বাংলাদেশত শ্বেখ হাছিনৰ পদত্যাগ আৰু নিৰ্বাসনৰ পিছত সংখ্যালঘু বিশেষকৈ হিন্দুসকলৰ ওপৰত অত্যাচাৰৰ অভিযোগ অবিৰতভাৱে অব্যাহত আছে । হিন্দু পৰিয়ালৰ বাহিৰেও ঘৰ, মন্দিৰ, ব্যৱসায়িক প্ৰতিষ্ঠানত লক্ষ্য কৰি আক্ৰমণৰ অভিযোগ ধাৰাবাহিকভাৱে চৰ্চালৈ আহিছে । শনিবাৰে ৰাজধানী ঢাকাত পুনৰ শ শ প্ৰতিবাদকাৰীয়ে ইয়াৰ বিৰুদ্ধে সমদল বাহিৰ কৰে ।
সংখ্যালঘু সম্প্ৰদায়সমূহে হিংসা আৰু অত্যাচাৰৰ সন্মুখীন হ’বলগীয়া হৈছে-
চলিত বৰ্ষৰ আগষ্ট মাহত শ্বেখ হাছিনাক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ পিছত হিংসা আৰু ভাবুকিৰ সন্মুখীন হোৱা হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলক সুৰক্ষাৰ দাবীত বহু লোকে এই পদযাত্ৰাত অংশ লয় । এই সমাৱেশৰ আয়োজকসকলে সংখ্যালঘুসকলৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰাৰ লগতে শাসন ব্যৱস্থাত সংখ্যালঘুসকলৰ নূন্যতম প্ৰতিনিধিত্ব সুনিশ্চিত কৰিবলৈ অন্তৱৰ্তীকালীন চৰকাৰক আঠ দফীয়া অনুৰোধ জনায় ।
হিন্দু নাগৰিক নেতা চাৰু চন্দ্ৰ দাস ব্ৰহ্মচাৰীয়ে সংবাদ সংস্থাক কয় যে, “অন্তৱৰ্তীকালীন চৰকাৰৰ পৰামৰ্শদাতা পৰিষদে সংখ্যালঘুসকলে ভুগিবলগীয়া হোৱা দুখ-কষ্ট স্বীকাৰ নকৰাটো অত্যন্ত দুখজনক । হিন্দুসকলৰ মন্দিৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ঘৰত হিন্দুসকলৰ ওপৰত অত্যাচাৰ হোৱা দেখিছোঁ ৷” মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা অন্তৱৰ্তীকালীন প্ৰশাসনে হিন্দুসকলৰ বিৰুদ্ধে চলি থকা এই ঘটনাসমূহক স্বীকাৰ কৰি গৰিহণা দিছে ।
অন্তৱৰ্তীকালীন চৰকাৰে হিন্দুৰ ওপৰত আক্ৰমণ কৰাক স্বীকাৰ কৰিছে-
অৱশ্যে ইউনুছ চৰকাৰেও বহুকেইটা আক্ৰমণ ধৰ্মীয় উদ্দেশ্যতকৈ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলিও কৈছে । তেতিয়াৰ পৰাই অবিৰত বিক্ষোভসমূহে আক্ৰমণ অব্যাহত থকাৰ ইংগিত দিয়ে আৰু ইউনুছৰ প্ৰশাসনৰ পৰা ব্যৱস্থা গ্ৰহণৰ দাবী কৰে ।
প্ৰতিবাদত অংশগ্ৰহণ কৰা ১৯ জন সংখ্যালঘুৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ-
শেহতীয়াকৈ বাংলাদেশত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে যেতিয়া চট্টগ্ৰামত সংখ্যালঘুৰ অধিকাৰৰ বাবে পূৰ্বে কৰা প্ৰতিবাদত অংশগ্ৰহণ কৰা ১৯ জন লোকৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰা হৈছিল । প্ৰতিবাদকাৰীসকলে বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত কেশৰ প্ৰতীকযুক্ত হিন্দু ধৰ্মৰ পতাকাখনক ৰাখি অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰিছিল । ঢাকাৰ প্ৰতিবাদৰ আয়োজক সমিতিৰ সদস্য চিৰঞ্জন গোস্বামীয়ে কয় যে-আমাৰ নেতাসকলৰ বিৰুদ্ধে দেশদ্ৰোহৰ মিছা অভিযোগ উত্থাপন কৰাৰ বাবে চৰকাৰৰ উদ্দেশ্যক লৈ সন্দেহ প্ৰকাশ কৰিছো ।
ঢাকাৰ পূৰ্বে চট্টগ্ৰামত বৃহৎ বিক্ষোভ আৰু পদযাত্ৰাৰ ঘোষণা-
শনিবাৰে ঢাকাত অনুষ্ঠিত হোৱা প্ৰতিবাদৰ পূৰ্বে চট্টগ্ৰামত এক বৃহৎ সমাৱেশ অনুষ্ঠিত হয়, য’ত ১০ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে । সংখ্যালঘু সম্প্ৰদায়ৰ নেতাসকলে অনাগত সপ্তাহত অতিৰিক্ত বিক্ষোভৰ পৰিকল্পনা ঘোষণা কৰিছে । আগষ্ট মাহত হেলিকপ্টাৰেৰে ভাৰতত উপস্থিত হৈছিল ৭৭ বছৰীয়া শ্বেখ হাছিনা । কাৰণ শ্বেখ হাছিনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লোকসকলে ঢাকাৰ ৰাজপথ ভৰি পৰিছিল ।