দুৰ্নীতিৰ বিৰুদ্ধে এক্সন মুডত হাগ্ৰামা মহিলাৰী, কৰিলে ডাঙৰ ঘোষণা

বিটিচি সচিবালয়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়

দুৰ্নীতিৰ বিৰুদ্ধে এক্সন মুডত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী । পৰিষদৰ বিভিন্ন বিভাগত হ’ব পৰা দুৰ্নীতি আৰু অনিয়মৰ ওপৰত চকু ৰাখিবলৈ এটা সুকীয়া তদাৰকী গোট গঠনৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে বিটিচি প্ৰধানগৰাকীয়ে ।

শনিবাৰ, বিটিচি সচিবালয়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মহিলাৰীয়ে কয় যে পৰিষদৰ অধীনস্থ বিভিন্ন বিভাগত উত্থাপিত দুৰ্নীতি, ঘোচ লোৱা আৰু প্ৰশাসনিক অনিয়মৰ অভিযোগসমূহৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিবলৈ বিটিচিয়ে এটা ‘বিটিচি চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি’ গঠন কৰিব ।

চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে সময়মতে কাৰ্যালয়ত উপস্থিত নোহোৱা আৰু চৰকাৰী কাৰ্যকলাপৰ অন্যান্য গাফিলতিৰ সৈতে জড়িত অভিযোগসমূহো এই কমিটীয়ে পৰীক্ষা কৰিব । অধিক স্বচ্ছতা, দায়বদ্ধতা আৰু দক্ষ সেৱা প্ৰদান সুনিশ্চিত কৰিবলৈ এই কমিটীয়ে বিভাগীয় কাৰ্যকলাপৰ নিয়মীয়া পৰিদৰ্শন, পৰ্যবেক্ষণ আৰু পৰ্যালোচনা চলাব ।

বিটিচি প্ৰধানগৰাকীৰ মতে, প্ৰস্তাৱিত কমিটীখনে অসম চৰকাৰে গ্ৰহণ কৰা তদাৰকী ব্যৱস্থাৰ আৰ্হিত কাম কৰিব আৰু ইয়াৰ লক্ষ্য হৈছে পৰিষদৰ প্ৰশাসনিক গাঁথনিৰ ভিতৰত প্ৰতিষ্ঠানিক তদাৰকী শক্তিশালী কৰা ।

ইফালে কাৰ্যবাহী পৰিষদে মালগাঁৱত চৰকাৰে অধিগ্ৰহণ কৰা ভূমিৰ মালিকসকলৰ বাবে এককালীন ক্ষতিপূৰণ পেকেজতো অনুমোদন জনাইছে । অনুমোদিত পেকেজৰ অধীনত পট্টা (পঞ্জীভুক্ত) মাটিৰ মালিকে ৭ লাখৰ পৰা ৮ লাখ টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিব । আনহাতে খাচ (চৰকাৰী) মাটিৰ মালিকে লাভ কৰিব ২.৫ লাখ টকাকৈ ।

আন এক গুৰুত্বপূৰ্ণ ঘোষণাত মহিলাৰীয়ে কয় যে বিটিচি অঞ্চলত কৰ্মৰত সাংবাদিকসকললৈ অসম চৰকাৰৰ অধীনত সাংবাদিকসকলে বৰ্তমানে লাভ কৰি থকা সুযোগ-সুবিধা আৰু কল্যাণমূলক আঁচনিসমূহ সম্প্ৰসাৰিত কৰা হ’ব । এই সিদ্ধান্তসমূহ হৈছে প্ৰশাসনিক দায়বদ্ধতা বৃদ্ধি, শাসন ব্যৱস্থাৰ উন্নতি আৰু সমগ্ৰ অঞ্চলটোৰ যোগ্য অংশীদাৰসকললৈ কল্যাণমূলক সাহায্য প্ৰসাৰিত কৰাৰ বাবে বিটিচিয়ে চলোৱা প্ৰচেষ্টাৰ অংশ ।

লগতে পঢ়ক : প্ৰশাসন আৰু উন্নয়নত মহাকাশ প্ৰযুক্তি: ৫ বছৰত ASSAC-ৰ ৬০ টাতকৈও অধিক প্ৰকল্প সম্পূৰ্ণ!

ৰুণীখাতা বন সংমণ্ডল কাৰ্যালয়ত সংঘটিত ঘটনাৰ তীব্ৰ নিন্দা হাগ্ৰামা মহিলাৰীৰ

ৰুণীখাটাত বন বিভাগৰ কাৰ্যালয়ত হোৱা আক্ৰমণ আৰু চৰকাৰী সম্পত্তি ধ্বংসৰ ঘটনাক তীব্ৰ গৰিহণা দিছে বিটিচি প্রধান হাগ্ৰামা মহিলাৰীয়ে

চিৰাং জিলাৰ ৰুণীখাটাত বন বিভাগৰ কাৰ্যালয়ত হোৱা আক্ৰমণ আৰু চৰকাৰী সম্পত্তি ধ্বংসৰ ঘটনাক তীব্ৰ গৰিহণা দিছে বিটিচি প্রধান হাগ্ৰামা মহিলাৰীয়ে । তেওঁ কয় যে এই ঘটনাৰ এক বিতং প্ৰতিবেদন বিচৰা হৈছে আৰু জড়িত থকা বুলি প্ৰমাণিত হোৱা সকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । লগতে তেওঁ এজন বা দুজন ব্যক্তিৰ কাৰ্যৰ বাবে সমগ্ৰ সম্প্ৰদায়ক নেতিবাচকভাৱে বিচাৰ কৰিব নালাগে বুলিও মন্তব্য কৰে । মহিলাৰীয়ে লগতে জনায় যে তেওঁ বিটিচিৰ সকলো পৰিষদীয় সদস্যৰ সৈতে ঘটনাস্থলী পৰিদৰ্শন কৰিব ।

উল্লেখ্য যে, ১৭ এপ্ৰিলত নিৰাপত্তাকৰ্মী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘটিত সংঘৰ্ষৰ পাছত চিৰাং জিলাৰ ভাৰত-ভুটান সীমান্তৰ ৰুণীখাতাত তীব্ৰ উত্তেজনা অব্যাহত আছে । জানিব পৰা মতে ৰিপু-চিৰাং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বেদখল আৰু অবৈধভাৱে ভূমি পৰিষ্কাৰ কৰাৰ অভিযোগত বন বিভাগে বৃহস্পতিবাৰে কেইবাজনো স্থানীয় লোকক আটক কৰাৰ পিছতে উত্তেজনাৰ সৃষ্টি হয় । সেই নিশা কিছু লোকে আটকাধীন ব্যক্তিকেইজনক মুক্তিৰ দাবীত ৰুণীখাতা কাৰ্যালয় ঘেৰাও কৰিছিল যদিও কোনো হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি নকৰাকৈয়ে তেওঁলোক আঁতৰি গৈছিল ।

অৱশ্যে শুকুৰবাৰে পুৱা পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে । এদল উন্মত্ত জনতাই কাৰ্যালয়টোত আক্ৰমণ চলায় । লোকসকলে কাৰ্যালয় আৰু আৱাসিক গৃহসমূহ লণ্ডভণ্ড কৰাৰ লগতে চৰকাৰী জীপসহ সাত-আঠখন বাহনত জুই লগাই দিয়ে আৰু বনৰক্ষীৰ পৰা অস্ত্ৰ কাঢ়ি নিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উঠিছে । এই হিংসাত্মক ঘটনাত বন বিভাগৰ কেইবাজনো কৰ্মচাৰী আহত হয় ।

উত্তেজনা বৃদ্ধি পোৱাত আৰক্ষী আৰু বন কৰ্মীয়ে জনতাক ছত্ৰভংগ দিয়াবলৈ লাঠীচালনা আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰে আৰু পৰৱৰ্তী সময়ত শূণ্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় ।

লগতে পঢ়ক : পৱন খেৰাই আত্মসমৰ্পণ কৰা উচিত: জামিন আবেদন খাৰিজৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ডাঙৰ ঘোষণা; BTC ত নহয় SR!

SR ক লৈ দেশ জুৰি চলি আছে চৰ্চা। কিন্তু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে SR সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে।

দেশজুৰি SR ক লৈ চৰ্চা চলি আছে। সেই চৰ্চাৰ মাজতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে SR সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে।

হাগ্ৰামা মহিলাৰীয়ে কৈছে য়ে, BTC ৰ ৫ জিলাত বন্ধ থাকিব SR প্ৰক্ৰিয়া।কোকৰাঝাৰ ,চিৰাং, বাক্সা, ওদালগুৰি, আৰু তামুলপুৰত নহয় SR প্ৰক্ৰিয়া। SR প্ৰক্ৰিয়াৰ নামত চৰকাৰে কোনো লোকক হাৰাশাস্তি কৰিব নোৱাৰিব।

SRক লৈ বিটিচি চলি আহিছিল বিতৰ্ক। তাৰ বাবে BTC ৰ জনতাক আতংকিত নহ’বলৈ ক’লে হাগ্ৰামা মহিলাৰীয়ে। BTCৰ ৫খন জিলাৰ উপায়ুক্তৰ সৈতে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হৈছিল বৈঠক।

ইয়াৰ পিছতেই হাগ্ৰামা মহিলাৰীৰ সৈতে হোৱাৰ বৈঠকত সাময়িক ভাৱে বন্ধ ৰখা হয় SR।এই বৈঠকত কোকৰাঝাৰ ,চিৰাং, বাক্সা, ওদালগুৰি, আৰু তামুলপুৰ জিলাৰ উপায়ুক্ত অংশগ্ৰহণ কৰে।

লগতে পঢ়ক: ২৬টা সমষ্টিত কোনে কোনে লাভ কৰিব প্ৰাৰ্থিত্ব? আহি গ’ল বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা

‘হাগ্ৰামা মহিলাৰীৰ লগত মোৰ সম্পৰ্ক বহু দিনৰ’;মুখ্যমন্ত্ৰী

হাগ্ৰামা মহিলাৰীৰ লগত মোৰ সম্পৰ্ক বহু দিনৰ

আজি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰী হিচাপে শপত ললে BPF ৰ চৰণ বড়োৱে। শপতগ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে নতুন ৰণকৌশলেৰে আমি আগবাঢ়িম।নৱেম্বৰ, ডিচেম্বৰ মাহৰ ভিতৰত আলোচনাত মিলিত হ’ব লাগিব।

BTRৰ ১৫ খন বিধানসভা আসনক লৈ ইতিমধ্যে বুজাবুজি হৈছে।জানুৱাৰীৰ ভিতৰত সকলোখিনি চূড়ান্ত হ’ব।

তাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে হাগ্ৰামা মহিলাৰীৰ কথা উল্লেখ কৰি কয় যে,’হাগ্ৰামা মহিলাৰীৰ লগত মোৰ সম্পৰ্ক বহু দিনৰ।২০২১ত কিবা কথাত আমাৰ মতানক্য হৈছিল।কিন্তু ৩ মাহৰ পিছতে আমি পুনৰ লগ হৈছিলো।

বিগত সময়তো BPFৰ পৰা পূৰ্ণ সমৰ্থন পাই আহিছিলো। ৰাজ্য সভা নিৰ্বাচনতো BPFক বিজেপিকে দিয়ে ভোট। আমাৰ সু-সম্পৰ্কৰ প্ৰতিফলন বৰ্তমান সকলোৱে দেখা পাইছে। BJP, BPF-এ মিলি সমাজৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলিও তেওঁ উল্লেখ কৰে।

লগতে পঢ়ক: মন্ত্ৰীসভাত অন্তৰ্ভূক্ত BPF  ৰ বিধায়ক চৰণ বড়ো; ৰাজ্যপালৰ ওচৰত ললে শপত

বিটিচি চৰকাৰৰ বাঘজৰী হাতত ল’লে হাগ্ৰামা মহিলাৰীয়ে; কোনে পালে কি দায়িত্ব ?

বিটিচি চৰকাৰৰ বাঘজৰী হাতত ল’লে হাগ্ৰামা মহিলাৰীয়ে

বৃহৎ জয়েৰে বিটিচিৰ মচনদ দখল কৰা বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত আজি ইএম হিচাবে শপত গ্ৰহণ কৰিলে নৱ নিৰ্বাচিত ১২জনকৈ পাৰিষদে । শপত গ্ৰহণৰ পিছতে আটাইকেইজন পাৰিষদক বিটিচি চৰকাৰত তেওঁলোকৰ দায়িত্ব সমূহো অৰ্পণ কৰা হয় । জানক কাৰ কান্ধত পৰিল কি দায়িত্ব-

-বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীঃ পি ডব্লিউ ডি, পি এন আৰ ডি, বিত্ত, ক্ৰীড়া, সাংস্কৃতিক পৰিক্ৰমাকে ধৰি কেইবাটাও বিভাগ ।

-উপ-মুখ্য কাৰ্যবাহী ৰিহন দৈমাৰীঃ কৃষি বিভাগ

-মুনমুন ব্ৰক্ষ্মঃ নগৰ উন্নয়ন

-ৰবিৰাম নাৰ্জাৰীঃ শিক্ষা বিভাগ

-মৃত্যুঞ্জয় নাৰ্জাৰীঃ পৰিবহণ

-দেৰহাছাৎ বসুমতাৰীঃ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ

-প্ৰকাশ বসুমতাৰীঃ সমাজ কল্যাণ বিভাগ

-পানীৰাম ব্ৰক্ষ্মঃ বন বিভাগ

-বেগম আখতাৰা আহমেদঃ জনস্বাস্থ্য কাৰিকৰী

-ধীৰাজ বৰগয়াৰীঃ ভূমি সংৰক্ষণ বিভাগ

-গণেশ কছাৰীঃ জলসিঞ্চন

-লামশ্ৰাও দৈমাৰীঃ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ দায়িত্ব

-ফ্ৰেছ মুছাহাৰীঃ জলসম্পদ বিভাগ

-আগাষ্টুশ্ব টিয়াঃ পশুপালন বিভাগৰ দায়িত্ব

লগতে পঢ়ক : জুবিন গাৰ্গক লুটি খোৱা সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি ছীল

চতুৰ্থবাৰলৈ বিটিছিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ হাগ্ৰামা মহিলাৰীৰ

মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ হাগ্ৰামা মহিলাৰীৰ

চতুৰ্থবাৰৰ বাবে বিটিছিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত ল’লে হাগ্ৰামা মহিলাৰীয়ে। বডোফা নগৰত বিশাল সামৰোহৰ মাজত শপত ললে তেওঁলোকে। পাঁচ বছৰৰ পিছত পুনৰ শাসনৰ গাদীলৈ উভতি আহিছে হাগ্ৰামা।

প্ৰতিকূল বতৰৰ মাজতে কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড সচিবালয় খেলপথাৰত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়েও উপ-চিইএম হিচাপে শপত গ্ৰহণ কৰে।

প্ৰৱল প্ৰত্যাহ্বানৰ মাজতো বিপিএফক ৰুধিবলৈ সক্ষম নহ’ল বিজেপি আৰু ইউপিপিএলে। বিপিএফে ২৮ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে পাঁচখন আৰু ইউপিপিএলে ৭ খন আসনতে সীমাবদ্ধ থাকে।

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰা অনুষ্ঠানত উপস্থিত থাকে মহামহিম ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।  

লগতে পঢ়ক: ‘BPF আৰু UPPL একেলগে থাকিব নোৱাৰে’; মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

৫ অক্টোবৰত শপত ল’বলৈ সাজু হাগ্ৰামা মহিলাৰী; মুখ্যমন্ত্ৰীক দিলে নিমন্ত্ৰণ

৫ অক্টোবৰত শপত ল’বলৈ সাজু হাগ্ৰামা মহিলাৰী

৫ অক্টোবৰত বিটিচিৰ মুৰব্বীৰূপে শপত ল’ব বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।৩ অক্টোবৰৰ পৰিৱৰ্তে এতিয়া ৫ অক্টোবৰত অনুষ্ঠিত হ’ব BTC চৰকাৰৰ শপতগ্ৰহণ অনুস্থান।

যাৰ বাবে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে শপত গ্ৰহণ সমাৰোহলৈও আমন্ত্ৰণ জনালে হাগ্ৰামা মহিলাৰীয়ে।

শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যপালৰ লগতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।দেওবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহটো বিপিএফ প্ৰধান গৰাকী উপস্থিত হৈ নিমন্ত্ৰণ জনাই।  

আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে বিপিএফো এনডিএৰ সহযোগী বুলি কৰা মন্তব্যক আদৰণী জনাই শীঘ্ৰেই এই সন্দৰ্ভত আলোচনা হ’ব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ লগতে মুখ্যমন্ত্ৰী অসমৰ বছ বুলিও উল্লেখ কৰে।

লগতে পঢ়ক: ‘ভুলতে দুবাৰকৈ সুযোগ দিলোঁ…’; লালু যাদৱক তীব্ৰ সমালোচনা নীতিশ কুমাৰৰ   

BTCত নিৰ্মাণ হ’ব জুবিন গাৰ্গৰ সুউচ্চ প্ৰতিমূৰ্তি; হাগ্ৰামা মহিলাৰীৰ ডাঙৰ সিদ্ধান্ত

হাগ্ৰামা মহিলাৰীৰ ডাঙৰ সিদ্ধান্ত

BTCত নিৰ্মাণ হ’ব জুবিন গাৰ্গৰ এটা বৃহৎ প্ৰতিমূৰ্তী। আজি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত ঘৰত উপস্থিত হৈ BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰিলে এই ঘোষণা। শপত গ্ৰহণৰ পূৰ্বে হাগ্ৰামা মহিলাৰীৰ ডাঙৰ সিদ্ধান্ত।

এই কথা ঘোষণা কৰি তেওঁ কয় যে, জুবিন গাৰ্গ সকলোৰে আত্মাত আছে আৰু সদায় থাকিব।আমি প্ৰাণৰ জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিম।

কেৱল জুবিন গাৰ্গৰ সুউচ্চ প্ৰতিমূৰ্তিয়েই নহয়, তেওঁৰ নামত কোকৰাঝাৰত এখন আটকধুনীয়া পাৰ্কো নিৰ্মাণ কৰিম।জুবিন দাক কোনো ৰাইজে পাহৰি  নাযায়।

অসমবাসীৰ বিপদৰ সময়ত জুবিন দাই কেনেকৈ সহায় কৰিছিল সকলোৱে জানো, গতিকে তেওঁ পাহৰি যোৱাটো সম্ভৱ নহয়।

তেওঁ কিমান কি কৰিছিল সেই কথা কৈ শেষ কৰিব নোৱাৰিম। তেওঁ আমি কোনেও কেতিয়াও পাহৰি যাব নোৱাৰি।তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মই এই সিদ্ধান্ত লৈছো।    

লগতে পঢ়ক: জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ ন্যায় বিচাৰি এজাহাৰ দাখিল পত্নী গৰিমা গাৰ্গৰ  

BTCত হাগ্ৰামাৰ COMEBACK; চৰকাৰ গঠনৰ দিশে হাগ্ৰামা মহিলাৰীৰ BPF

চৰকাৰ গঠনৰ দিশে হাগ্ৰামা মহিলাৰীৰ BPF

একক সংখ্যাগৰিষ্ঠতাৰে BTC ত চৰকাৰ গঠনৰ দিশে হাগ্ৰামা মহিলাৰীৰ চৰকাৰ।এই পৰ্যন্ত ৪০টা সমষ্টিৰ ২৭ খন আসন দখল বিপিএফৰ। ইতিমধ্যে BPF এ মেজিক নম্বৰ অতিক্ৰম কৰিলে। আজি চূড়ান্ত হ’ব ভোট গণনাৰ ফলাফল।

দেৱৰগাঁও সমষ্টিৰ পৰা হাগ্ৰামা মহিলাৰীৰ জয়লাভ হোৱাৰ লগতে কচুঁগাৱত BPFৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী, সবাইঝাৰত ধীৰাজ বৰগয়াৰী,খৈৰাবাৰীত লৌমশ্ৰাও দৈমাৰী,নিচিমা সমষ্টিত জেমছ বসুমতাৰী, হৰিশিঙা সমষ্টিত ত্ৰিদীপ দৈমাৰী,ধনশ্ৰীত ফ্ৰেছ মুছাহাৰী,কাজলগাঁৱত পানীৰাম ব্ৰহ্ম,ছালাকাটিত দেৰহাছাত বসুমতাৰী,পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত মুন মুন ব্ৰহ্ম,বিজনীৰ থুৰিবাৰীত খলিলুৰ ৰহমান,গোৰেশ্বৰ পৰিষদীয় সমষ্টিত মহেশ্বৰ বসুমতাৰী,শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত গণেশ কছাৰীয়ে জয়লাভ কৰিছে।

ইফালে গয়বাৰী পৰিষদীয় সমষ্টিত UPPLৰ প্ৰমোদ বড়ো,মানস ছেৰফাঙত ধনঞ্জয় বসুমতাৰী, কোকলাবাৰীত মন্টু বড়ো, চিৰাংদুৱাৰত খাম্পা বৰগয়াৰীৰ, লগতে বাগানপাৰাত BJPৰ ৰেখাৰাণী দাস বড়ো, নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত ভজন দাস, দৰঙাজুলি পৰিষদীয় সমষ্টিত বিজিত গৌৰা নাৰ্জাৰীয়ে জয় লাভ কৰে।

পিছে এইবাৰ BTC ত ধূলিস্যাৎ হ’ল কংগ্ৰেছ। বিটিচি পৰিষদীয় নিৰ্বাচনত এখনো আসন লাভ নকৰিলে কংগ্ৰেছে।

লগতে পঢ়ক: BTCত ধূলিস্যাৎ কংগ্ৰেছ; এটা সমষ্টিটো কংগ্ৰেছক ভোট নিদিলে সংখ্যালঘুৱে