থাইলেণ্ডে দেশখনৰ পৰ্যটন ক্ষেত্ৰলৈ লক্ষ্য ৰাখি এক ডাঙৰ সিদ্ধান্ত লৈছে । থাইলেণ্ডে নিজৰ ‘বিনামূলীয়া ভিছা প্ৰৱেশ নীতি’ৰ অন্তিম তাৰিখ সলনি কৰি অনিৰ্দিষ্টকাললৈ বৃদ্ধি কৰিছে । দেশখনে কেৱল ভাৰতীয়ৰ বাবেহে অনিৰ্দিষ্টকাললৈ বৃদ্ধি কৰিছে ‘বিনামূলীয়া ভিছা প্ৰৱেশ নীতি’ । ইয়াৰ পূৰ্বে থাইলেণ্ডত ভাৰতীয়সকলৰ বাবে ‘বিনামূলীয়া ভিছা প্ৰৱেশ নীতি’ অহা ১১ নৱেম্বৰত শেষ হোৱাৰ কথা আছিল ।
দুমাহ ভিছা অবিহনে থাকিব পাৰিব থাইলেণ্ডত-
থাইলেণ্ডৰ পৰ্যটন কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনা অনুসৰি ভাৰতীয় নাগৰিকে ভিছা অবিহনে ৬০ দিন থাইলেণ্ডত থাকিব পাৰিব । আনহাতে ভাৰতীয় নাগৰিকে যদি তাত অধিক সময় থাকিব বিচাৰে, তেন্তে তেওঁলোকে ইমিগ্ৰেচন অফিচলৈ গৈ পুনৰ ৩০ দিন ইয়াৰ ম্যাদ বৃদ্ধি কৰিব পাৰে ।