আমাৰ শৰীৰৰ বাবে পানী কিমান গুৰুত্বপূৰ্ণ আমি সকলোৱে জানো । আমাৰ ছাল, চুলি উজ্জ্বল কৰি ৰখা আৰু পাচনতন্ত্ৰ শক্তিশালী কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ইয়াৰ উপৰিও ইলেক্ট্ৰলাইটৰ ভাৰসাম্য আৰু ৰক্তচাপ বজাই ৰখা, শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰা আদি আন উপকাৰো পানীৰ পৰা লাভ কৰা যায় । কিন্তু এই সকলোবোৰ স্বাস্থ্য উপকাৰ তেতিয়াহে সম্ভৱ হ’ব যেতিয়া আপুনি পানী খোৱাৰ সঠিক পদ্ধতি গ্ৰহণ কৰে । হয়, বহুতে থিয় হৈয়েই পানী খাবলৈ আৰম্ভ কৰে, যাৰ ফলত উপকাৰৰ পৰিৱৰ্তে শৰীৰৰ ক্ষতি হয় । সেয়েহে আপুনি জানি লওক পানী খোৱাৰ সঠিক উপায় কি ।
পানী খোৱাৰ সঠিক উপায় কি ?
বহি বহি পানী খালে আপোনাৰ বাবে উপকাৰী প্ৰমাণিত হয় । ইয়াৰ ফলত হজম শক্তি উন্নত হয় । ইয়াৰ বাহিৰেও পানী চুমুক দি খাব লাগে । ইয়াৰ ফলত পানী সঠিক পদ্ধতিৰে শৰীৰত প্ৰৱেশ কৰে ।
থিয় হৈ পানী খোৱাৰ অসুবিধা-
থিয় হৈ থকা অৱস্থাত পানী খালে পোনে পোনে পেটত উপনীত হয়, যাৰ ফলত পাচনতন্ত্ৰত প্ৰভাৱ পৰিব পাৰে । যাৰ বাবে আপোনাৰ হজম প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব পাৰে ।
ইয়াৰ ফলত গেষ্ট্ৰিক এচিডৰ সমস্যাও হ’ব পাৰে যাৰ ফলত পেটত জ্বলা-পোৰা আৰু বদহজম হ’ব পাৰে ।
ইয়াৰ বাহিৰেও থিয় হৈ পানী খোৱাৰ ফলত তেজ স্বাভাৱিকতকৈ পৃথক হৈ পৰিব পাৰে, যাৰ ফলত শৰীৰত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে । গতিকে আজিৰ পৰাই পানী খোৱাৰ ধৰণ সলনি কৰিব লাগে ।