ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ দুবছৰৰো অধিক সময় পাৰ হৈ গ’ল। এই যুদ্ধখন আন্তৰ্জাতিক পৰ্যায়ত, আটাইতকৈ ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। এতিয়া যুদ্ধক লৈ আহিছে আন এক তথ্য, যাক লৈ ৰাষ্ট্ৰসংঘৰ উত্তেজনা আৰু বৃদ্ধি পাইছে। ৰাষ্ট্ৰসংঘই মঙলবাৰে (২২ অক্টোবৰ, ২০২৪) দিয়া তথ্য অনুসৰি এই দুবছৰত ইউক্ৰেইনৰ জনসংখ্যা প্ৰায় ৮ নিযুত হ্ৰাস পাইছে আৰু ২০১৪ চনৰ পৰা এক কোটি লোক হ্ৰাস পাইছে। ৰাছিয়াই প্ৰথমবাৰ ২০১৪ চনত ইউক্ৰেইনত আক্ৰমণ কৰিছিল। অৱশ্যে,ৰাষ্ট্ৰসংঘই দিয়া প্ৰতিবেদনখনত এইটোও উল্লেখ আছে যে এই সংখ্যাটো লোকপিয়লৰ পৰা লোৱা হোৱা নাই। এই সময়ছোৱাত ইউক্ৰেইনত কোনো লোকপিয়ল হোৱা নাই।অফিচ ফৰ নেচনেল ষ্টেটিষ্টিক্সৰ মতে, ২০১৪ চনত ইউক্ৰেইনৰ জনসংখ্যা আছিল ৪৫ নিযুত। সেই সময়ত ৰাছিয়াই কেৱল ক্ৰিমিয়া দখল কৰিছিল, কিন্তু ২০২২ চনৰ ফেব্ৰুৱাৰীত ৰাছিয়াৰ আক্ৰমণ ভয়ংকৰ হৈছিল। সমগ্ৰ ইউক্ৰেইনৰ ওপৰত এই আক্ৰমণ হৈছিল আৰু সেই সময়ত জনসংখ্যা ৪৩ নিযুতলৈ হ্ৰাস পাইছিল, কিন্তু ২০২৪ চনলৈ এই সংখ্যা ৩৫ নিযুত হৈছেগৈ ।ফ্লৰেন্স বাউৰে এটা সাক্ষাৎকাৰ কৈছিল যে জনসংখ্যাৰ এই পৰিৱৰ্তনৰ বাবে বহুতো কাৰক দায়ী।তেওঁ লগতে কয় যে “সৰ্বনিম্ন জন্ম হাৰথকা ইউৰোপীয় দেশসমূহৰ ভিতৰত ইউক্ৰেইন এখন। ইয়াত, গড় হিচাপত, এগৰাকী মহিলাই কেৱল এটা সন্তান জন্ম দিয়ে। এইটো গোটেই পৃথিৱীৰ সৰ্বনিম্ন জন্মহাৰ”। ইউক্ৰেইনৰ জনসংখ্যা হ্ৰাস পোৱা বিষয়ে এতিয়া সকলোকে আচৰিত কৰিছে।