ইউপিপিএল-এ ঘোষণা কৰিলে সাতজনীয়া প্ৰাৰ্থীৰ তালিকা, তামুলপুৰত প্ৰমোদ বড়োক প্ৰাৰ্থিত্ব

ইউপিপিএল-এ ঘোষণা কৰিলে সাতজনীয়া প্ৰাৰ্থীৰ তালিকা, তামুলপুৰত প্ৰমোদ বড়োক প্ৰাৰ্থিত্ব

প্ৰমোদ বড়োৱে ৪৩ নং তামুলপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে ইউপিপিএল দলে সাতটা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । সোমবাৰে নিশা দলটোৱে প্ৰকাশ কৰা তালিকা অনুসৰি ইউপিপিএলৰ সভাপতি তথা BTRৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কেন্দ্ৰীয়

প্ৰমোদ বড়োৱে ৪৩ নং তামুলপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব

৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে ইউপিপিএল দলে সাতটা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । সোমবাৰে নিশা দলটোৱে প্ৰকাশ কৰা তালিকা অনুসৰি ইউপিপিএলৰ সভাপতি তথা BTRৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কেন্দ্ৰীয় কাৰ্যকৰী সমিতি আৰু ক’ৰ কমিটীৰ পৰামৰ্শৰ ভিত্তিত এই মনোনয়নত অনুমোদন জনাইছে ।

ঘোষণা অনুসৰি, অনিন্দ বসুমতাৰীয়ে ১ নং গোসাঁইগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব আৰু ৰাজু কুমাৰ নাৰ্জাৰীক ২ নং ডটমা (ST) সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । আনহাতে, লৰেঞ্চ ইছলাৰীয়ে ৩ নং কোকৰাঝাৰ (ST) সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব ।

দলৰ সভাপতি প্ৰমোদ বড়োৱে নিজেই ৪৩ নং তামুলপুৰ (ST) সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব । ইয়াৰ উপৰিও দলটোৱে ৪৫ নং ভেৰগাঁৱৰ পৰা নেৰ্ছোন বড়ো, ৪৬ নং ওদালগুৰি (ST) সমষ্টিৰ পৰা দীপেন বড়ো আৰু ২০ নং বিজনী সমষ্টিৰ পৰা কমলসিং নাৰ্জাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

উল্লেখ্য যে, ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰাৰ পিছত ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে আৰু ইয়াৰ মাজতে ইউপিপিএল-এ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ।

লগতে পঢ়ক : মমতাৰ দুৰ্গত শুভেন্দুৰ প্ৰত্যাহ্বান, হাই ভল্টেজ যুঁজৰ সাক্ষী হ’ব ভৱানীপুৰ

শেহতীয়া প্ৰৱন্ধসমূহ