জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ ন্যায় বিচাৰি এজাহাৰ দাখিল পত্নী গৰিমা গাৰ্গৰ

জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ ন্যায় বিচাৰি এজাহাৰ দাখিল পত্নী গৰিমা গাৰ্গৰ

জুবিন গাৰ্গৰ ঘটনাৰ ন্যায় বিচাৰি এজাহাৰ দাখিল পত্নী গৰিমা গাৰ্গৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাই তোলপাৰ লগাই আছে সমগ্ৰ ৰাজ্য । অসমীয়াৰ আপোন শিল্পীগৰাকীৰ মৃত্যুত তেখেতৰ পৰিয়ালৰ লগতে শোকত ভাগি পৰিছে অনুৰাগী তথা অসমবাসী । ক্ষোভিত অনুৰাগী তথা অসমবাসীয়ে এই ঘটনাৰ উচিত তদন্তৰ লগতে ন্যায় বিচাৰিছে

জুবিন গাৰ্গৰ ঘটনাৰ ন্যায় বিচাৰি এজাহাৰ দাখিল পত্নী গৰিমা গাৰ্গৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাই তোলপাৰ লগাই আছে সমগ্ৰ ৰাজ্য । অসমীয়াৰ আপোন শিল্পীগৰাকীৰ মৃত্যুত তেখেতৰ পৰিয়ালৰ লগতে শোকত ভাগি পৰিছে অনুৰাগী তথা অসমবাসী । ক্ষোভিত অনুৰাগী তথা অসমবাসীয়ে এই ঘটনাৰ উচিত তদন্তৰ লগতে ন্যায় বিচাৰিছে । ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে চি আই ডিয়ে । ইয়াৰ মাজতে শনিবাৰে নিশা এই ঘটনাৰ তদন্ত বিচাৰি এজাহাৰ দাখিল কৰিলে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে ।

জুবিন গাৰ্গৰ মৃত্যু ৯ দিনৰ পিছত ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে গৰিমা শইকীয়া গাৰ্গ । ছিংগাপুৰত জুবিনৰ সৈতে থকা সকলোৰে বিৰুদ্ধে এই এজাহাৰ দাখিল কৰিছে জুবিন পত্নীয়ে । ই-মেইলযোগে গৰিমা শইকীয়া গাৰ্গে চি আই ডিৰ এছ আই টিত দাখিল কৰিছে এই এজাহাৰ । এজাহাৰত স্বাক্ষৰ কৰে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামি বৰঠাকুৰ আৰু খুড়াক মনোজ বৰঠাকুৰে ।

লগতে পঢ়ক : ৰাইজৰ ক্ষোভৰ সৈতে খেলা নকৰিব : শ্যামকানু-সিদ্ধাৰ্থক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ