নিজৰ মুখ দেখুৱালেই সম্ভৱ হ’ব UPI পেমেন্ট; আহিব বিশেষ ফিচাৰ

নিজৰ মুখ দেখুৱালেই সম্ভৱ হ’ব UPI পেমেন্ট

NPCI অৰ্থাৎ ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগম আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)এ UPI ব্যৱহাৰকাৰীৰ বাবে নতুন ফিচাৰ ঘোষণা কৰা হৈছে।UPI পেমেণ্ট কৰাৰ সময়ত ব্যৱহাৰকাৰীক পিনৰ প্ৰয়োজন নহ’ব।

এতিয়াৰে পৰা ব্যৱহাৰকাৰীসকলেও নিজৰ মুখ দেখুৱাই ইউপিআই পেমেণ্ট কৰিব পাৰিব। কিন্তু এই ফিচাৰৰ জৰিয়তে লেনদেন কৰাৰ বাবে এটা সীমা নিৰ্ধাৰণ কৰা হৈছে।

NPCI এ ইউপিআই ব্যৱহাৰকাৰীৰ বাবে বায়’মেট্ৰিক ফিচাৰ ঘোষণা কৰা হৈছে।ইয়াৰ উপৰিও এতিয়া ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ স্মাৰ্ট চশমাৰ জৰিয়তেও ইউপিআই পেমেণ্ট কৰিব পাৰিব।

এই দুয়োটা ফিচাৰ ব্যৱহাৰকাৰীসকলৰ বাবে ইউপিআই আৰু সহজ কৰি তুলিবলৈ কৰা হৈছে। NPCI ৰ এই ফিচাৰসমূহক শীঘ্ৰেই গুগল পে, ফোনপে, পেটিএমৰ দৰে এপত ব্যৱহাৰ কৰিব পাৰি। মানুহে ধন পৰিশোধ কৰিবলৈ পিনৰ সলনি নিজৰ মুখ বা আঙুলিৰ ছাপ ব্যৱহাৰ কৰিব পাৰিব।

NPCI এ বায়’মেট্ৰিক বৈশিষ্ট্যৰ বাবে ইউপিআই পেমেণ্ট লিমিট ৫ হাজাৰ টকাৰ সীমা নিৰ্ধাৰণ কৰা হৈছে, অৰ্থাৎ বায়’মেট্ৰিক ভেৰিফিকেশন ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীয়ে মাত্ৰ ৫,০০০ টকা পৰ্যন্ত ইউপিআই পেমেণ্ট কৰিব পাৰিব।

বৰ্তমান সৰু লেনদেনৰ বাবে ব্যৱহাৰকাৰীসকলে এই বৈশিষ্ট্যৰ দ্বাৰা উপকৃত হ’ব। পেমেণ্ট কৰিবলৈ তেওঁলোকে বাৰে বাৰে পিন দিয়াৰ প্ৰয়োজন নহ’ব।

লগতে পঢ়ক: ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা