কংগ্ৰেছত আন এক মোক্ষম আঘাত, ৰাইজৰ দলত যোগদান জ্যেষ্ঠ নেতা আবুল মিয়াৰ

আবুল মিয়াই ইয়াৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আৰু ধুবুৰী জিলা কংগ্ৰেছৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল

বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক পুনৰ এক মোক্ষম আঘাতৰ সন্মুখীন হৈছে কংগ্ৰেছ দল । ধুবুৰীৰ জ্যেষ্ঠ নেতা আবুল মিয়াই দলৰ পৰা পদত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছে ।

শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পাছত দলৰ অভ্যন্তৰত সৃষ্টি হোৱা তীব্ৰ অসন্তুষ্টিৰ বাবেই এই দলত্যাগৰ ঘটনা সংঘটিত হৈছে, যিয়ে প্ৰদেশ কংগ্ৰেছৰ মাজৰ ক্ৰমবৰ্ধমান সংঘাতক স্পষ্ট কৰি তুলিছে । বিশেষকৈ নৱ-গঠিত গৌৰীপুৰ সমষ্টিটোৱে এক নিৰ্ণায়ক নিৰ্বাচনী যুদ্ধক্ষেত্ৰ হিচাপে ভূমুকি মৰাৰ সময়তে ধুবুৰী জিলাত আবুল মিয়াৰ এই প্ৰস্থান কংগ্ৰেছৰ বাবে এক ডাঙৰ ক্ষতি হিচাপে বিবেচিত হৈছে । আবুল মিয়াই ইয়াৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আৰু ধুবুৰী জিলা কংগ্ৰেছৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । গৌৰীপুৰ সমষ্টিত কংগ্ৰেছে বৰ্তমানৰ গোলকগঞ্জৰ বিধায়ক আব্দুছ শোভান আলী চৰকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ অসন্তুষ্ট প্ৰকাশ কৰি তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত টিকট বিতৰণক লৈ সৃষ্টি হোৱা আভ্যন্তৰীণ মতানৈক্য আৰু অৱহেলাই আবুল মিয়াৰ পদত্যাগৰ মূল কাৰণ । অঞ্চলটোত তেওঁৰ যথেষ্ট তৃণমূল পৰ্যায়ৰ প্ৰভাৱ থকাৰ বাবে ৰাইজৰ দললৈ তেওঁৰ এই গমনে স্থানীয় ৰাজনৈতিক সমীকৰণ সলনি কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : ইউপিপিএল-এ ঘোষণা কৰিলে সাতজনীয়া প্ৰাৰ্থীৰ তালিকা, তামুলপুৰত প্ৰমোদ বড়োক প্ৰাৰ্থিত্ব

এছ আৰৰ পিছত ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্রকাশ… ধুবুৰীত নতুন পৰিচয়েৰে ‘ডি’ ভোটাৰে নাম অন্তৰ্ভুক্ত কৰিলে ভোটাৰ তালিকাত

বিশেষ পুনৰীক্ষণৰ পিছত প্রকাশ পায় ৰাজ্যৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা ৷ ফটোযুক্ত খচৰা ভোটাৰ তালিকাত ধুবুৰীত মৃত একাংশ লোকৰ নামো সন্নিৱিষ্ট হৈছে ৷

সদ্যহতে প্রকাশ পোৱা ফটোযুক্ত খচৰা ভোটাৰ তালিকাত ধুবুৰীত মৃত একাংশ লোকৰ নামো সন্নিৱিষ্ট হৈছে ৷ আনকি বিবাহৰ পিছত আন ঠাইলৈ যোৱা বহু মহিলাৰ নাম অন্তর্ভুক্ত হৈছে খচৰা তালিকাত ৷ ভয়ংকৰ বিষয়টো হ’ল যে জিলাখনৰ বহু ‘ডি’ ভোটাৰেও নতুন নামেৰে নিজৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰিছে ৷ কালি খচৰা ভোটাৰ তালিকা প্রকাশ কৰি ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে এই বিস্ফোৰক অভিযোগ কৰে ৷ ‘ডি’ ভোটাৰে কেনেকৈ তালিকাত নাম অন্তর্ভুক্ত কৰিব পাৰিলে, তাক লৈ উত্থাপিত হৈছে একাধিক অভিযোগ ৷ এইক্ষেত্রত বিএলঅ’ৰ ভূমিকা সন্দর্ভতো জিলা উপায়ুক্তক প্রশ্ণ কৰে সাংবাদিকসকলে৷ অৱশ্যে সকলো অভিযোগ পুনৰ পৰীক্ষা কৰা হ’ব বুলি জিলা আয়ুক্তই জানিবলৈ দিছে ৷

বিশেষ পুনৰীক্ষণ (এছআৰ)ৰ পিছত প্রকাশ পায় ৰাজ্যৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা ৷ হ’ম টু হ’ম প্রক্রিয়াৰ অন্তত নির্বাচন আয়োগে প্রকাশ কৰা এই খচৰা তালিকাক লৈ উত্থাপিত হৈছে একাধিক অভিযোগ ৷ কেইবাখনো জিলাত মৃত একাংশ লোকৰ নাম সন্নিৱিষ্ট হৈছে ভোটাৰ তালিকাত ৷ এয়াই নহয়, বিবাহৰ পিছত আন ঠাইলৈ যোৱা একাংশ মহিলাৰ নামো সন্নিৱিষ্ট হৈছে ভোটাৰ তালিকাত ৷ নামনি অসমৰ কেইবাখনো জিলাৰ লগতে মধ্য অসমৰো আন কেইবাখনো জিলাত উত্থাপিত এনে অভিযোগৰ মাজতে কালি প্রকাশ পোৱা খচৰা ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে ২,৫২,০২,৭৭৫ ভোটাৰ ৷

প্রকাশ পোৱা ভোটাৰ তালিকাত লক্ষণীয়ভাৱে নাম কর্তন হৈছে ৪ লাখ ৭৮ হাজাৰ ৯৯২গৰাকী ভোটাৰৰ নাম ৷ খচৰা ভোটাৰ তালিকাত ১,২৫,৭২,৫৮৩জন পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হ’ল ১,২৬,২৮,৬৬২গৰাকী ৷ আনহাতে, অন্যান্য ভোটাৰৰ সংখ্যা হ’ল ৩৭৯গৰাকী ৷ আয়োগে প্রকাশ কৰা এই তালিকাত বাসস্থান সলনি কৰা ৫,২৩,৬৮০গৰাকী ভোটাৰক চিনাক্ত কৰাৰ বিপৰীতে কেইবাটাও স্থানত নাম থকা ৫৩,৬৯৯গৰাকী ভোটাৰক চিনাক্ত কৰা হৈছে ৷ কালি খচৰা প্রকাশৰ পাছত ভোটাৰ তালিকাত নামৰ বিসংগতি তথা অন্যান্য ভুলৰ বাবে ২২ জানুৱাৰীলৈকে দিব পাৰিব ওজৰ–আপত্তি ৷ ২ ফেব্রুৱাৰীৰ পূর্বে নিষ্পত্তি হ’ব এই আপত্তিসমূহ ৷ আনহাতে, ১০ ফেব্রুৱাৰীত প্রকাশ পাব চূড়ান্ত ভোটাৰ তালিকা৷ তালিকাৰ বিসংগতি সন্দর্ভত ১৯৫০ নম্বৰযোগেও ফোন কৰি অভিযোগ দিব পাৰিব নির্বাচন আয়োগক ৷

মন কৰিবলগীয়া যে ৰাজ্যৰ ২৯,৬৫৬গৰাকী বিএলঅ’ আৰু ২,৫৭৮গৰাকী ছুপাৰভাইজৰ, ৬১,৫৩৩গৰাকী বুথ লেভেল এজেণ্টক লৈ প্রকাশ কৰা এই খচৰা ভোটাৰ তালিকাক লৈ উত্থাপিত অভিযোগ সন্দর্ভত নির্বাচন আয়োগে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰাৰ চেষ্টা… বিজেপিৰ কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ধুবুৰীত সৰিয়হ খেতিয়কে আনিব পাৰে নীৰৱ অৰ্থনৈতিক বিপ্লৱ!

সৰিয়হ খেতি, ধুবুৰীৰ কৃষি-ইতিহাসৰ এক মুখ্য অংশ। অঞ্চলটোৰ কেইবা হাজাৰ কৃষিভূমিৰ চৌদিশ এতিয়া হালধীয়া, সৰিয়হৰ ফুলেৰে।

অতীজৰে পৰা কৃষিৰ ক্ষেত্রখনত ধুবুৰী জিলাৰ আছে পৰিচিত, এক কৃষি-সম্ভাবনাময় এক অঞ্চলৰূপে। পশ্চিম অসমৰ বৃহত্তৰ এই অঞ্চলটোত শতাব্দী ধৰি কৃষকসকল ধান, মৰাপাট, মাটিমাহ, শাক-পাচলি আদি খেতিৰে নিজৰ জীৱিকা নির্বাহ কৰি আহিছে।

বিশেষকৈ সৰিয়হৰ খেতি, ধুবুৰীৰ কৃষি-ইতিহাসৰ এক মুখ্য অংশ। এই অঞ্চলৰ মাটি আৰু জলবায়ু সৰিয়হৰ খেতিৰ বাবে অত্যন্ত উপযোগী বুলিও প্ৰমাণিত। সেই ঐতিহ্যক আগবঢ়াই, বৰ্তমানো ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলৰ হাজাৰ হাজাৰ বিঘাত খেতি কৰি আহিছে বহু কৃষিজীবী পৰিয়ালে।

ঠিক অনুৰূপে জিলাখনৰ সদৰ ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী গাছপাৰা অঞ্চলৰ কৃষকেও পূৰ্বৰ দৰে এইবাৰো কৰিছে সৰিয়হৰ খেতি। অঞ্চলটোৰ কেইবা হাজাৰ কৃষিভূমিৰ চৌদিশ এতিয়া হালধীয়া, সৰিয়হৰ ফুলেৰে।

কিন্তু, অঞ্চলটোৰ বহু সৰিয়হ খেতিয়কৰ মনত আছে ক্ষোভ, জিলাখনৰ কৃষি বিভাগৰ পৰা প্ৰকৃত কৃষকে সময়ত প্ৰয়োজনীয় বীজ আৰু সা-সঁজুলি নোপোৱাৰ; যথাযথ জলসিঞ্চন ব্যৱস্থাপ্ৰণালী গঢ়ি নুঠাৰো।

সৰিয়হ খেতিৰে জিলাখনৰ কৃষিজীবী ৰাজনৈতিক অপাৰ এক সম্ভাৱনাৰ সুযোগ আছে যদিও বৃহত্তৰ এই অঞ্চলটোত নাই সৰিয়হৰ পৰা মিঠা তেল নিষ্কাশনৰ কোনো ধৰণৰ কাৰখানা। ফলত, এতিয়াও ধুবুৰীৰ কৃষকসকলক সৰিয়হ বেচিব লগা হয় পানীৰ দৰত; বহিঃৰাজ্যৰ, বিশেষকৈ পশ্চিমবংগৰ পৰা বেপাৰীৰ ওচৰত।

ফলত, অসমৰ সেই সৰিয়হৰ উৎপাদিত মিঠাতেলৰ আমদানি ঘটে পুনৰ ৰাজ্যখনলৈ, বিক্ৰি হয় অধিক দামত। ফলত স্থানীয় সৰিয়হ খেতিয়কৰ পৰিশ্ৰমৰ বিনিময়ত উৎপাদিত সৰিয়হৰ মূল্যৰ এটা অংশৰ ধন জেপলৈ যায় বহিঃৰাজ্যৰ মধ্যভোগীৰ জেপলৈ। ইয়াতে উল্লেখনীয় যে, ইতিহাসৰ পাত লুটিৱাই চালানো দেখা যায়, ১৯৭০ চনৰ পৰা ৯০ৰ দশকলৈ অসমৰ মিঠাতেল ব্যৱসায়ৰ অন্যতম যোগানদাৰ আছিল ধুবুৰী জিলা। স্থানীয় ব্যবসায়ী আৰু খেতিয়কসকলে সৰিয়হৰ বেপাৰত গঢ়ি তুলিছিল নিজস্ব এক “নেটৱৰ্ক”।

কিন্তু সময়ৰে লগে লগে প্ৰচেচিং ইউনিটৰ অভাৱ, বাণিজ্যিক ৰূপে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাব আৰু কৃষি–বিপণন ব্যৱস্থাৰ আধুনিকীকৰণ নোহোৱা বাবে এই সম্ভাৱনা ক্ৰমশঃ হ্ৰাস পাবলৈ লয়। অৱশ্যে, ধুবুৰীত যদি ক্ষুদ্ৰ বা মধ্যম আকাৰৰ মিঠাতেল কলঘৰ স্থাপন কৰা হয়, বছৰে কেইটা কোটি টকাৰ এক আঞ্চলিক বাণিজ্য গঢ় লোৱাৰ সম্ভাবনা থকা বুলিয়েই কিন্তু মত সৰিয়হৰ খেতিৰ সৈতে জড়িত বহু কৃষককে ধৰি মিঠাতেলৰ ব্যৱসায়ৰ সৈতে জড়িত স্থানীয় একাংশৰ।

কেৱল সেয়াই নহয়; সৰিয়হ শোধন, বীজ প্ৰচেচিং, পেকেটিং আদি কামেৰেও স্থানীয় যুৱক-যুৱতীসকলৰ বাবে কর্মসংস্থানৰ পথ মুকলি কৰাৰ সুযোগ দিয়াৰ সমান্তৰালকৈ মধ্যভোগী অবিহনে সৰিয়হৰ খেতিৰ সৈতে জড়িত স্থানীত কৃষক সকলেও পোনে পোনে নিজৰ উৎপাদন কলঘৰত বিক্ৰি কৰিবলৈ পাৰিব।

কিন্তু ইয়াৰ বাবে প্ৰয়োজন এক সঠিক পৰিকল্পনাৰ আৰু মিঠাতেলৰ উৎপাদন, পেকেটিং আদিৰ উদ্যোগ স্থাপনৰ। নিশ্চিত ভাবে সেয়া হ’লে কিন্তু জিলাখনৰ সৰিয়হ খেতিয়কসকল কেৱল ধুবুৰী জিলা তেই নহয়; পশ্চিম অসমৰ কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰখনত যে আমূল অৰ্থনৈতিক বিল্পৱ আনিব; সেয়া কিন্তু ধুৰূপ।

লগতে পঢ়ক : ‘অসম দিৱস’ত বৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ; প্ৰধানমন্ত্ৰীয়েও জনালে শুভেচ্ছা

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আৰম্ভ এক্সন; ধুবুৰীত থানাই থানাই গ্ৰেপ্তাৰ অপৰাধী

ধুবুৰীত থানাই থানাই গ্ৰেপ্তাৰ অপৰাধী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই আৰম্ভ হৈছে এক্সন। থানাই থানাই গ্ৰেপ্তাৰ কৰিছে  অপৰাধীক। চহৰখনত নিশা টহল দিছিল ৰেপিড এক্সন ফৰ্ছে। বিশেষ বাহন লৈ ৰেপিড ফৰ্ছ ঘূৰিছে চহৰখনত।

বজ্ৰ বাহনেৰে RAFৰ দিছে টহল ।চহৰখনখনৰ প্ৰতিটো প্ৰান্ততত নজৰ ৰাখিছে ৰেপিড ফৰ্ছে। এতিয়াৰ পৰা চহৰখনত নিস্তাৰ নাই অপৰাধীৰ।

জামিন বিহীন ধাৰাত ৰুজু হৈছিল গোচৰ। বৰ্তমানলৈকে ৩০ অপৰাধী পৰিছে আৰক্ষীৰ জালত।ধুবুৰী সদৰ থানাত ৪টা, তামাৰহাটত ৫টা, আগমনিত ১টা, গোলকগঞ্জত ৪টা, বিলাসীপাৰাত ১টা, চাপৰত ৩টা, আৰু সপটগ্ৰামত ৫টা অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে।

ইয়াৰ লগতে আৰক্ষীয়ে সাজু কৰিছে দীঘলীয়া তালিকা। আজিও চহৰখনৰ বিভিন্ন প্ৰান্তত চলিব বৃহৎ অভিযান।

লগতে পঢ়ক: ইংলেণ্ড ভ্ৰমণ মাজভাগতে এৰি ভাৰতলৈ উভতিল গৌতম গম্ভীৰ; ICU ত ভৰ্তি মাতৃ

বন্ধুৰ পাৰ্টী খাবলৈ যোৱাই কাল হ’ল দুই বন্ধুৰ; ঘৰলৈ উভতাৰ পথতেই তীব্ৰবেগী ট্ৰাকৰ খুন্দা

ধুবুৰীৰ গোলকগঞ্জত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৬ চকীয়া আল্ট্ৰা ট্ৰাকে মহতিয়াই নিলে দুই বাইক আৰোহীক।

বন্ধুৰ জন্ম দিনৰ পাৰ্টি খাবলৈ গৈছিল মৃদুল ভকত আৰু ৰাহুল ৰায় । জন্মদিনৰ পাৰ্টী খাই ঘৰলৈ উভতি আহি থাকোতে গোলকগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নান্দনীপাৰত AS28 A C 0889 নম্বৰৰ এখন ট্ৰাকে তীব্ৰ বেগত খুন্দা মাৰে ছুপাৰ স্পেলেণ্ডাৰ বাইকখনত।

ফলত  গুৰুতৰভাৱে আহত হয় দুই বন্ধু। আহত দুয়োজনকেই ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে আল্ট্ৰা ট্ৰাক খনৰ গতি ইমানেই বেছি আছিল যে বাইকখনত খুন্দা মৰাৰ পিছত ঘাইপথৰ পৰা প্ৰায় ৫০ মিটাৰ দুৰত উফৰি গৈ ধাননি পথাৰত পৰে।দুৰ্ঘটনাটো সংঘটিত কৰি  ট্ৰাক চালক আৰু হেণ্ডিমেনে পলায়ন কৰে।

মিউজিক ফেষ্টিভেলত অপ্ৰীতিকৰ পৰিস্থিতি ; দৰ্শকে ভাঙি চূৰমাৰ কৰিলে হাজাৰ হাজাৰ চকী

বিলাসীপাৰা মিউজিক ফেষ্টিভেল ২০২৫ ত নিশা এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় |উত্তেজিত ৰাইজে ভাঙি চূৰমাৰ কৰিলে হাজাৰ হাজাৰ চকী |লণ্ডভণ্ড কৰিলে মঞ্চ , বিভিন্ন আচবাব |

জানিব পৰা মতে শনিবাৰে নিশা বিলাসীপাৰাৰ আই এন এ খেল পথাৰত আয়োজন কৰিছিল মিউজিক ফেষ্টিভেল |সংগীতানুষ্ঠানটোৰ প্ৰৱেশ মূল্য আছিল ৫০০ টকাৰ পৰা ২০০০ টকা পৰ্যন্ত|

ফেষ্টিভেলৰ মুখ্য অতিথি আছিল মুম্বাই চিনেমা জগতৰ মহম্মদ ফায়েজ আৰু ৰিতু পাঠক |তাৰকা শিল্পী দুগৰাকীৰ গীত শুনিবলৈ উপস্থিত হৈছিল হাজাৰ হাজাৰ শ্ৰোতা |

কিন্তু চুক্তি কৰা মতে শিল্পী দুগৰাকীক ধন আদায় নকৰাৰ অভিযোগ আয়োজক সমিতিৰ বিৰুদ্ধে | ইয়াৰ বাবে নিশা এটা বজালৈকে আমন্ত্ৰিত শিল্পী দুগৰাকীয়ে গীত পৰিৱেশন কৰা নাছিল।

আয়োজক সমিতিৰ এনে কৰ্ম কাণ্ডত উত্তেজিত হৈ ৰাইজে হাজাৰ হাজাৰ চকী ভাঙি চূৰমাৰ কৰে।কেৱল এয়াই নহয় একাংশ উত্তেজিত ৰাইজে মঞ্চৰ পৰা চকী ঘৰলৈ লৈ যায় |

বিলাসীপাৰা আৰু ধুবুৰীৰ এফ এইচ প্ৰডাকচন , আৰু হাঙ্গৰী লেণ্ডে আয়োজন কৰিছিল বিলাসীপাৰা মিউজিক ফেষ্টিভেল নাইটৰ |

আয়োজক সমিতিৰ চৰম গাফিলতিৰ বাবেই এনে কৰ্মকাণ্ড সংঘটিত হ’বলৈ পালে বুলি অভিযোগ উঠিছে |ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৰাইজে |

অসম আৰক্ষীৰ সফলতা ;  জইছ -ই- মহম্মদৰে জড়িত ৮ জেহাদীক আটক

ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে জইছ -ই- মহম্মদৰ দুৰ্ধৰ্ষ সদস্যক। ধুবুৰী আৰু কোকৰাঝাৰ জিলাত STF ৰে চলাইছিল অভিযান।

সেই অভিযানতে জইছ -ই- মহম্মদৰ ৮ দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ কৰে ধুবুৰী আৰু কোকৰাঝাৰ আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা দুৰ্ধৰ্ষ সদস্যকেইটা নুৰ ইছলাম,মুজিবৰ ৰহমান, হামিদুৰ ইছলাম, এনামুল হক আৰু আব্দুল কৰিম।

কোকৰাঝাৰ জিলাৰ জয়পুৰৰ নামাপাৰাত পৰা চাৰিজন আৰু ধুবুৰী জিলাৰ পৰা চাৰিজন আটক কৰিবলৈ সক্ষম হয় অসম আৰক্ষী।

দীৰ্ঘদিন ধৰি বিভিন্ন কাম-কাজ চলাই আহিছিল সদস্যকেইটাই । বৰ্তমান ধৃত সদস্যকেইটাক জেৰা অব্যাহত ৰাখিছে STFয়ে।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গো-মাংসৰ বিৰুদ্ধে অভিযান;  মাংসসহ ৪ সৰবৰাহকাৰী আটক

ৰাজ্যত ৰাজহুৱা স্থান,হোটেল আদিত গো মাংস নিষিদ্ধ হোৱাৰ পিছত প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে চলাইছে অভিযান। ধুবুৰীৰ তামাৰহাটত হোটেলে হোটেলে চলিছে প্ৰশাসনৰ অভিযান।

অভিযানত ৩কুইন্টল ৫০ কেজি গো মাংস জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে দুখন ই- ৰিক্সা আৰু এখন স্কুটিত পুৱতি  নিশা পশ্চিমবংগৰ পৰা অসমলৈ আনি আছিল মাংসখিনি।

সেই খবৰ পাই অসম-বংগ সীমান্তৰ কামানডাঙ্গাত আৰক্ষীয়ে অভিযান চলায় আটক কৰে তিনি সৰবৰহকাৰীক।ধৃত সৰবৰাহকাৰী কেইটা ক্ৰমে ছিদ্দিক আলী, মোস্তাফা শেখ, হিকমত আলী,আনিছুল হক।