ধুবুৰীৰ গৌৰীপুৰ তাৰঘাটৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হয় ধুবুৰীৰ প্ৰাক্তন বিধায়ক জাহান উদ্দীন আহমেদ।জানিব পৰা মতে প্ৰাক্তন বিধায়ক জাহান উদ্দীন আহমেদে ব্যক্তিগত চাৰিচকীয়া বাহনেৰে বিলাসীপাৰাৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল। সেই সময়তে বিপৰীত দিশৰ পৰা আহি থকা
এখন মালবাহী ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয় প্ৰাক্তন বিধায়ক বাহনখনৰ। দুৰ্ঘটনাটোৰ ফলত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় প্ৰাক্তন বিধায়ক গৰাকী। দুৰ্ঘটনাটোৰ পিছতেই স্থানীয় ৰাইজে ততাতৈয়াকৈ প্ৰাক্তন বিধায়কগৰাকীক ধুবুৰী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে। কিন্তু সংকটজনক অৱস্থাত প্ৰাক্তন বিধায়ক গৰাকীক কোচ বিহাৰলৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত পতিত হোৱা চাৰিচকীয়া বাহন খনৰ পঞ্জীয়ন নম্বৰ হল AS-17-K-8622 আৰু মালবাহী ট্ৰাক খনৰ পঞ্জীয়ন নম্বৰ হৈছে BR-06-GE-3556। ইতিমধ্যে ঘটনা স্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰাম্ভ কৰিছে।