ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিৰ নতুন পৃষ্ঠপোষক হ’ব এপ’ল’ টায়াৰ… ২০২৮ চনৰ মাৰ্চ মাহলৈকে বি চি চি আইৰ সৈতে চুক্তি

ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিৰ নতুন পৃষ্ঠপোষক হ’ব এপ’ল’ টায়াৰ

ড্ৰিম১১ৰ বাহিৰ হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট দলৰ নতুন পৃষ্ঠপোষক হিচাপে পৰিগণিত হৈছে এপ’ল’ টায়াৰ । এই সন্দৰ্ভত ব’ৰ্ডে আনুষ্ঠানিক ঘোষণা কৰিছে । বি চি চি আই আৰু এপ’ল’ টায়াৰৰ মাজত হোৱা চুক্তি ডেৰ বছৰৰ বাবে থাকিব, যাৰ ম্যাদ ২০২৮ চনৰ মাৰ্চ মাহত শেষ হ’ব । এই চুক্তিৰ অধীনত সকলো ফৰ্মেটতে ভাৰতীয় ৰাষ্ট্ৰীয় পুৰুষ আৰু মহিলা দলৰ জাৰ্চিত এপ’ল’ টায়াৰৰ ল’গ’ দেখা যাব ।

নিবিদাত অংশগ্ৰহণ কৰাৰ কথা চৰ্চা-

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই চুক্তিৰ মূল্য ৫৭৯ কোটি টকা  (প্ৰায় ৫.৭৯ বিলিয়ন ডলাৰ), যিটো ড্ৰিম১১ৰ ৩৫৮ কোটি টকা (প্ৰায় ৩.৫৮ বিলিয়ন ডলাৰ)তকৈ বহু বেছি । চুক্তিত ১২১খন দ্বিপাক্ষিক মেচ আৰু ২১খন আই চি চি মেচ অন্তৰ্ভুক্ত কৰা হৈছে । গুৰুগ্ৰামত মুখ্য কাৰ্যালয় থকা এপ’ল’ টায়াৰছ হৈছে বহুজাতিক কোম্পানী ।

টায়াৰ নিৰ্মাতা কোম্পানীটোৰ ভাৰত আৰু ইউৰোপকে ধৰি বিদেশত উৎপাদনৰ সুবিধা আছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি এপ’ল’ টায়াৰৰ বাহিৰে আন দুটা নিবিদাকাৰীৰ ভিতৰত আছিল কেনভা আৰু জে কে টায়াৰ । তদুপৰি বিৰলা অপ্টাছ পেইণ্টছে বিনিয়োগ কৰিবলৈ আগ্ৰহী যেন দেখা গৈছিল যদিও নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা নাছিল ।

বি চি চি আইয়ে আহ্বান কৰিছিল আৱেদন-

২ ছেপ্টেম্বৰত বি চি চি আইয়ে ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য পৃষ্ঠপোষকতা অধিকাৰৰ বাবে আবেদন আমন্ত্ৰণ জনাইছিল আৰু মঙলবাৰে নিবিদা প্ৰক্ৰিয়া হৈছিল । বি চি চি আইয়ে কয় যে গেমিং, বেটিং, ক্ৰিপ্টো, আৰু ধঁপাত ব্ৰেণ্ডসমূহক নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ দিয়া নহ’ব । ফলস্বৰূপে ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিত এতিয়া ভৱিষ্যতে “এপ’ল’ টায়াৰ” শব্দটো থাকিব ।

কি ক’লে সচিব দেৱজিৎ শইকীয়াই ?

বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই কয়, “এপ’ল’ টায়াৰক আমাৰ নতুন পৃষ্ঠপোষক হিচাপে সংযোজন কৰাটো আমাৰ দলসমূহৰ কঠোৰ পৰিশ্ৰম আৰু ধাৰাবাহিক প্ৰদৰ্শনৰ প্ৰমাণ । আমি আনন্দিত যে ভাৰতীয় ক্ৰিকেটত এপ’ল’ৰ এইটোৱেই প্ৰথম বৃহৎ পৃষ্ঠপোষকতা, যিয়ে এই ক্ৰীড়াৰ অতুলনীয় প্ৰসাৰ আৰু প্ৰভাৱক প্ৰতিফলিত কৰে । এয়া কেৱল বাণিজ্যিক চুক্তি নহয়, বৰঞ্চ আস্থা আৰু অৰ্জন কৰা দুটা সংস্থাৰ অংশীদাৰিত্ব সন্মান ।”

লগতে পঢ়ক : আই চি চিয়ে নাকচ কৰিলে পাকিস্তানৰ দাবী… আঁতৰি যাব নেকি এছিয়া কাপৰ পৰা