বলীউডত ইজনৰ পিছত সিজনলৈ আহিছে ভাবুকি । এইবাৰ বলীউডৰ পৰা আহিছে এটা ডাঙৰ খবৰ।ছলমান খানৰ পিছত এইবাৰ বলীউডৰ কিং খান শ্বাহৰুখ খানলেও আহিছে মৃত্যুৰ ভাবুকি ।কোনো অজ্ঞাত ব্যক্তিয়ে বান্দ্ৰা আৰক্ষীক এটা ফোন কলৰ দ্বাৰা দিছে মৃত্যুৰ ভাবুকি।
জানিব পৰা মতে ৫ নৱেম্বৰৰ দিনা বান্দ্ৰা আৰক্ষী থানালৈ এটা ফোন আহিছিল আৰু কৈছিল যে “তেওঁ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান, তেওঁ ৫০ লাখ দিবই লাগিব… অন্যথা শেষ কৰি দিয়া হ’ব তেওঁক”।যেতিয়া আৰক্ষীৰ লোক সকলে তেওঁৰ পৰিচয় বিচাৰিলে তেতিয়া তেওঁ কয় যে “মই কোন সেয়া গুৰুত্ব দি লাভ নাই… মোৰ নামটো হিন্দুস্তানী বুলি লিখক”।
আৰক্ষীয়ে বিষয়টোৰ প্ৰাথমিক তদন্ত কৰি যি নম্বৰৰ পৰা ফোনটো আহিছিল সেইটো ফৈজানৰ নামত পঞ্জীয়ন কৰা আছে বুলি জানিব পাৰে।কিন্তু আৰক্ষীয়ে লাভ কৰা এক তথ্য অনুসৰি ফৈজানৰ মোবাইলটো ইতিমধ্যে চুৰি হৈছে। তাৰ বাবে ব্যক্তিগৰাকীয়ে ইতিমধ্যে ৰায়পুৰত এটা অভিযোগ দাখিল কৰিছে। ২ নৱেম্বৰৰ দিনা ফোনটো চুৰি হোৱা বুলি অভিযোগ দাখিল কৰিছিল ব্যক্তিগৰাকীয়ে। কিন্তু তেওঁ এটা ভুল কৰিছিল যে তেওঁ নম্বৰটো বন্ধ কৰি দিয়া নাছিল। জানিব পৰা মতে ফৈজান পেছাত এজন উকীল।
ঘটনাক লৈ ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ছলমান খানক মৃত্যুৰ ভাবুকিৰ পিছতেই এইবাৰ শ্বাহৰুখ খানক ভাবুকি দিয়া ঘটনাই জোকাৰি গৈছে সমগ্ৰ বলীউড। উল্লেখ্য যে, শ্বাহৰুখ খান সদায়ে আণ্ডাৰৱৰ্ল্ডৰ হিট লিষ্টত আছে। কেৰিয়াৰৰ আৰম্ভণিৰ দিনবোৰত, তেওঁ বহুবাৰ মৃত্যুৰ ভাবুকি পাইছিল। যোৱা বছৰত, তেওঁ “পাঠান” আৰু “জোৱান” চলচ্চিত্ৰৰ সফলতাৰ পিছতো মৃত্যুৰ ভাবুকি পাইছিল। অভিনেতাজনে এই বিষয়ে মহাৰাষ্ট্ৰ আৰক্ষীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছিল, যাৰ পিছত তেওঁক ৱাই+ নিৰাপত্তা প্ৰদান কৰা হৈছিল।