ভয়ংকৰ ভূমিকম্পই জোঁকাৰিলে আফগানিস্তান
ভয়ংকৰ ভূমিকম্পই জোঁকাৰিলে আফগানিস্তান । পূব আফগানিস্তানত সংঘটিত হোৱা এক প্ৰবল ভূমিকম্পত প্ৰায় ৮০০ লোকৰ মৃত্যু হৈছে । এতিয়ালৈকে ২৫০০ৰো অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । দেওবাৰে গভীৰ নিশা নংগাৰহৰ প্ৰদেশৰ জালালাবাদ চহৰৰ সমীপৱৰ্তী কুনাৰ প্ৰদেশৰ কেইবাখনো চহৰত ৬.০ ৰিখটাৰ স্কেলৰ ভূমিকম্পই বিস্তৰ ক্ষতিসাধন কৰে । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি নিশা ১১:৪৭ বজাত সংঘটিত হোৱা এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু হৈছে নংগাৰহৰ প্ৰদেশৰ জালালাবাদ চহৰৰ পৰা ২৭ কিলোমিটাৰ পূব-উত্তৰ-পূবে । ইয়াৰ গভীৰতা আছিল মাত্ৰ ৮ কিলোমিটাৰ । এই ভূমিকম্পই যথেষ্ঠ ক্ষতিসাধন কৰে । ইয়াৰ পিছত অঞ্চলটোত বহুকেইটা কম্পন অনুভূত হয় ।
ছ’চিয়েল মিডিয়া আৰু নিউজ চেনেলত সম্প্ৰচাৰিত ভিডিঅ’ ফুটেজত দেখা গৈছে যে উদ্ধাৰ কৰ্মীয়ে আহত লোকক ভাঙি যোৱা অট্টালিকাৰ পৰা ষ্ট্ৰেচাৰত কঢ়িয়াই হেলিকপ্টাৰলৈ লৈ গৈছে, আনহাতে বহুতে হাতেৰে ধ্বংসাৱশেষ আঁতৰাবলৈ চেষ্টা কৰিছে । সোমবাৰে সংবাদমেলত তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কয় যে মৃত্যুৰ সংখ্যা ৮০০ লৈ বৃদ্ধি পাইছে । ২৫০০ লোক আহত হৈছে । ইয়াৰে অধিকাংশ লোকৰ মৃত্যু হৈছে কুনাৰ প্ৰদেশত ।
কুনাৰৰ অন্যতম ভয়াৱহ ক্ষতিগ্ৰস্ত অঞ্চল নুৰগাল জিলাৰ প্ৰায় গোটেই গাঁওখন ধ্বংস হৈছে । ধ্বংসাৱশেষৰ তলত শিশুসকে ধৰি বহু লোক আৱদ্ধ হৈ পৰে ।
হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা-
স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ শৰাফত জামানে উদ্ধাৰ অভিযান চলি থকা বুলি জানিবলৈ দিয়ে । কুনাৰ, নংগাৰহৰ আৰু ৰাজধানী কাবুলৰ পৰা চিকিৎসা দল উপস্থিত হৈছে অঞ্চলটোত । জামানে কয় যে বহু অঞ্চলৰ পৰা হতাহতৰ খবৰ পোৱা নাই । মৃত্যু আৰু আঘাতৰ অধিক তথ্য লাভ কৰিলে এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । তালিবান চৰকাৰৰ মুখ্য মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কয় যে, “প্ৰাণ ৰক্ষাৰ বাবে উপলব্ধ সকলো সম্পদ ব্যৱহাৰ কৰা হ’ব ।”
লগতে পঢ়ক : য়েমেনত ইজৰাইলৰ বিমান আক্ৰমণ… হুথী বিদ্ৰোহী চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ মৃত্যু