কাইলৈৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ
কাইলৈ তথা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপৰ উত্তেজনা । এইবাৰ প্ৰতিযোগিতাখনৰ ১৭ সংখ্যক সংস্কৰণ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব আৰু সকলো খেল আবুধাবি আৰু ডুবাইত অনুষ্ঠিত হ’ব । ডাবল হেডাৰৰ দিনা প্ৰথমখন মেচ ৫:৩০ বজাত (ভাৰতীয় সময়) অনুষ্ঠিত হ’ব, আনহাতে বাকী সকলো মেচ ৮:০০ বজাত অনুষ্ঠিত হ’ব ।
ইউ এ ইত কিয় অনুষ্ঠিত হৈছে এছিয়া কাপ ?
প্ৰথমে বি চি চি আইয়ে প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ ওলাইছিল যদিও ভাৰত আৰু পাকিস্তানৰ ৰাজনৈতিক সম্পৰ্ক অৱনতি ঘটাত আৰু ইখনে সিখনৰ মাটিত ক্ৰিকেট খেলিবলৈ অস্বীকাৰ কৰাৰ বাবে স্থান সলনি কৰিবলগীয়া হয় । এই কাৰণতে এতিয়া ইউ এ ইত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । যদিও বি চি চি আই এতিয়াও প্ৰতিযোগিতাখনৰ আনুষ্ঠানিক আয়োজক হৈ থাকিব, তথাপিও সকলো খেল ডুবাই আৰু আবুধাবিত অনুষ্ঠিত হ’ব ।
প্ৰতিযোগিতাখনৰ ইতিহাসে কি কয় ?
১৯৮৪ চনত ভাৰত, পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত প্ৰথম এছিয়া কাপ অনুষ্ঠিত হৈছিল । ২০০৮ চনৰ পৰা নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা এই প্ৰতিযোগিতাখন ভাৰত বৰ্তমানৰ চেম্পিয়ন, যিয়ে ২০২৩ চনৰ ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি ৮ম বাৰৰ বাবে খিতাপ দখল কৰিছিল । শ্ৰীলংকাই ৬ বাৰ খিতাপ দখল কৰিছে । আনহাতে পাকিস্তান মাত্ৰ দুবাৰহে চেম্পিয়ন হৈছে । এইবাৰ প্ৰতিযোগিতাখন টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব, যিটো ইতিহাসত তৃতীয়বাৰৰ বাবে ঘটিছে ।
কোন কোন দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব ?
প্ৰথমবাৰৰ বাবে এছিয়া কাপত ৮টা দলে অংশগ্ৰহণ কৰিবলৈ ওলাইছে । এই প্ৰতিযোগিতাত ভাৰত, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তানে প্ৰত্যক্ষ প্ৰৱেশ লাভ কৰে । আনহাতে ওমান, সংযুক্ত আৰব আমিৰশ্বাহী আৰু হংকঙে এছিয়াৰ সহযোগী দেশসমূহৰ মাজত খেলা প্ৰতিযোগিতা এ চি চি পুৰুষ প্ৰিমিয়াৰ কাপৰ জৰিয়তে প্ৰৱেশ লাভ কৰিছে ।
এইবাৰৰ ফৰ্মেট-
৮টা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে । দুয়োটা গ্ৰুপৰ শীৰ্ষ দুটা দলে ‘ছুপাৰ ফোৰ’ৰ বাবে যোগ্যতা অৰ্জন কৰিব । তাৰ পিছত ২৮ ছেপ্টেম্বৰত শীৰ্ষ দুটা দলে ফাইনেল খেলিব ।
গ্ৰুপ এ : ভাৰত, পাকিস্তান, ওমান, ইউ এ ই
গ্ৰুপ বি : শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তান, হংকং
ভাৰত-পাকিস্তানৰ যুঁজ কেতিয়া ?
ভাৰত আৰু পাকিস্তানৰ ৰাজনৈতিক সম্পৰ্কৰ অৱনতি ঘটাৰ পিছত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল যদিও ভাৰত চৰকাৰৰ স্পষ্টতাৰ পিছত দুয়োটা দলৰ মাজত খেলখন স্থিৰ হৈ পৰিছিল । ১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব দুয়োটা দলৰ গ্ৰুপ মেচ । যদি দুয়োটা দলে ছুপাৰ ৪ বা ফাইনেলত প্ৰৱেশ কৰে তেন্তে এই প্ৰতিযোগিতাত ভাৰত আৰু পাকিস্তানৰ মাজত তিনিখন মেচ অনুষ্ঠিত হ’ব ।
কোন কোন নতুন খেলুৱৈ বাতৰিৰ শিৰোনামত আছে ?
এই এছিয়া কাপত বহুতো নতুন আৰু যুৱ মুখ আছে । টি-২০ত দুটা শতক আৰু ১৯৩.৮৪ ষ্ট্ৰাইক ৰেট থকা ২৪ বছৰীয়া অভিষেক শৰ্মাই এই পৰ্যন্ত ভাৰতৰ হৈ ১৭খন মেচ খেলিছে । আফগানিস্তানৰ ১৯ বছৰীয়া মিষ্ট্ৰী স্পীনাৰ আল্লাহ গাজানফৰে ১১খন এদিনীয়া খেলত প্ৰদৰ্শন কৰি আপ্লুত কৰিছে ।
২০২৫ৰ পি এছ এলত পাকিস্তানৰ ৩১ বছৰীয়া বেগী বলাৰ ছলমান মিৰ্জাই মুঠ ১১টা উইকেট দখল কৰিছিল । ইউ এ ইৰ অধিনায়ক মহম্মদ ৱাছিমে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১৫৫.৬৭ ষ্ট্ৰাইক ৰেটত ২৯২২ ৰান সংগ্ৰহ কৰিছে । টি-২০ত মুঠ ৭০টা উইকেট দখল কৰা হংকঙৰ ৩৪ বছৰীয়া ইয়াছিম মুৰ্তাজাই প্ৰথমবাৰৰ বাবে নিজৰ দলৰ অধিনায়কত্ব কৰিব ।
এই এছিয়া কাপ কিয় বিশেষ ?
টি-২০ ফৰ্মেটত সদায় যিকোনো অঘটন ঘটাৰ সম্ভাৱনা থাকে । হংকং, আফগানিস্তানৰ দৰে দলে বিগত সময়ত ডাঙৰ দলক প্ৰত্যাহ্বান জনাই আহিছে । ২০২২ চনত টি-২০ এছিয়া কাপ জয় কৰি শ্ৰীলংকাই প্ৰমাণ কৰিলে যে এই প্ৰতিযোগিতা আশ্বৰ্যৰে ভৰা ।
লগতে পঢ়ক : ভাৰতৰ বাহিৰেও ২০২৫ৰ এছিয়া কাপ জয়ৰ শক্তিশালী দাবীদাৰ এই তিনিখন দেশ…