এছিয়া কাপ ২০২৫
এছিয়া কাপ ২০২৫ৰ বাবে ইতিমধ্যে ঘোষণা কৰা হৈছে ভাৰতীয় দল । এইবাৰ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । ১৫ জনীয়া দলটোত কিছুমান অপ্ৰত্যাশিত নামো আছে । কোৱা হয় যে আই পি এলৰ প্ৰদৰ্শন টি-২০ৰ বাবেও বিবেচনা কৰা হয় । কিন্তু এইবাৰ নিৰ্বাচনত আই পি এল ২০২৫ৰ অৰেঞ্জ কেপ বা পাৰ্পল কেপ লাভ কৰা খেলুৱৈক দলত স্থান দিয়া হোৱা নাই । একে সময়তে লীগত ২৬১ ৰান সংগ্ৰহ কৰা এজন খেলৱৈকহে অন্তৰ্ভুক্ত কৰা হৈছে । কেৱল এয়াই নহয়, আই পি এলত নিজৰ দলটোক দুবাৰকৈ ফাইনেললৈ লৈ যোৱা অধিনায়ক শ্ৰেয়াছ আয়াৰেও স্থান লাভ কৰা নাই ।
এছিয়া কাপৰ দলত আছে আই পি এল ২০২৫ৰ শীৰ্ষ ৭ৰ দুগৰাকী ভাৰতীয় বেটছমেন-
২০২৫ চনৰ আই পি এলত গুজৰাট টাইটানছৰ হৈ খেলা ছাই সুদৰ্শনে সৰ্বাধিক ৰান সংগ্ৰহ কৰে । ১৫খন মেচৰ ১৫টা ইনিংছত গড়ে ৫৪.২১ আৰু ষ্ট্ৰাইক ৰেট ১৫৬.১৭ত ৭৫৯ ৰান সংগ্ৰহ কৰে তেওঁ । ইয়াৰ ভিতৰত এটা শতক আৰু ছটা অৰ্ধশতকো আছে । একে সময়তে টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হোৱা সূৰ্য্যকুমাৰ যাদৱ ভাৰতীয় দলৰ অধিনায়ক । ২০২৫ চনৰ আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছিল সূৰ্য্যকুমাৰে । ১৬খন মেচৰ ১৬ টা ইনিংছত গড়ে ৬৫.১৮ আৰু ষ্ট্ৰাইক ৰেট ১৬৭.৯১ ৰে ৭১৭ ৰান সংগ্ৰহ কৰিছিল তেওঁ । ইয়াৰ ভিতৰত পাঁচটা অৰ্ধশতক অন্তৰ্ভুক্ত আছে ।
একে সময়তে ৬৫৭ ৰানেৰে তৃতীয় স্থানত আছিল বিৰাট কোহলী, ৬৫০ ৰানেৰে চতুৰ্থ স্থানত শুভমন গীল আৰু ৬২৭ ৰানেৰে পঞ্চম স্থানত মিচেল মাৰ্ছ আছিল । আই পি এল ২০২৫ত সৰ্বাধিক ৰান সংগ্ৰহ কৰা সামগ্ৰিকভাৱে শীৰ্ষ ১০ গৰাকী খেলুৱৈৰ ভিতৰত ৭ গৰাকী ভাৰতীয় আছিল আৰু ইয়াৰে মাত্ৰ দুজন ভাৰতীয় খেলুৱৈ বৰ্তমানৰ এছিয়া কাপৰ দলত আছে । টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে বিৰাটে । আই পি এল ২০২৫ত সৰ্বাধিক ৰান সংগ্ৰহ কৰা শীৰ্ষ ১০ খেলুৱৈৰ ভিতৰত সুদৰ্শন, সূৰ্যকুমাৰ আৰু গীলৰ উপৰিও শ্ৰেয়াছ আয়েৰে ছয় নম্বৰ, যশস্বী জয়ছোৱাল সাত নম্বৰ, প্ৰভসিমৰন সিং আঠ নম্বৰত আৰু কে এল ৰাহুল নৱম স্থানত আছে । জছ বাটলাৰ দশম স্থানত আছিল ।
আই পি এল ২০২৫ৰ শীৰ্ষ ৭ ভাৰতীয় বলাৰৰ ভিতৰত তিনিগৰাকী দলত আছে-
একে সময়তে আই পি এল ২০২৫ৰ সৰ্বাধিক উইকেট দখলকাৰী আছিল প্ৰসিদ্ধ কৃষ । ১৫খন মেচত ২৫টা উইকেট দখল কৰে তেওঁ । তেওঁৰ ইকনমি ৰেট আছিল ৮.২৭ আৰু ষ্ট্ৰাইক ৰেট আছিল ১৪.১৬ । নুৰ আহমেদে ২৪ উইকেট দখল কৰি দুই নম্বৰত, জোছ হেজলউডে ২২টা উইকেটৰে তিনি নম্বৰত, ট্ৰেণ্ট বৌল্টে ২২টা উইকেটৰে চতুৰ্থ নম্বৰত, অৰ্শদীপ সিঙ পাঁচ নম্বৰত, সাই কিশোৰে ১৯টা উইকেটৰে ছয় নম্বৰত, যশপ্ৰীত বুমৰাহ ১৮টা উইকেটৰে সাত নম্বৰত, বৰুণ চক্ৰৱৰ্তীয়ে ১৭টা উইকেটৰে অষ্টম নম্বৰত, ১৭ উইকেটেৰে ক্ৰুনাল পাণ্ডিয়া নৱম স্থানত আৰু দহ নম্বৰত উইকেটৰে ভুৱনেশ্বৰ কুমাৰ আছিল । বিদেশী বলাৰক আঁতৰলে শীৰ্ষ ১০ বলাৰত সাতজন ভাৰতীয় আছিল । ইয়াৰে এছিয়া কাপৰ দলত স্থান লাভ কৰিছে মাত্ৰ তিনিজন বলাৰে ।
২৬১ ৰান সংগ্ৰহ কৰি দলত জিতেশ শৰ্মা, ৬০৪ ৰান সংগ্ৰহ কৰাৰ পিছতো অন্তৰ্ভুক্ত নহ’ল শ্ৰেয়াছ-
২০২৫ চনৰ আই পি এলত মাত্ৰ ২৬১ ৰান সংগ্ৰহ কৰা জিতেশ শৰ্মাক এছিয়া কাপৰ দলত স্থান দিয়া হৈছে । কিছু মেচত তেওঁ আৰ চি বিৰ অধিনায়কত্বও কৰিছিল । তেওঁ আৰ চি বিৰ হৈ মেচ ফিনিছাৰৰ ভূমিকা পালন কৰিছিল । এই সময়ছোৱাত তেওঁৰ গড় ৩৭.২৯ আৰু ষ্ট্ৰাইক ৰেট আছিল ১৭৬.৩৫ । জিতেশে কম ৰান কৰিছিল যদিও তেওঁৰ ইনিংছ ফলপ্ৰসূ আৰু মেচ জয়ী আছিল । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে তেওঁ মাত্ৰ ৩৩টা বলত অপৰাজিত ৮৫ ৰান সংগ্ৰহ কৰি নিজৰ দলটোক ২২৮ ৰানৰ লক্ষ্য অনুসৰণ কৰাত সহায় কৰে ।
আটাইতকৈ আচৰিত সিদ্ধান্ত আছিল শ্ৰেয়াছ আয়াৰক এছিয়া কাপলৈ নিৰ্বাচন নকৰাটো । ২০২৫ চনৰ আই পি এলত উজ্জ্বল প্ৰদৰ্শনৰ পিছতো তেওঁ দলত স্থান লাভ নকৰিলে । এই ছিজনত তেওঁ ১৭খন মেচত গড়ে ৫০.৩৩ আৰু ১৭৫.০৭ ষ্ট্ৰাইক ৰেটত ৬০৪ ৰান সংগ্ৰহ কৰে । ইয়াৰ ভিতৰত ছটা অৰ্ধশতক অন্তৰ্ভুক্ত আছে । অৱশ্যে শ্ৰেয়াছৰ বেটিং পজিচন তিনি বা চাৰি নম্বৰত । অধিনায়ক সূৰ্যকুমাৰে তিনি নম্বৰত বেটিং কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাত একেৰাহে দুটা শতক অৰ্জন কৰা তিলক বাৰ্মাই চাৰি নম্বৰত খেলে । শেহতীয়াকৈ কাউন্টি ক্ৰিকেটতো তিলকে উজ্জ্বল বেটিং কৰিছিল । তেওঁৰ ফৰ্মলৈ চাই এই মুহূৰ্তত তেওঁক দলৰ পৰা বাদ দিয়াটো সম্ভৱ নহ’ল ।
কোন আই পি এল ফ্ৰেঞ্চাইজিৰ পৰা কোন খেলুৱৈ আছে-
এছিয়া কাপ টি-২০ৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ ভাৰতীয় দলত সৰ্বাধিক চাৰিজন খেলুৱৈ আছে । অধিনায়ক সূৰ্যকুমাৰৰ উপৰি তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া আৰু যশপ্ৰীত বুমৰাহক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে । একে সময়তে কলকাতা নাইট ৰাইডাৰ্ছৰ পৰা দলত আছে তিনিজন খেলুৱৈ । ৰিংকু সিঙৰ উপৰিও হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তী দলত আছে । একে সময়তে দিল্লী কেপিটেলছৰ দলত আছে কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলৰ ৰূপত দুজন খেলুৱৈ । এছিয়া কাপৰ বাবে ভাৰতীয় দলটোত গুজৰাট টাইটানছ (গীল), ৰাজস্থান ৰয়েলছ (চেমছন), ছানৰাইজাৰ্ছ হায়দৰাবাদ (অভিষেক), চেন্নাই ছুপাৰ কিংছ (শিৱম), ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (জিতেশ) আৰু পঞ্জাব কিংছ (অৰ্শদীপ)ৰ পৰা এজনকৈ খেলুৱৈ আছে ।
লগতে পঢ়ক : এদিনীয়া বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দল… কোনে কোনে পালে স্থান ?