বলীউড অভিনেতা চলমান খানে আকৌ এবাৰ লৰেন্স বিষ্ণোই দলৰ পৰা এটা ভাবুকিৰ বাৰ্তা পাইছে।মুম্বাইৰ যানবাহন নিয়ন্ত্ৰণ কক্ষত ছলমান খানৰ বাবে আহিছে এই ভাবুকিপূৰ্ণ বাৰ্তাটো।বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত ভাবুকিৰ বাৰ্তাটো আহিছিল।দৰাচলতে ছলমান খান আৰু লৰেন্স বিষ্ণোইক লৈ এটা গান লিখা হৈছে।
ভাবুকিটোত লিখা হৈছে যে “এমাহৰ ভিতৰত, গানটো লিখা ব্যক্তিজনক হত্যা কৰা হ’ব, গীতিকাৰৰ অৱস্থা এনেকুৱা হ’ব যাতে তেওঁ নিজৰ নামটো গান লিখিব নোৱাৰা হ’ব।যদি ছলমানৰ সাহস আছে, তেন্তে তেওঁক ৰক্ষা কৰি দেখুৱাওক” । ঘটনাটোক লৈ মুম্বাইৰ ৱৰ্লি আৰক্ষীয়ে অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।
যিটো নম্বৰৰ পৰা ভাবুকি আহিছিল সেই নম্বৰটোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অৱশ্যে এইটো কোনটো গীত বা কোনে লিখিছে সেই কথা ভাবুকিত উল্লেখ কৰা নাই।ভাবুকিৰ মাজতে, অভিনেতাজনে তেওঁৰ ছবি সিকন্দৰৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে।ছলমান খানে বৰ্তমান হায়দৰাবাদত দৃশ্যগ্ৰহণ কৰি আছে।বাৰে বাৰে ভাবুকি আহি থকা স্বত্বেও চলমান খানে কামত আপোচ নকৰাৰ সিদ্ধান্ত লৈছে।