বৃহস্পতিবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে নয়াব সিং ছৈনীয়ে । আজি পঞ্চকুলাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় । এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীও উপস্থিত থাকে । লগতে বিজেপি শাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলো উপস্থিত আছিল এই অনুষ্ঠানত ।
মুখ্যমন্ত্ৰী ছৈনীৰ লগতে আন ১৩ জন বিধায়কে এই অনুষ্ঠানতে মন্ত্ৰী পদৰ শপত গ্ৰহণ কৰে । তেওঁলোকৰ ভিতৰত, অনিল ভিজে প্ৰথমে শপত গ্ৰহণ কৰে । তেওঁৰ উপৰিও মহিপাল ধাণ্ডা আৰু আন কেইবাজনো বিধায়কে ছৈনী চৰকাৰৰ মন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰে ।
উল্লেখ্য যে, এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ লগতে অমিত শ্বাহ, ৰাজনাথ সিং, মনোহৰ লাল খট্টৰকে ধৰি বহু বিজেপি নেতা উপস্থিত থাকে । ইয়াৰ উপৰিও বিজেপি শাসিত বহু ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দলৰ জ্যেষ্ঠ নেতাসকলো মঞ্চত উপস্থিত থাকে । ইয়াৰ বাবে পঞ্চকুলাত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । নয়াব সিং ছৈনী দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১২ মাৰ্চত তেওঁ প্ৰথমবাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈছিল ।
বিগত ১০ বছৰ ধৰি শাসনত থকা বিজেপিয়ে এইবাৰ হাৰিয়ানাত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছে । তেওঁলোকে ৰাজ্যখনৰ ৯০ খন আসনৰ ভিতৰত ৪৮ খনত তেওঁলোকৰ বিজয় সাব্যস্ত কৰে । ইফালে, কংগ্ৰেছে ৩৭ খন আসনত জয় লাভ কৰে ।