এছিয়া কাপত কাইলৈ মুখামুখি হ’ব চিৰ প্ৰতিদ্বন্দ্বী ভাৰত-পাকিস্তান
চলিত এছিয়া কাপত জয়ৰে আৰম্ভণি কৰিছে ভাৰত আৰু পাকিস্তান দলে । দুয়োটা দলে প্ৰথমখন মেচত দৰ্শনীয় জয় সাব্যস্ত কৰিছে । এতিয়া দুয়োটা দলে মুখামুখি হ’বলৈ সাজু হৈছে । দেওবাৰে ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব হাইভল্টেজ মেচ । এই মেচখন দুয়োটা দলৰ বাবে অতি গুৰুত্বপূৰ্ণ । কাৰণ এই মেচখনৰ বিজয়ী দলটোৱে ছুপাৰ ৪ত উপনীত হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব । দুয়ো দলেই জয়ৰ বাবে মৰণপণ যুঁজত অৱতীৰ্ণ হ’ব । খিতাপৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী ভাৰতে ৮ বাৰ এছিয়া কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে পাকিস্তানে দুবাৰকৈ খিতাপ দখল কৰিছে । ডুবাইৰ পৰিস্থিতিয়ে দুয়োটা দলৰ স্পীনাৰক উপকৃত কৰিব ।
ইয়াৰ পূৰ্বেও ডুবাইত ভাৰত আৰু পাকিস্তানে মেচ খেলিছে । ক্ৰিকেট খেলপথাৰত যেতিয়া ভাৰত-পাকিস্তান মুখামুখি হয় তেতিয়া দৰ্শকৰ উত্তেজনাৰ সকলো সীমা অতিক্ৰম কৰে । হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগী এই মেচৰ সৈতে আৱেগিকভাৱে আকৃষ্ট হৈ পৰে । অৱশ্যে এই মেচৰ পূৰ্বে দুয়োটা দলৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব সঠিক মূল একাদশ বাছি লোৱা ।
পাকিস্তানৰ বিৰুদ্ধে কি হ’ব ভাৰতীয় দলৰ ৰণকৌশল-
পাকিস্তানৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ মূল একাশক লৈ চৰ্চা চলিছে । বিশেষকৈ অৰ্শদীপ সিঙৰ স্থানৰ বিষয়ে । ইউ এ ইৰ বিৰুদ্ধে প্ৰথমখন খেলত শুভমন গীল আৰু অভিষেক শৰ্মাই অ’পেনিং কৰে । এনে পৰিস্থিতিত পাকিস্তানৰ বিৰুদ্ধেও তেওঁলোকক মুকলি কৰা দেখা যাব পাৰে । একে সময়তে মিডল অৰ্ডাৰৰ দায়িত্ব সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, সঞ্জু ছেমচন আৰু শিৱম ডুবেৰ ওপৰত থাকিব ।
অল ৰাউণ্ডাৰ হিচাপে হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল আৰু শিৱম ডুবেই দলৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব । সঞ্জু চেমছনে উইকেটকীপাৰ বেটছমেন হিচাপে ফিনিছাৰৰ ভূমিকা পালন কৰিব পাৰে । বলিং বিভাগত যশপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলে ভাৰতীয় আক্ৰমণক শক্তিশালী কৰিব ।
পাকিস্তানৰ দলে এই খেলুৱৈসকলক সুযোগ দিবনে ?
পাকিস্তানৰ সম্ভাৱ্য প্লেইং ১১ৰ কথা ক’বলৈ গ’লে ছেম আয়ুব, শ্বাহিবজাদা ফাৰহান, মহম্মদ হাৰিছ, ফাখৰ জামান আৰু ছলমান আঘাই বেটিঙৰ দায়িত্ব চম্ভালিব পাৰে । আনহাতে বলিংত মহম্মদ নৱাজ, ফাহীম আশ্ৰাফ, শ্বাহীন আফ্ৰিদি, চুফিয়ান মুকীম আৰু আব্ৰাৰ আহমেদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।
ভাৰতৰ সম্ভাৱ্য মূল একাদশ-
শুভমন গীল, অভিষেক শৰ্মা, তিলক বাৰ্মা, সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), সঞ্জু ছেমচন (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ ।
পাকিস্তান সম্ভাৱ্য মূল একাদশ-
ছেম আয়ুব, চাহিবজাদা ফাৰহান, মহম্মদ হাৰিছ (উইকেটকীপাৰ), ফখৰ জামান, ছলমান আঘা (অধিনায়ক), হাছান নৱাজ, মহম্মদ নৱাজ, ফাহীম আশ্ৰফ, শ্বাহীন আফ্ৰিদি, চুফিয়ান মুকীম, আব্ৰাৰ আহমেদ ।
লগতে পঢ়ক : ‘ভাৰতীয় দল বিজয়ী হৈ উভতি আহিব…’; এছিয়া কাপক লৈ কপিল দেৱৰ ডাঙৰ মন্তব্য