মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৱে মালদ্বীপত ভাৰতৰ ইউ পি আই সেৱা আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । দেশখনৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে এই পদক্ষেপে মালদ্বীপৰ অৰ্থনীতিত লাভৱান কৰিব বুলি আশা কৰা হৈছে । ভাৰতৰ ইউ পি আই সুবিধাৰ জৰিয়তে উন্নত বিত্তীয় লেনদেন আৰু ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত মালদ্বীপে সহায় লাভ কৰিব ।
কেবিনেট বৈঠকত অৰ্থনৈতিক উন্নয়ন আৰু বাণিজ্য মন্ত্ৰীয়ে দাখিল কৰা পত্ৰখনৰ ওপৰত গভীৰ আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । বিবৃতিটোত কোৱা হৈছে যে, “ৰাষ্ট্ৰপতি ড০ মুইজ্জুৱে মালদ্বীপত ইউ পি আই আৰম্ভ কৰিবলৈ এটা কনচৰ্টিয়াম গঠন কৰাৰ সিদ্ধান্ত লৈছে ।” মুইজ্জুৱে পৰামৰ্শ দিয়ে যে দেশত কাম কৰা বেংক, টেলিকম কোম্পানী, চৰকাৰী মালিকানাধীন কোম্পানী আৰু ফিনটেক কোম্পানীক কনচৰ্টিয়ামত অন্তৰ্ভুক্ত কৰা উচিত । তদুপৰি তেওঁ ট্ৰেডেনেট মালদ্বীপ কৰ্পৰেশ্যন লিমিটেডক কনচৰ্টিয়ামৰ মুখ্য এজেন্সী হিচাপে নিযুক্তি দিয়ে ।
ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে প্ৰদান কৰা তথ্য অনুসৰি, মালদ্বীপত ইউ পি আই-ৰ কাৰ্যকৰীকৰণ তদাৰক কৰিবলৈ অৰ্থনৈতিক উন্নয়ন আৰু বাণিজ্য মন্ত্ৰালয়ৰ নেতৃত্বত এটা আন্তঃ-সংস্থা সমন্বয়কাৰী দল গঠন কৰাৰ সিদ্ধান্তও লোৱা হৈছে । এই দলটোত বিত্ত মন্ত্ৰালয়, গৃহ মন্ত্ৰালয়, প্ৰযুক্তি মন্ত্ৰালয় আৰু মালদ্বীপৰ মুদ্ৰা কৰ্তৃপক্ষ অন্তৰ্ভুক্ত থাকিব ।
চলিত বৰ্ষৰ আগষ্ট মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰৰ এই ভ্ৰমণৰ সময়ত মালদ্বীপ আৰু ভাৰতে দ্বীপ ৰাষ্ট্ৰখনত ইউ পি আই ৰূপায়ণৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল । ভাৰতীয় নেচনেল পেমেণ্টছ কৰ্পৰেশ্যনে পৰিচালিত বিত্তীয় আন্তঃপৃষ্ঠ ভাৰতৰ বাহিৰৰ আন বহু দেশত ইতিমধ্যে ব্যৱহাৰ কৰা হৈছে । সংযুক্ত আৰব আমিৰশ্বাহী, শ্ৰীলংকা, ফ্ৰান্স, মালয়েছিয়া, ছিংগাপুৰ, নেপাল, ব্ৰিটেইন আৰু মৰিচাছত ইউ পি আই ব্যৱহাৰ কৰা হয় । একে সময়তে অতি সোনকালে এই দেশসমূহৰ তালিকাত মালদ্বীপৰ এটা নতুন নাম সংযোজন হ’বলৈ গৈ আছে ।