হাগ্ৰামা মহিলাৰীৰ ডাঙৰ সিদ্ধান্ত
BTCত নিৰ্মাণ হ’ব জুবিন গাৰ্গৰ এটা বৃহৎ প্ৰতিমূৰ্তী। আজি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত ঘৰত উপস্থিত হৈ BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰিলে এই ঘোষণা। শপত গ্ৰহণৰ পূৰ্বে হাগ্ৰামা মহিলাৰীৰ ডাঙৰ সিদ্ধান্ত।
এই কথা ঘোষণা কৰি তেওঁ কয় যে, জুবিন গাৰ্গ সকলোৰে আত্মাত আছে আৰু সদায় থাকিব।আমি প্ৰাণৰ জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিম।
কেৱল জুবিন গাৰ্গৰ সুউচ্চ প্ৰতিমূৰ্তিয়েই নহয়, তেওঁৰ নামত কোকৰাঝাৰত এখন আটকধুনীয়া পাৰ্কো নিৰ্মাণ কৰিম।জুবিন দাক কোনো ৰাইজে পাহৰি নাযায়।
অসমবাসীৰ বিপদৰ সময়ত জুবিন দাই কেনেকৈ সহায় কৰিছিল সকলোৱে জানো, গতিকে তেওঁ পাহৰি যোৱাটো সম্ভৱ নহয়।
তেওঁ কিমান কি কৰিছিল সেই কথা কৈ শেষ কৰিব নোৱাৰিম। তেওঁ আমি কোনেও কেতিয়াও পাহৰি যাব নোৱাৰি।তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মই এই সিদ্ধান্ত লৈছো।
লগতে পঢ়ক: জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ ন্যায় বিচাৰি এজাহাৰ দাখিল পত্নী গৰিমা গাৰ্গৰ









