম্বৰ : এ১ বনাম বি২, ডুবাই, নিশা ৮ বজাত
২৫ ছেপ্টেম্বৰ : এ২ বনাম বি২, ডুবাই, নিশা ৮ বজাত
২৬ ছেপ্টেম্বৰ : এ১ বনাম বি১, ডুবাই, নিশা ৮ বজাত
২৮ ছেপ্টেম্বৰ : ফাইনেল, ডুবাই, নিশা ৮ বজাত
লগতে পঢ়ক : কাইলৈৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ… সাজু যুৱ আৰু অভিজ্ঞ খেলুৱৈ, ভাৰত-পাকিস্তানৰ মেচত অনুৰাগীৰ চকু