আহমেদাবাদত পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন
এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদ-লণ্ডন বিমান বাতিল । এই একেটা পথতে ১২ জুনত দুৰ্ঘটনাগ্ৰস্ত হৈছিল AI-171 বিমানখন । তথ্য অনুসৰি এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমান এ আই-১৫৯ দিনৰ ১.১০ বজাত আহমেদাবাদৰ পৰা ৰাওনা হোৱাৰ কথা আছিল । বিমানখন লণ্ডনত উপস্থিত হোৱাৰ সময় সন্ধিয়া ৬.২৫ বজা বুলি কোৱা হৈছিল । বিগত দুদিনত তিনিখন বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমানত কাৰিকৰী সমস্যা দেখা গৈছে । প্ৰথমে এয়াৰ ইণ্ডিয়া AI315 (হংকঙৰ পৰা দিল্লীলৈ) বিমান সন্দেহযুক্ত কাৰিকৰী বিজুতিৰ বাবে মাজভাগতে ঘূৰি আহিছিল । ইয়াৰ পিছতে ছান ফ্ৰান্সিস্কোৰ পৰা মুম্বাইলৈ অহা বিমানখন কলকাতাত ৰ’ব লগা হৈছিল আৰু আহমেদাবাদ-লণ্ডনৰ বিমানখন বাতিল কৰিবলগীয়া হৈছিল ।
জানিব পৰা মতে মঙলবাৰে বিয়লি আহমেদাবাদৰ পৰা লণ্ডনলৈ যাত্ৰা কৰিবলগীয়া এয়াৰ ইণ্ডিয়াৰ বিমানখন কাৰ্যকৰী সমস্যাৰ বাবে বাতিল কৰা হৈছে । এয়াৰ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটেও নিশ্চিত কৰিছে যে আহমেদাবাদৰ পৰা লণ্ডনৰ গেটৱিক বিমানবন্দৰলৈ যাবলগা AI-159 বিমানখন বাতিল কৰা হৈছে । নিৰ্ধাৰিত যাত্ৰাৰ পৰা পলমকৈ বিমানখনে বিয়লি ৩ বজাত চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা যাত্ৰা কৰাৰ কথা আছিল ।
বিমানবন্দৰৰ অধীক্ষকে কয় যে, “আমাক জনোৱা হৈছে যে বিমানখন পৰিচালনাৰ কাৰণত বাতিল কৰা হৈছে । আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা মূল বিমানখনক এআই-১৭১ ক’ড কৰা হৈছিল, সোমবাৰৰ পৰা নতুন বিমান ক’ড এআই-১৫৯ৰে পুনৰ বিমান সেৱা আৰম্ভ হৈছিল ।” বিমানখন বাতিল হোৱাৰ “কাৰ্য্যকৰী সমস্যা”ৰ বিষয়ে বিষয়াগৰাকীয়ে বিতংভাৱে কোৱা নাই । যোৱা ১২ জুনত আহমেদাবাদৰ পৰা উৰণৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হোৱা এআই-১৭১ বিমানখনৰ ঠাইত নতুন ক’ড এআই-১৫৯ স্থাপন কৰা হৈছে ।
বিমানখন বাতিলৰ পিছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । অৱশ্যে বিমান বাতিলৰ বাবে যাত্ৰীসকলে টিকটৰ ভাড়া ঘূৰাই পাব নে নাপাই সেই সন্দৰ্ভত এতিয়াও কোনো নিশ্চিত তথ্য লাভ কৰা হোৱা নাই ।
লগতে পঢ়ক : লোকপিয়লৰ অধিসূচনা জাৰি; ৩৫ লাখৰো অধিক কৰ্মীয়ে ডিজিটেলী কৰিব কাম