প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ঝাৰখণ্ডত প্ৰচাৰ অভিযানৰ বাবে ৰাজহুৱা সভা আৰু ৰোড শ্ব’ অনুষ্ঠিত কৰে । ৰাঁচীত ৰোড শ্ব’ত অংশগ্ৰহণ কৰে তেওঁ । প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰোড শ্ব’ত বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।
অ’টিচি গ্ৰাউণ্ডৰ পৰা আৰম্ভ হোৱা এই ৰোড শ্ব’ৰ অন্ত পৰে নিউ মাৰ্কেট চ’কত । ৰাঁচী আৰু হাটিয়া নামৰ দুটা সমষ্টিৰ মাজেৰে পাৰ হৈ যায় প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব’ । ইয়াৰ পূৰ্বে বোকাৰোত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী (OBC) ভাঙি সৰু জাতিত ভাগ কৰিব বিচাৰিছে । ঝাৰখণ্ডৰ জনসাধাৰণক একত্ৰিত হৈ থাকিবলৈ বাৰ্তা দি তেওঁ ‘যদি আমি একত্ৰিত হওঁ তেন্তে আমি নিৰাপদ’ শ্লোগানো উত্থাপন কৰে ।
ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ঝাৰখণ্ডত বিজেপিৰ সপক্ষে তীব্ৰ ধুমুহা বলিছে । ছোটা নাগপুৰৰ এই মালভূমিয়েও কৈছে – ৰুটী-বেটি-মাটিৰ আহ্বান, ঝাৰখণ্ডৰ বিজেপি-এনডিএ চৰকাৰ । ইয়াত বিজেপি-এনডিএৰ মাত্ৰ এটা মন্ত্ৰ । আমি ঝাৰখণ্ড বনাইছো, আমি ঝাৰখণ্ডৰ উন্নতি কৰিম । এনে লোকে কেতিয়াও ঝাৰখণ্ডৰ উন্নয়ন নকৰে, যি ঝাৰখণ্ড ৰাজ্য সৃষ্টিৰ বিৰোধী ।
তেওঁ কয় যে “১০ বছৰ পূৰ্বে ২০০৪ চনৰ পৰা ২০১৪ চনলৈ কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আছিল, মেডাম ছোনিয়াই চৰকাৰ চলাইছিল আৰু মনমোহন সিঙক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল । সেই সময়ত কেন্দ্ৰীয় চৰকাৰে ১০ বছৰত অতি কষ্টেৰে ঝাৰখণ্ডক ৮০ হাজাৰ কোটি টকা দিছিল । ২০১৪ চনৰ পিছত দিল্লীত চৰকাৰ সলনি হ’ল, আপুনি আপোনাৰ সেৱক মোদীক সেৱাৰ সুযোগ দিলে আৰু যোৱা ১০ বছৰত আমি ঝাৰখণ্ডক ৩ লাখ কোটিতকৈও অধিক টকা দিছো ।“
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিজেপিয়ে বিচাৰিছিল যে দুখীয়াই স্থায়ী ঘৰ পাওক, চহৰ-গাঁৱত ভাল পথ নিৰ্মাণ কৰক, বিদ্যুৎ আৰু পানী, পৰিশোধনৰ সুবিধা, শিক্ষাৰ সুবিধা, জলসিঞ্চনৰ বাবে পানী, বৃদ্ধ বয়সত ঔষধ পাওক, কিন্তু জে এম এম চৰকাৰৰ যোৱা ৫ বছৰত আপোনাৰ অধিকাৰৰ এই সুবিধাসমূহ জে এম এম আৰু কংগ্ৰেছৰ লোকসকলে লুটি লৈছিল ।