২৬টা সমষ্টিত কোনে কোনে লাভ কৰিব প্ৰাৰ্থিত্ব? আহি গ’ল সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা

২৬টা সমষ্টিত কোনে কোনে লাভ কৰিব প্ৰাৰ্থিত্ব? আহি গ’ল বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা

বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি দল। এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনৰ বাবে আহিছে বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা। বিধান সভা নিৰ্বাচনৰ বাবে টঙালি বান্ধি সাজু হৈছে বিজেপি। সমষ্টিয়ে সমষ্টিয়ে বিজেপিয়ে চলাইছে জোৰদাৰ প্ৰচাৰ। তাৰ মাজতে সাজু হৈ উঠিছে প্ৰায় সম্ভাৱ্য প্ৰাৰ্থীৰ নামৰ তালিকা। এই সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাৰ

বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি দল। এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনৰ বাবে আহিছে বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা।

বিধান সভা নিৰ্বাচনৰ বাবে টঙালি বান্ধি সাজু হৈছে বিজেপি। সমষ্টিয়ে সমষ্টিয়ে বিজেপিয়ে চলাইছে জোৰদাৰ প্ৰচাৰ। তাৰ মাজতে সাজু হৈ উঠিছে প্ৰায় সম্ভাৱ্য প্ৰাৰ্থীৰ নামৰ তালিকা।

এই সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাৰ মতে ডুমডুমাত ৰূপেশ গোৱালা, মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা, নাহৰকটীয়াত তৰংগ গগৈ, টিংখংত বিমল বৰা, খোৱাঙত চক্ৰধৰ গগৈ, ঢকুৱাখনাত নৱকুমাৰ দলে, লখিমপুৰত মানৱ ডেকা,ডিমৌত সুশান্ত বৰগোঁহাই, মাহমৰাত যোগেন মহন, গোলাঘাটত অজন্তা নেওগ, সৰুপথাৰত বিশ্বজিৎ ফুকন।

বঢ়মপুৰত জিতু গোস্বামী, নগাঁও-বটদ্ৰৱাত ৰূপক শৰ্মা, মৰিগাঁৱত ৰমাকান্ত দেউৰী, জাগীৰোডত পীয়ুষ হাজৰিকা, ন-দুৱাৰত পদ্ম হাজৰিকা, ঢেকীয়াজুলিত অশোক সিংহল, টিহুত চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰীত জয়ন্তমল্ল বৰুৱা, ৰঙিয়াত ভৱেশ কলিতা, কমলপুৰত দিগন্ত কলিতা, জালুকবাৰীত ড০ হিমন্ত বিশ্ব শৰ্মা, বজালীত ৰণজিত কুমাৰ দাস, হাফলঙত নন্দিতা গাৰ্লোছা, লক্ষীপুৰত কৌশিক ৰায়, পাথাৰকান্দিত কৃষ্ণেন্দু পালে প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা প্ৰকট।

লগতে পঢ়ক: “উত্তৰ-পূৰ্বাঞ্চলক অপমান কৰি আহিছে ৰাহুল গান্ধীয়ে”: গলবস্ত্ৰ পৰিধান নকৰাক লৈ সৰব মুখ্যমন্ত্ৰী