ইজৰাইলী সেনাই হামাচৰ মুৰব্বী আৰু শ শ সেনাক হত্যা কৰাৰ পিছতো গাজাত ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে।বৃহস্পতিবাৰে, ইজৰাইলী সেনাই পুনৰ মধ্য গাজাৰ শৰণাৰ্থী শিবিৰত বোমাবর্ষণ কৰে। এই আক্ৰমণত কমেও ১৬ জন লোকৰ মৃত্যু হৈছে।আনহাতে বহু সংখ্যক লোক আহত হোৱা বুলি জানিব পৰা গৈছে ।কোৱা হৈছে যে ইজৰাইলী সেনাই গাজাৰ এখন বিদ্যালয়ত আক্ৰমণ কৰিছিল, য’ত এটা শৰণাৰ্থী শিবিৰ নিৰ্মাণ কৰা হৈছিল।অৱশ্যে, ইজৰাইলী সেনাৰ মতে, এই শিবিৰবোৰ হামাস উগ্ৰপন্থীয়ে ব্যৱহাৰ কৰি আছে। শৰণাৰ্থী শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয়খন বৃহস্পতিবাৰে ইজৰাইলী বাহিনীয়ে আক্ৰমণ কৰিছিল।আক্ৰমণত আহত সকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়।