আহমেদাবাদ বিমান দুৰ্ঘটনা
আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমান উৰণৰ পিছতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় । বিমানখনত ক্ৰু মেম্বাৰসহ ২৪২জন লোক আছিল । এই ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । ইফালে প্ৰকাশিত তথ্য অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল ।
শোকাৱহ দুৰ্ঘটনাটোৰ পিছতে এই বিমানখনৰ যাত্ৰীৰ তালিকাও পোহৰলৈ আহিছে । তালিকাত গুৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ নামো আছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে । যাত্ৰীৰ তালিকাত বিজয় ৰূপানীৰ নাম ১২ নম্বৰত আৰু ছিট নম্বৰ ২ডি উল্লেখ আছে ।
তথ্য অনুসৰি এই বিমানখন আহমেদাবাদৰ চৰ্দাৰ পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দিনৰ ১:৩৮ বজাত উৰা মৰাৰ পিছতে ১:৪০ বজাত দুৰ্ঘটনাগ্ৰস্ত হয় । এই বিমানখনে বিমানবন্দৰৰ সীমাও পাৰ হ’ব নোৱাৰিলে আৰু ওপৰলৈ গৈ থাকোঁতে হঠাতে দুৰ্ঘটনাত পতিত হয় ।
উল্লেখ্য যে, আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে ফোনযোগে কথা পাতিছে গৃহমন্ত্ৰী অমিত শ্বাহে । সাহায্য আৰু উদ্ধাৰৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ ৭ৰ পৰা আঠখন বাহন সেই স্থানত উপস্থিত হৈছে । ৰাষ্ট্ৰীয় দুৰ্যোগ উদ্ধাৰ বাহিনীৰ দলো ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক : আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা; শ শ যাত্ৰীসহ ভূপতিত এয়াৰ ইণ্ডিয়াৰ বিমান