ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিৰ নতুন পৃষ্ঠপোষক হ’ব এপ’ল’ টায়াৰ
ড্ৰিম১১ৰ বাহিৰ হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট দলৰ নতুন পৃষ্ঠপোষক হিচাপে পৰিগণিত হৈছে এপ’ল’ টায়াৰ । এই সন্দৰ্ভত ব’ৰ্ডে আনুষ্ঠানিক ঘোষণা কৰিছে । বি চি চি আই আৰু এপ’ল’ টায়াৰৰ মাজত হোৱা চুক্তি ডেৰ বছৰৰ বাবে থাকিব, যাৰ ম্যাদ ২০২৮ চনৰ মাৰ্চ মাহত শেষ হ’ব । এই চুক্তিৰ অধীনত সকলো ফৰ্মেটতে ভাৰতীয় ৰাষ্ট্ৰীয় পুৰুষ আৰু মহিলা দলৰ জাৰ্চিত এপ’ল’ টায়াৰৰ ল’গ’ দেখা যাব ।
নিবিদাত অংশগ্ৰহণ কৰাৰ কথা চৰ্চা-
প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই চুক্তিৰ মূল্য ৫৭৯ কোটি টকা (প্ৰায় ৫.৭৯ বিলিয়ন ডলাৰ), যিটো ড্ৰিম১১ৰ ৩৫৮ কোটি টকা (প্ৰায় ৩.৫৮ বিলিয়ন ডলাৰ)তকৈ বহু বেছি । চুক্তিত ১২১খন দ্বিপাক্ষিক মেচ আৰু ২১খন আই চি চি মেচ অন্তৰ্ভুক্ত কৰা হৈছে । গুৰুগ্ৰামত মুখ্য কাৰ্যালয় থকা এপ’ল’ টায়াৰছ হৈছে বহুজাতিক কোম্পানী ।
🚨 𝙉𝙀𝙒𝙎 🚨#TeamIndia 🤝 Apollo Tyres
— BCCI (@BCCI) September 16, 2025
BCCI announces Apollo Tyres as new lead Sponsor of Team India.
All The Details 🔽 @apollotyreshttps://t.co/dYBd2nbOk2
টায়াৰ নিৰ্মাতা কোম্পানীটোৰ ভাৰত আৰু ইউৰোপকে ধৰি বিদেশত উৎপাদনৰ সুবিধা আছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি এপ’ল’ টায়াৰৰ বাহিৰে আন দুটা নিবিদাকাৰীৰ ভিতৰত আছিল কেনভা আৰু জে কে টায়াৰ । তদুপৰি বিৰলা অপ্টাছ পেইণ্টছে বিনিয়োগ কৰিবলৈ আগ্ৰহী যেন দেখা গৈছিল যদিও নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা নাছিল ।
বি চি চি আইয়ে আহ্বান কৰিছিল আৱেদন-
২ ছেপ্টেম্বৰত বি চি চি আইয়ে ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য পৃষ্ঠপোষকতা অধিকাৰৰ বাবে আবেদন আমন্ত্ৰণ জনাইছিল আৰু মঙলবাৰে নিবিদা প্ৰক্ৰিয়া হৈছিল । বি চি চি আইয়ে কয় যে গেমিং, বেটিং, ক্ৰিপ্টো, আৰু ধঁপাত ব্ৰেণ্ডসমূহক নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ দিয়া নহ’ব । ফলস্বৰূপে ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিত এতিয়া ভৱিষ্যতে “এপ’ল’ টায়াৰ” শব্দটো থাকিব ।
কি ক’লে সচিব দেৱজিৎ শইকীয়াই ?
বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই কয়, “এপ’ল’ টায়াৰক আমাৰ নতুন পৃষ্ঠপোষক হিচাপে সংযোজন কৰাটো আমাৰ দলসমূহৰ কঠোৰ পৰিশ্ৰম আৰু ধাৰাবাহিক প্ৰদৰ্শনৰ প্ৰমাণ । আমি আনন্দিত যে ভাৰতীয় ক্ৰিকেটত এপ’ল’ৰ এইটোৱেই প্ৰথম বৃহৎ পৃষ্ঠপোষকতা, যিয়ে এই ক্ৰীড়াৰ অতুলনীয় প্ৰসাৰ আৰু প্ৰভাৱক প্ৰতিফলিত কৰে । এয়া কেৱল বাণিজ্যিক চুক্তি নহয়, বৰঞ্চ আস্থা আৰু অৰ্জন কৰা দুটা সংস্থাৰ অংশীদাৰিত্ব সন্মান ।”
লগতে পঢ়ক : আই চি চিয়ে নাকচ কৰিলে পাকিস্তানৰ দাবী… আঁতৰি যাব নেকি এছিয়া কাপৰ পৰা