গুজৰাটৰ আহমেদাবাদৰ চান্দোলা অঞ্চলত চলি থকা দ্বিতীয় পৰ্যায়ৰ বেদখল বিৰোধী অভিযান আজি দ্বিতীয় দিনৰ বাবে অব্যাহত আছে । এই অভিযানত প্ৰশাসনে বৃহৎ পৰিসৰত অবৈধ নিৰ্মাণসমূহ আঁতৰাইছে । উল্লেখ্য যে মুঠ ২.৫ লাখ বৰ্গমিটাৰতকৈ অধিক ভূমি বেদখলৰ পৰা মুক্ত কৰিবলৈ এই অভিযান চলোৱা হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত কেইবাখনো বুলডজাৰ আৰু ৩০০০ৰো অধিক আৰক্ষী জোৱান এই স্থানত নিয়োগ কৰা হৈছে ।
‘এতিয়ালৈকে ৯৯.৯% কাম সম্পূৰ্ণ হৈছে’
বিষয়টোৰ তথ্য দি প্ৰশাসনে কয় যে কালিৰে পৰা চান্দোলা অঞ্চলত দ্বিতীয় পৰ্যায়ৰ অভিযান আৰম্ভ হৈছে । ইয়াৰ পিছত এতিয়ালৈকে ৯৯.৯ শতাংশ ভঙাৰ কাম সম্পূৰ্ণ হৈছে । এতিয়া কিছুমান ধৰ্মীয় গাঁথনি আঁতৰোৱা হৈছে । উৰাবাতৰিত বিশ্বাস নকৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে জে চি পি য়ে । লগতে প্ৰশাসনে সম্পূৰ্ণ স্বচ্ছতাৰে আৰু আইনৰ পৰিসৰৰ ভিতৰত কাম কৰি আছে বুলি জানিবলৈ দিয়ে ।
অভিযান শান্তিপূৰ্ণভাৱে চলি আছে-
ইয়াৰ সমান্তৰালকৈ প্ৰশাসনে কয় যে কোনো ধৰণৰ হিংসা নোহোৱাকৈ এই কাৰ্য শান্তিপূৰ্ণভাৱে চলি আছে । লগতে প্ৰশাসনে স্থানীয় ৰাইজক সহযোগিতা বিচাৰি আবেদন জনাইছে । এই অভিযানৰ উদ্দেশ্য হৈছে মহানগৰীৰ চৰকাৰী ভূমি অবৈধ বেদখলৰ পৰা মুক্ত কৰি ইয়াৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰা ।
ৰাজকোটতো ভাঙি পেলোৱা হয় অবৈধ সম্পত্তি-
উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজকোট চহৰত গুৰুতৰ অপৰাধৰ বাবে পঞ্জীয়নভুক্ত অভ্যাসগত অপৰাধীৰ ৬০টাতকৈও অধিক অবৈধ নিৰ্মাণ ভাঙি পেলোৱা হৈছিল । আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে মহানগৰ আৰক্ষী, ৰাজকোট পৌৰ নিগম আৰু ৰাজহ বিষয়াৰ কাৰ্যালয়ৰ যৌথ দলে ৰাইয়া গাম আৰু ৰৈয়া ধৰ অঞ্চলত উচ্ছেদ অভিযান চলায় । এই অঞ্চলসমূহ গান্ধীগ্ৰাম-২ থানাৰ সীমাৰ অন্তৰ্গত ।