উপ নিৰ্বাচনক লৈ চিদলী সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে।সমষ্টিটোৰ অলিয়ে গলিয়ে এনডিএৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে শিক্ষা মন্ত্ৰী ৰণোজ পেগু আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই।
প্ৰচাৰৰ সময়ত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে হাগ্ৰামা মহিলাৰীয়ে পাঁচ মাহ পিছতে বিটিচি দখল কৰিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে “ইউপিপিএলৰ আয়ুস ৰেখা ঠিক কৰিবলৈ হাগ্ৰামা মহিলাৰী জ্যোতিষী নহয়।হাগ্ৰামা মহিলাৰীৰ ভৱিষ্যত ২০২০ চনতে শেষ হ’ল। হাগ্ৰামা মহিলাৰীৰ ৰাজভোগ আৰু নাই । তেওঁৰ ৰাজনৈতিক জীৱন আৰু ঘুৰি নাহে। বিপিএফ দলৰ ইমানেই বেয়া দিন চলিছে সৰু সৰু ল’ৰা বিলাকে বজাৰত মাইক লৈ প্ৰচাৰ চলাব লগা হৈছে”।
ইফালে উক্ত প্ৰচাৰ সভাত মন্ত্ৰী ৰণোজ পেগু উপস্থিত থাকি চিদলী সমষ্টিত এনডিএৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ প্ৰচাৰ চলায়। নিৰ্বাচনী সভাত তেওঁ কয় যে “এনডিএৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ বিজয় নিশ্চিত” । আনহাতে ভূপেন বৰাই ৫০০/- টকাত গেছ চিলিণ্ডাৰ আৰু ২০০ ইউনিট বিদ্যুৎ ফ্ৰী দিয়া হ’ব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে “ভূপেন বৰাই যি কৈছে সেয়া সম্ভৱ হ’ব নে নাই সেয়া ভূপেন বৰাই জানিব কাৰণ অসমৰ ৰাইজৰ লগতে তেওঁ নিজেও জানে যে অসমত আৰু কেতিয়াও কোনো কাৰণত কংগ্ৰেছ চৰকাৰ নাহে সেয়া নিশ্চিত”।