প্ৰতিবন্ধকতা আঁতৰিলঃ ইউৰোপৰ ২৭ খন দেশৰ বাবে খোল খালে অসমৰ দুৱাৰ!

এতিয়াৰে পৰা ইউৰোপীয় ইউনিয়নৰ পৰ্যটকসকলে কোনো শংকা নোহোৱাকৈ অসম ভ্ৰমণ কৰাৰ লগতে ইয়াৰ বৈচিত্ৰ্যময় আকৰ্ষণসমূহ উপভোগ কৰিব পাৰিব

অসমৰ পৰ্যটন খণ্ডৰ বাবে এক উল্লেখনীয় আৰু ঐতিহাসিক সুখবৰ । এতিয়াৰে পৰা ইউৰোপীয় ইউনিয়নৰ (EU) সকলো ২৭ খন সদস্য ৰাষ্ট্ৰৰ নাগৰিকে কোনো ধৰণৰ পূৰ্বৰ বাধা-নিষেধ নোহোৱাকৈয়ে মুক্তভাৱে অসম ভ্ৰমণ কৰিব পাৰিব ।

এক ফেচবুক লাইভৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ইউৰোপীয় ইউনিয়নে তেওঁলোকৰ ভ্ৰমণ নিৰ্দেশিকা উন্নীত কৰিছে । যাৰ ফলত এতিয়াৰে পৰা ইউৰোপীয় ইউনিয়নৰ পৰ্যটকসকলে কোনো শংকা নোহোৱাকৈ অসম ভ্ৰমণ কৰাৰ লগতে ইয়াৰ বৈচিত্ৰ্যময় আকৰ্ষণসমূহ উপভোগ কৰিব পাৰিব ।

উন্নত নিৰাপত্তা পৰিস্থিতিৰ স্বীকৃতি

অসমৰ ক্ৰমান্বয়ে উন্নত হোৱা নিৰাপত্তা তথা আইন-শৃংখলা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে ইউৰোপীয় ইউনিয়নে এই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে । উল্লেখ্য যে, বহু বছৰ ধৰি সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন চমুকৈ ‘আফস্পা’ৰ উপস্থিতিৰ বাবে ৰাজ্যখনৰ কেইবাটাও অংশ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছিল । ইয়াৰ বাবেই কেইবাখনো বিদেশী চৰকাৰে নিজৰ নাগৰিকসকলক অসম ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ জাৰি কৰি আহিছিল ।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে, এই সংশোধিত নিৰ্দেশিকা হৈছে ৰাজ্যখনৰ শান্তি আৰু সুস্থিৰ পৰিৱেশৰ এক গোলকীয় স্বীকৃতি । ইয়াৰ ফলত অনাগত দিনত বৃহৎ সংখ্যক আন্তঃৰাষ্ট্ৰীয় দৰ্শকে ভ্ৰমণৰ বাবে অসমক বাচনি কৰিব বুলি আশা কৰা হৈছে ।

পৰ্যটন উদ্যোগত নতুন আশাৰ সঞ্চাৰ

অসম ইয়াৰ চহকী সাংস্কৃতিক ঐতিহ্য, সজীৱ পৰম্পৰা, এশিঙীয়া গঁড়ৰ বাসস্থান, চাহ বাগিচা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিশ্বজুৰি বিখ্যাত । ইয়াৰ ভিতৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যান অন্যতম ।

ৰাজ্যখনৰ পৰ্যটন খণ্ডৰ সৈতে জড়িত ব্যক্তিসকলে বিশ্বাস কৰে যে এই বাধা-নিষেধসমূহ শিথিল কৰাৰ ফলত বৃহৎ সংখ্যক ইউৰোপীয় পৰ্যটক অসমলৈ আকৰ্ষিত হ’ব । ই ৰাজ্যখনৰ আতিথ্য তথা পৰ্যটন উদ্যোগৰ বিকাশত এক নতুন মাত্ৰা প্ৰদান কৰিব ।

অৰ্থনৈতিক বিকাশৰ নতুন সুযোগ

এই নতুন পদক্ষেপে উত্তৰ-পূব ভাৰতৰ এক অন্যতম আগশাৰীৰ পৰ্যটন কেন্দ্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অসমৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিব । একে সময়তে ই আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ বাবে এক নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক : কলাগুৰুৰ আদৰ্শৰে প্ৰগতিশীল অসম গঢ়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ডাঙৰ সিদ্ধান্ত, বন্ধ কৰি দিয়া হ’ল ৪৮ টা পৰ্যটনস্থলী

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে জম্মু-কাশ্মীৰৰ বহু পৰ্যটনস্থলী বন্ধ হৈ পৰিছে । তথ্য অনুসৰি জম্মু-কাশ্মীৰ চৰকাৰে নিৰাপত্তা সংস্থাৰ পৰামৰ্শ মতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । কাশ্মীৰৰ ৮৭ খন পৰ্যটনস্থলীৰ ভিতৰত ৪৮ টা সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনা সন্দৰ্ভত চোৰাংচোৱাৰ সতৰ্কবাণীৰ বাবে বন্ধ কৰি দিয়া হৈছে ।

পহলগাম আক্ৰমণৰ পিছত উপত্যকাত সক্ৰিয় সন্ত্ৰাসবাদীৰ ঘৰ উৰুৱাই দিয়াৰ প্ৰতিশোধ ল’বলৈ টি আৰ টিয়ে এক বৃহৎ আক্ৰমণ সংঘটিত কৰাৰ চেষ্টাৰ লগতে একাংশ লক্ষ্যভিত্তিক হত্যাকাণ্ডৰ সন্দৰ্ভত অহৰহ চোৰাংচোৱা সতৰ্কবাণী প্ৰকাশ পাইছে । গুলমাৰ্গ, সোণামাৰ্গ আৰু হ্ৰদ অঞ্চলকে ধৰি কেইবাটাও স্পৰ্শকাতৰ পৰ্যটন স্থানত নিৰাপত্তা বাহিনীয়ে আৰক্ষীৰ স্পেচিয়েল অপ্ছ গ্ৰুপৰ এণ্টি ফিডাইন স্কোৱাড মোতায়েন কৰিছে । উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী ঘটনাৰ পিছত সাধাৰণভাৱে নিৰাপত্তাও বৃদ্ধি কৰা হৈছে ।

আক্ৰমণৰ ফলত গভীৰভাৱে প্ৰভাৱিত হ’ব এই খণ্ডসমূহ !

এই আক্ৰমণে কাশ্মীৰৰ সকলো খণ্ডকে প্ৰভাৱিত কৰিব পাৰে । বিশেষকৈ পৰ্যটন ক্ষেত্ৰত প্ৰভাৱ বেছি হ’ব পাৰে । হোটেল, কোম্পানী আৰু ফলৰ ব্যৱসায় কৰাৰ মন থকা বিনিয়োগকাৰীৰ আত্মবিশ্বাস কমি যাব পাৰে । ইয়াৰ ফলত বছৰ বছৰ ধৰি কষ্টৰ অন্তত সুস্থিৰ হোৱা কাশ্মীৰৰ অৰ্থনৈতিক অগ্ৰগতি লক্ষ্যৰ বিচ্যুত হ’ব পাৰে । কেৱল এয়াই নহয়, কাশ্মীৰৰ জনসাধাৰণৰ আয়ৰ ওপৰতো গভীৰ প্ৰভাৱ পৰিব পাৰে ।

পৰ্যটকৰ বাবে কি পৰামৰ্শ-

কাশ্মীৰ উপত্যকা ভ্ৰমণৰ পৰিকল্পনা কৰা পৰ্যটকসকলক নতুন ভ্ৰমণ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । নিৰাপত্তা বাহিনীৰ অভিযান চলি থকা অঞ্চলৰ পৰা আঁতৰি থকাৰ লগতে স্থানীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা মানি চলাৰ পৰামৰ্শ দিযা হৈছে । ২২ এপ্ৰিলত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত ২৫ জন ভাৰতীয় পৰ্যটক আৰু এজন নেপালৰ নাগৰিককে ধৰি কমেও ২৬ জন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছিল । এই আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পোৱাৰ লগতে অঞ্চলটোত নিৰাপত্তা কটকটীয়া কৰা হৈছে ।

এগৰাকী সাধাৰণ মানুহেও মহাকাশলৈ যাবলৈ আবেদন কৰিব পাৰে নেকি ? জানক সম্পূৰ্ণ নিৰ্বাচন প্ৰক্ৰিয়া

আকাশৰ তৰাৰ মাজত ভ্ৰমণ কৰাৰ সপোন কেতিয়াবা দেখিছেনে ? মহাকাশৰ গভীৰতাত ওপঙি থকা অৱস্থাত আপুনি দূৰৰ পৰা পৃথিৱীখন চাব বিচাৰেনে ? আগতে এইটো সম্ভৱ আছিল কেৱল বিজ্ঞানী আৰু প্ৰশিক্ষিত মহাকাশচাৰীৰ বাবে, কিন্তু এতিয়া সাধাৰণ মানুহেও মহাকাশলৈ যোৱাৰ সপোন পূৰণ কৰিব পাৰিব । স্পেচএক্স, ব্লু অৰিজিন, ভাৰ্জিন গেলেক্টিক আদি ব্যক্তিগত মহাকাশ কোম্পানীয়ে মহাকাশ পৰ্যটনক বাস্তৱত পৰিণত কৰিছে ।

এতিয়া যিকোনো ব্যক্তিয়ে কিছুমান বিশেষ চৰ্ত পূৰণ কৰি মহাকাশলৈ এক ৰোমাঞ্চকৰ যাত্ৰা কৰিব পাৰে । কিন্তু ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া, স্বাস্থ্যৰ মাপকাঠী, প্ৰশিক্ষণ আৰু বৃহৎ খৰচৰ দৰে কেইবাটাও প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব । গতিকে যদি আপুনিও মহাকাশলৈ যোৱাৰ সপোন দেখে, তেন্তে জানি লওক কেনেকৈ আবেদন কৰিব লাগে, বাছনি প্ৰক্ৰিয়া কি আৰু ইয়াৰ বাবে কিমান খৰচ হ’ব !

সাধাৰণ মানুহৰ বাবে মহাকাশৰ পথ-

পূৰ্বে কেৱল নাছা বা ইছৰোৰ দৰে চৰকাৰী সংস্থাইহে নিজৰ মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰিছিল । কিন্তু এতিয়া স্পেচএক্স, ব্লু অৰিজিন আৰু ভাৰ্জিন গেলেক্টিকৰ দৰে ব্যক্তিগত কোম্পানীয়ে সাধাৰণ মানুহৰ বাবেও এই সুযোগ মুকলি কৰিছে । এই কোম্পানীসমূহে মহাকাশ পৰ্যটনৰ প্ৰচাৰ কৰিছে, যাৰ অধীনত যিকোনো ব্যক্তিয়ে কিছুমান চৰ্ত পূৰণ কৰি মহাকাশলৈ যাত্ৰা কৰিব পাৰে ।

কেনেকৈ আবেদন কৰিব জানক-

মহাকাশলৈ যাবলৈ এই কোম্পানীসমূহৰ অফিচিয়েল ৱেবছাইট চাব লাগিব । প্ৰতিটো কোম্পানীৰ পন্থা অলপ বেলেগ বেলেগ । সম্পূৰ্ণ তথ্য জানক :

স্পেচএক্স : ইলন মাস্কৰ কোম্পানী স্পেচএক্সে “ইন্সপিৰেচন৪” (২০২১) আৰু “প’লাৰিছ ডন” (২০২৪)ৰ দৰে বিশেষ মিছনৰ জৰিয়তে সাধাৰণ জনতাক সুযোগ প্ৰদান কৰে । তেওঁলোকৰ ৱেবছাইট (spacex.com)ত প্ৰত্যক্ষ আবেদনৰ কোনো বিকল্প নাই । তেওঁলোকৰ অংশীদাৰ কাৰ্যসূচী, চেৰিটি অভিযান বা পৃষ্ঠপোষকতাৰ জৰিয়তে আপুনি নিৰ্বাচিত হ’ব পাৰে । ইয়াৰ বাবে তেওঁলোকৰ চাইটত আপডেটসমূহ পৰীক্ষা কৰি থাকিব পাৰে ।

ভাৰ্জিন গেলেক্টিক : এই কোম্পানীয়ে পোনপটীয়াকৈ টিকট বিক্ৰী কৰে । তেওঁলোকৰ ৱেবছাইট (virgigalactic.com) চাওক আৰু পঞ্জীয়ন কৰক । এই টিকটৰ মূল্য প্ৰায় ৩.৭ কোটি টকা (৪ লাখ ৫০ হাজাৰ ডলাৰ)।

ব্লু অৰিজিন : জেফ বেজোছৰ কোম্পানীয়ে “নিউ শ্বেপাৰ্ড” কাৰ্যসূচীৰ অধীনত আসন প্ৰদান কৰে । আপুনি নিলামত অংশগ্ৰহণ কৰিব পাৰে বা তেওঁলোকৰ চাইটত (blueorigin.com) পঞ্জীয়ন কৰি পোনপটীয়াকৈ বুক কৰিব পাৰে । ইয়াৰ মূল্য ১.৬ৰ পৰা ৪ কোটি টকা (২ লাখ-৫ লাখ ডলাৰ) হ’ব পাৰে । পঞ্জীয়নৰ সময়ত আপুনি আপোনাৰ নাম, বয়স, স্বাস্থ্যৰ তথ্য আৰু কিছুমান মৌলিক তথ্য দিব লাগিব ।

বাছনি প্ৰক্ৰিয়া কি জানি লওক-

মহাকাশলৈ যাবলৈ হ’লে কঠোৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব যেনে :

স্বাস্থ্য পৰীক্ষা : আপোনাৰ শৰীৰে যাতে মহাকাশৰ পৰিৱেশ সহ্য কৰিব পাৰে তাৰ বাবে চিকিৎসা পৰীক্ষা কৰা হয় । হাড়, হৃদযন্ত্ৰ, ফিটনেছ, উচ্চতা, ওজন আৰু মানসিক স্বাস্থ্যৰ পৰীক্ষা কৰা হয় ।

প্ৰশিক্ষণঃ নিৰ্বাচনৰ পিছত কেইদিনমানৰ বাবে প্ৰশিক্ষণ দিয়া হয় । ইয়াত শূন্য মাধ্যাকৰ্ষণ অনুকৰণ, মহাকাশ চুট পিন্ধা আৰু জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা শিকোৱা হয় । ভাৰ্জিন গেলেক্টিক আৰু ব্লু অৰিজিনৰ বাবে সাধাৰণতে ২-৫ দিন লাগে, আনহাতে স্পেচএক্সৰ দীঘলীয়া মিছনত সপ্তাহৰ প্ৰশিক্ষণৰ প্ৰয়োজন হ’ব পাৰে ।

টকাৰ ব্যৱস্থা : মহাকাশ ভ্ৰমণ অতি ব্যয়বহুল । ভাৰ্জিন গেলেক্টিকৰ টিকটৰ মূল্য ৩.৭ কোটি, ব্লু অৰিজিনৰ – ১.৬-৪ কোটি টকা আৰু স্পেচএক্সৰ মহাকাশ অভিযানৰ বাবে ১০ কোটিতকৈও অধিক খৰচ হ’ব পাৰে ।

লটাৰী বা নিলাম : কিছুমান মিছনত লটাৰী বা নিলামৰ জৰিয়তে আসন লাভ কৰা হয় । ব্লু অৰিজিনে নিলাম চলায়, স্পেচএক্সে ইয়াৰ পূৰ্বেও লটাৰী ব্যৱহাৰ কৰিছে আৰু ভাৰ্জিন গেলেক্টিকৰ প্ৰত্যক্ষ বুকিং আছে ।

ভাৰতৰ পৰাও সম্ভৱ নেকি-

ভাৰতত মহাকাশ পৰ্যটন এতিয়াও আৰম্ভ হোৱা নাই । ইছৰোৱে “গগণযান” মিছনত কাম কৰি আছে যদিও সেয়া সাধাৰণ মানুহৰ বাবে নহয় । বৰ্তমান ভাৰতীয়সকলে কেৱল বিদেশী কোম্পানীৰ জৰিয়তেহে আৱেদন কৰিব লাগিব । ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছ এগৰাকী প্ৰেৰণা, যদিও তেওঁ নাছাৰ এগৰাকী পেছাদাৰী মহাকাশচাৰী, পৰ্যটক নহয় ।

কিমান সময় লাগে জানি লওক-

নিৰ্বাচনৰ পিছত প্ৰশিক্ষণ আৰু প্ৰস্তুতিৰ বাবে কেইসপ্তাহমানৰ পৰা মাহলৈকে সময় লাগিব পাৰে । ভ্ৰমণৰ সময়সীমা মিছনৰ ওপৰত নিৰ্ভৰ কৰে :

ছাবঅৰ্বিটাল ভ্ৰমণ (ভাৰ্জিন গেলেক্টিক/ব্লু অৰিজিন): ১০-১৫ মিনিট ।

অৰ্বিটাল মিছন (SpaceX): ৩–৫ দিন ।

ভাৰতৰ এনে এখন ঠাই য’ত নাই এটাও সাপ…জানক ঠাইখনৰ বিশেষত্বৰ বিষয়ে

ভাৰত সাপৰ বৈচিত্ৰ্যতাৰ বাবে জনাজাত, য’ত প্ৰায় ৩৫০ প্ৰজাতিৰ সাপ পোৱা যায় । ভাৰতবৰ্ষৰ প্ৰতিটো কোণত সাপ পোৱা যায়, কেৰালাক সৰ্বাধিক সাপ পোৱা ৰাজ্য হিচাপে জনা যায় । সৰ্বাধিক সাপৰ প্ৰজাতি কেৰালাত পোৱা যায়, সেয়েহে ইয়াক সাপৰ ঘৰ বুলিও কোৱা হয় । কিন্তু আপুনি জানেনে যে দেশত এনে এখন ঠাই আছে য’ত এটাও সাপ পোৱা নাযায় ?

আমি প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাহিৰেও আন কাৰণতো পৰিচিত লক্ষদ্বীপৰ কথা কৈছোঁ । এই কেন্দ্ৰীয় শাসিত অঞ্চলটোক সাপমুক্ত বুলি কোৱা হয় আৰু ই এই অনন্য পৰিচয়ৰ বাবে জনাজাত । এই স্থানৰ বিশেষত্ব তথা আকর্ষণীয় তথ্যৰ বিষয়ে জানক-

সাপমুক্ত লক্ষদ্বীপঃ ভাৰতৰ এক অনন্য স্থান-

লক্ষদ্বীপৰ উদ্ভিদ আৰু প্ৰাণীৰ তথ্য অনুসৰি, লক্ষদ্বীপ হৈছে একমাত্ৰ অঞ্চল য’ত সাপ পোৱা নাযায় । লক্ষদ্বীপ হৈছে ৩৬টা সৰু সৰু দ্বীপৰে গঠিত এটা গোট, যি অনন্য ভৌগোলিক আৰু পৰিৱেশগত অৱস্থাৰ বাবে সাপৰ পৰা মুক্ত ।

কেন্দ্ৰীয় শাসিত অঞ্চলৰ অনন্য গঠন-

মুঠ ৩২ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত লক্ষদ্বীপৰ জনসংখ্যা প্ৰায় ৬৪,০০০ । ইয়াৰ ৯৬% জনসংখ্যা মুছলমান, বাকীসকল হিন্দু, বৌদ্ধ আৰু অন্য ধৰ্মৰ লোক । এই কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাত্ৰ ১০টা দ্বীপত জনবসতি আছে ।

কেৱল সাপেই নহয় ইয়াত কুকুৰো পোৱা নাযায়-

লক্ষদ্বীপৰ আন এক বিশেষত্ব হ’ল ইয়াত কুকুৰো পোৱা নাযায় । ইয়াক সাপ আৰু কুকুৰ মুক্ত কৰি ৰখাৰ বাবে প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । এই কাৰণেই লক্ষদ্বীপক ৰেবিজ মুক্ত ৰাজ্যৰো মৰ্যাদা দিয়া হৈছে ।

অনন্য বন্যপ্ৰাণী আৰু পৰিৱেশ-

লক্ষদ্বীপত চাইৰেনিয়া বা ‘সাগৰীয় গায়’ৰ দৰে বিৰল প্ৰাণী পোৱা যায় । এই জীৱবোৰ বিলুপ্তিৰ পথত আৰু এই অঞ্চলৰ পৰিৱেশৰ স্বকীয়তাক প্ৰতিফলিত কৰে । ইয়াত বিশেষকৈ পিট্টি দ্বীপত কাউৰীৰ সংখ্যাও যথেষ্ট বেছি ।

পৰ্যটনৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু-

লক্ষদ্বীপৰ অনন্য সংস্কৃতি, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু প্ৰাকৃতিক সৌন্দৰ্য্যই ইয়াক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিছে । ইয়ালৈ অহা পৰ্যটকসকলক কুকুৰ বা অন্যান্য নিষিদ্ধ জীৱ-জন্তু আনিবলৈ দিয়া নহয়, যাৰ বাবে ৰাজ্যখনৰ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষিত হৈ আছে ।

সাপমুক্ত হোৱাৰ কাৰণ-

লক্ষদ্বীপৰ ভৌগোলিক গঠন আৰু সাগৰে আগুৰি থকাৰ বাবে সাপ ইয়ালৈ আহিব নোৱাৰে । এই অনন্য পৰিস্থিতিয়ে ইয়াক ভাৰতৰ আটাইতকৈ সুকীয়া ৰাজ্য কৰি তুলিছে ।